বোকাখাতত প্ৰতিষ্ঠানিক কোৱাৰেণ্টাইন শেষ কৰি স্ব-গৃহলৈ যোৱা এজন যুৱকৰ শৰীৰত কভিড–১৯ৰ উপস্থিতি ধৰা পৰা ঘটনাই আজি সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
কভিড–১৯ৰ উপস্থিতি ধৰা পৰা যুৱকজনৰ নাম সাধন দাস। ঘৰ বোকাখাত মহকুমাৰ কুৰুৱাবাহীৰ ৰঙাগড়া পাৰ গাঁৱত।
গুজৰাটৰ পৰা অহা সাধন দাস বিগত ১৫দিন বোকাখাতৰ চি এন বি মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত আছিল৷ কোৱাৰেণ্টাইনৰ সময় শেষ হোৱাত ১০ জুনত যুৱকজনক চৰকাৰী গাড়ীৰে ৰঙাগড়া পাৰৰ নিজা ঘৰত থৈ আহিছিল বোকাখাতৰ মহকুমা প্ৰশাসনে।
কিন্তু আজি দুপৰীয়া যুৱকজনক বোকাখাতৰ আৰক্ষীয়ে মহকুমা দণ্ডাধীশৰ উপস্থিতিত ১০৮ এম্বুলেঞ্চেৰে গোলাঘাটলৈ প্ৰেৰণ কৰাত সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি হয়। যোৱা নিশা যুৱকজনে পৰিয়ালৰ লগত কটোৱাৰ লগতে বন্ধুৰ লগত সন্ধ্যা কেৰম ব’ৰ্ড খেলিছিল।
মহকুমা প্ৰশাসনে সম্প্ৰতি সাধন দাসৰ বাসগৃহক কণ্টেইনমেন্ট জ’ন হিচাবে ঘোষণা কৰিছে। সাধন দাসৰ কভিড–১৯ৰ ফলাফল যদি অহাই নাছিল তেন্তে যুৱকজনক প্ৰশাসনে কিয় স্ব-গৃহত থৈ গৈছিল বুলি স্থানীয় লোকে প্ৰশ্ন তুলিছে।
উল্লেখযোগ্য্ যে, কুৰুৱাবাহী তিনি আলিটো স্ব-গৃহত কোৱাৰেণ্টাইনত থকা নিধি গুপ্তা নামৰ এগৰাকী ছাত্ৰীৰ শৰীৰতো কভিড–১৯ ধৰা পৰিছিল। সম্প্ৰতি সাধন দাস আৰু নিধি গুপ্তাক গোলাঘাটত চিকিৎসা কৰি থকা হৈছে।
ৰাজ্যত বৰ্তমানলৈকে কভিড-১৯ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৩৩১৯ লৈ বৃদ্ধি পাইছে। আজিৰ দিনটোত বাতৰি লিখা সময়লৈকে ৩৪ গৰাকী লোকৰ শৰীৰত কভিড-১৯ ধৰা পৰে।