• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কন্দৰ্প নাথ শৰ্মা আৰু ঝৰ্ণা শইকীয়ালৈ ৰাজ্য চৰকাৰৰ বিষ্ণু ৰাভা বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 18, 2020 9:38 am
ফটো উৎস : জনমভূমি

ফটো উৎস : জনমভূমি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ বিশিষ্ট চিত্রশিল্পী কন্দর্প নাথ শর্মা আৰু বিশিষ্ট নৃত্যশিল্পী, অভিনেত্রী ঝর্ণা শইকীয়াক অসম চৰকাৰে ২০২০ বর্ষৰ সন্মানীয় বিষ্ণু ৰাভা বঁটা আগবঢ়াইছে৷

অসম চৰকাৰে প্রতি বছৰে কলাগুৰু বিষ্ণু প্রসাদ ৰাভাৰ স্মৃতিত ৰাভা দিৱসৰ দিনা দুজনকৈ শিল্পকলাৰ সৈতে জড়িত লোকক এই বঁটা প্রদান কৰি আহিছে।

Apply Now

চলিত বছৰৰ এই বঁটা অহা ২০ জুনত ডিব্রুগড় জিলাৰ আউনীআটি সত্রৰ শাখাৰ প্রেক্ষাগৃহত অনুষ্ঠিত হ’ব লগীয়া কেন্দ্রীয় ৰাভা দিৱসৰ অনুষ্ঠানত মুখ্য মন্ত্রী সর্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে প্রদান কৰিব৷

এই বঁটাৰ সৈতে আছে নগদ ২ লাখ টকাৰ লগতে প্রশস্তি পত্র আৰু অংগ বস্ত্র৷

উল্লেখযোগ্য যে বঁটাপ্রাপক বিশিষ্ট চিত্রশিল্পী কন্দর্প নাথ শর্মাৰ জন্ম ১৯৪৮ চনৰ ১০ জানুৱাৰীত গুৱাহাটীৰ কামাখ্যাত৷ গুৱাহাটীৰ চাৰু কাৰু কলা মহাবিদ্যালয়ত কেইবাবছৰ ধৰি শিক্ষকতা কৰাৰ পাছত ১৯৯১-৯৬ চনলৈ তেওঁ মহাবিদ্যালয়খনৰ অধ্যক্ষৰ দায়িত্ব পালন কৰে৷

১৯৭০ চনৰপৰা বর্তমানলৈ বিশিষ্ট চিত্রশিল্পীজনে গুৱাহাটীৰ কামাখ্যা বালক প্রাথমিক বিদ্যালয়, ৰবীন্দ্র ভৱন, কটন কলেজ, ৰাজ্যিক কলাবীথিকা আদি বিভিন্ন স্থানত বহুকেইখন একক আৰু দলীয় চিত্র প্রদর্শনীত অংশ গ্রহণ কৰিছে৷

১৯৯৩ চনত নৰৱেত আয়োজিত ইণ্টাৰনেশ্যনেল গ্রেফী এগ৲জিবিশ্যন আৰু মুম্বাইৰ জাহাংগীৰ আর্ট গেলেৰীত আয়োজিত প্রদর্শনীতো তেওঁ অংশ গ্রহণ কৰিছিল৷

আনহাতে বিশিষ্ট নৃত্যশিল্পী, অভিনেত্রী ঝর্ণা শইকীয়াই ১৯৫৬ চনৰ পহিলা মার্চত শিলচৰৰ তাৰাপুৰত জন্মগ্রহণ কৰিছিল৷

১৯৭৪ চনত অসমীয়া বোলছবি ৰতনলালত নায়িকাৰ চৰিত্রত অভিনয় কৰি কলাপ্রেমীৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয়৷

তেওঁ ১৯৭৫ চনৰপৰা আকাশবাণী ডিব্রুগড় কেন্দ্রৰ স্বীকৃতিপ্রাপ্ত বি-হাই নাট শিল্পীৰূপে সমগ্র উত্তৰ পূর্বাঞ্চলতে লোকনৃত্য প্রদর্শন কৰাৰ উপৰি কেইবাখনো টেলিফিল্মত অভিনয় কৰি সকলোৰে প্রশংসা বুটলিবলৈ সক্ষম হয়৷

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু ডিব্রুগড় জিলা প্রশাসনৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত মুখ্য মন্ত্রী সোণোৱালৰ উপৰি কেন্দ্রীয় খাদ্য সংসাধন উদ্যোগ মন্ত্র্যালয়ৰ ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী, সাংস্কৃতিক মন্ত্রী নৱ কুমাৰ দলে, চাহ জনজাতি কল্যাণ মন্ত্রী সঞ্জয় কিষাণৰ লগতে আন কেইবাৰাকীও বিধায়ক আৰু বিষয়া উপস্থিত থাকিব৷

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd