• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেনে আছে ভায়ামামা কৌতুক গোষ্ঠীৰ শিল্পীৰ পৰিয়াল?

গোৱালপাৰাৰ ওপৰতোলা গাঁৱৰ "ভায়া দা" হিচাপে খ্যাত ধ্ৰুৱজিৎ কিশোৰ চৌধুৰীৰ পৰিয়ালত হাহাঁকাৰ

নীলমণি শৰ্মা by নীলমণি শৰ্মা
June 18, 2020 6:47 am
index
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আশী আৰু নব্বৈৰ দশকৰ কথা সেই সময়ত ভায়ামামা বুলি ক’লে হয়তো নজনা মানুহ নাছিলে৷

কমেডি জগতৰ “ভায়ামামা” কৌতুক গোষ্ঠীৰ  হয়তো অসমৰ সৰ্ব প্ৰথম কৌতুক গোষ্ঠী, ভায়ামামা কৌতুক গোষ্ঠীৰ শিল্পী সকলোৰ অভিনয়ে নহঁহা জনকো হহুৱাবলৈ সক্ষম হৈছিল৷সকলোকে হহুৱাই হহুৱাই এই সংসাৰৰ পৰা বিদায় লোৱা  ভায়া মামাৰ “ভায়া দা”খ্যাত  ধ্ৰুৱজিৎ কিশোৰ চৌধুৰীৰ পৰিয়ালত এতিয়া হাহাঁকাৰ৷

Apply Now

তীব্ৰ আৰ্থিক সংকটত অভিনয় শিল্পীৰ পৰিয়ালৰ সদস্যই এতিয়া চকুৰপানীৰে বাট নেদেখা অৱস্থা৷ চৰকাৰী আঁচনি আৰু সাহায্যৰ পৰাও বঞ্চিত অভিনেতাৰ পৰিয়াল৷ ঘৰতে ক্ষুদ্ৰ দোকান দি কোনোমতে জীৱনটো চলাইছে পৰুষহীন পৰিয়ালৰ সদস্যাই৷

 আপোনালোকৰ নিশ্চয় মনত আছে! যি কৌতুক গোষ্ঠীয়ে সমগ্ৰ ৰাজ্যৰ শ্ৰোতা দৰ্শকক হাঁহিৰ খোৰাক যোগাই অহাৰ লগতে বলিষ্ঠ অভিনয় আগবঢ়াই প্ৰখ্যাত হৈ পৰিছে বহু অভিনয় শিল্পীয়ে৷

তাৰ উদাহৰণ গোৱালপাৰাৰ গৌৰৱ বলিউদৰ প্ৰখ্যাত অভিনেতা ‘আদিল হুছেইন’৷ কিন্তু সেই সময়চোৱাত বলিষ্ঠ অভিনয়ৰে কমেডী জগতত খলকনি তোলা অভিনয় শিল্পীৰ পৰিয়াল বৰ্তমান কেনে আছে?

১৯৯৯ চনত এক কৰুণ দুৰ্ঘটনাত নিহত হোৱা ভায়ামামা কৌতুক গোষ্ঠীৰ শিল্পীৰ পৰিয়ালৰ খবৰ নাই অসম চৰকাৰ তথা সাংস্কৃতিক বিভাগৰ।

গোৱালপাৰা জিলা কৃষ্ণাইৰ পৰা প্ৰায় পোন্ধৰ কিলোমিটাৰ মান আঁতৰৰ ভিতৰুৱা গাঁও “ওপৰতোলাত” জন্ম হৈছিল ভায়ামামাৰ বলিষ্ঠ অভিনেতা ধ্ৰুৱজিৎ কিশোৰ চৌধুৰীৰ৷

অসমৰ ইতিহাসৰ প্ৰথম কমেডিয়ান গোষ্ঠী “ভায়ামামাৰ”এক বলিষ্ঠ চৰিত্ৰত অভিনয় কৰিছিল তেওঁ৷ ভায়ামামা কৌতুক গোষ্ঠীৰ প্ৰথম বাণিজ্যিক ভি,ডি,অ কেচেট  ভায়ামামাৰ বিহু, ভায়ামামাৰ ৰামায়ণ, ভায়ামামাৰ মহাভাৰত আদিৰ বিভিন্ন কমেডী চৰিত্ৰত অভিনয় কৰি দৰ্শকক হাঁহিৰ খোৰাক জগাইছিল তেওঁ৷

আনকি সেই সময়ত গোৱালপাৰাৰ গৌৰৱ বলিউদৰ বৰ্তমানৰ প্ৰখ্যাত অভিনেতা আদিল হুছেইনো অভিনয় কৰিছিল সেই ভায়ামামা কৌতুক গোষ্ঠীত৷শ্ৰোতা-দৰ্শক হঁহুৱাই থকা সেই গৰাকী কৌতুক অভিনেতা ধ্ৰুৱজিৎ কিশোৰ চৌধুৰীৰ পৰিয়ালৰ দুৰৱস্থা দেখিলে আজি সকলোৱে কান্দিব৷

ঘৰ বুলিবলৈ ক্ষুদ্ৰ ক্ষুদ্ৰ দুটা জৰাজীৰ্ণ জুপুৰি৷ লাভ কৰা নাই কোনো চৰকাৰী আঁচনিৰ সাহায্য৷ বৰ্তমানলৈ নাই ৰেচন কাৰ্ড৷ ইমানে দূৰ্ভগীয়া যে  ল’কডাউনৰ সময়ত চৰকাৰৰ দিয়া এহেজাৰ টকাৰ পৰাও বঞ্চিত হৈছে পৰিয়ালটো৷

কোনো পৰুষ সদস্য নথকা পৰিয়ালটোত আছে প্ৰয়াত শিল্পী গৰাকীৰ বৃদ্ধ মাতৃৰ লগতে তেওঁৰ তিনি গৰাকী ভগ্নী৷ বৃদ্ধ মাতৃৰ চিকিৎসাৰ বাবেও সময়ে সময়ে বিপদত পৰে তেওঁলোক৷

শিল্পী গৰাকীৰ মৃত্যুৰ পিছত পত্নীয়েও পতি গৃহ এৰি যোৱাৰ পিছত দুই ভগ্নীৰ সামান্য উপাৰ্জনৰে কোনোমতে চলি আছেপৰিয়ালটো৷

এগৰাকী ভগ্নীয়ে ঘৰতে এখন ক্ষুদ্ৰ দোকান দিয়াৰ লগতে এগৰাকী ভগ্নীয়ে এখন ব্যক্তিগত বিদ্যালয়ত শিক্ষকতা কৰি কোনো মতে চলাই আছে পৰিয়ালটো৷

কিন্তু অসহায় পৰিয়ালটোৰ কাষত থিয় দিবনে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে? সেয়ে চৰকাৰৰ সহযোগ কামনা কৰিছে এতিয়া পৰিয়ালৰ লোকে ৷

নীলমণি শৰ্মা

নীলমণি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd