• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চ্যুকাফা চীনা আক্ৰমণকাৰী! অসমীয়াৰ বুকুত কামোৰাৰ সাহস কৰা কোন এই গৰ্গ চেটাৰ্জী?

পশ্চিমবংগৰ বুদ্ধিজীৱীৰ বিৰুদ্ধে ডিব্ৰুগড়ত গোচৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 18, 2020 7:06 pm
Gorg Chatergee Final
800
VIEWS
Share on FacebookShare on Twitter

অসমীয়া জাতিৰ প্ৰতিষ্ঠাপক তথা আহোম ৰাজবংশৰ প্ৰথমগৰাকী স্বর্গদেউ চাওলুং চ্যুকাফাক চীনা আক্ৰমণকাৰী সজাই অসমীয়াৰ বুকুত পুনৰ কামোৰাৰ সাহস কৰিলে কলকাতাৰ বুদ্ধিজীৱী গৰ্গ চেটাৰ্জীয়ে।

কালি নিশা প্ৰায় ৯:১৪ ত টুইটাৰযোগে গর্গই  চ্যুকাফাক চীনা আক্ৰমণকাৰী আখ্যা দিয়াৰ লগতে তাচ্ছিল্যসূচক মন্তব্য কৰে।

‘ভাৰতত এখন ৰাজ্য আছে য’ত অসম বিজেপিয়ে ‘ৰাজ্য দিৱস’ৰ দিনটোত চীনা আক্ৰমণকাৰীক শ্ৰদ্ধা জনায়। যিজনে ভাৰতক চীনা সৈন্য লগত লৈ অতি নৃশংসভাৱে আক্ৰমণ কৰিছিল। এইজন আক্ৰমণকাৰীক নায়ক সজাই ভাৰত বিৰোধী সশস্ত্ৰ সংগঠন আলফাই।‘ অসম সম্পৰ্কে সম্যক জ্ঞান নথকা তথাকথিত বুদ্ধিজীৱীগৰাকীয়ে প্ৰথম টুইটত এই দৰে লিখে।

অৱশ্যে, কিছু সময় পাছত তেওঁ এই পোষ্টটো ডিলিট কৰি তাতে ক্ষান্ত নাথাকি পুনৰ সৰ্বানন্দ সোণোৱালক উদ্দেশ্যি এটা টুইট লিখে বিতৰ্কিত বুদ্ধিজীৱীগৰাকীয়ে।

Why does @sarbanandsonwal regularly celebrate a Chinese invader and his invading army? Why does banned separatist group ULFA also celebrate the Chinese invader? Do real Indians know that Indian tax money is being used by BJP in Assam to put up statues of a Chinese invader?

— Garga Chatterjee (@GargaC) June 17, 2020

অসমক শত্ৰুজ্ঞান কৰা বিতৰ্কিত বুদ্ধিজীৱীগৰাকীয়ে দ্বিতীয় টুইটত লিখি কয়, ‘কি কাৰণত সৰ্বানন্দ সোণোৱালে নিয়মীয়াকৈ চীনা আক্ৰমণকাৰী আৰু তেওঁৰ সৈন্যবাহিনীৰ জন্মদিৱস উদযাপন কৰে? ঠিক সেইদৰে কিয় নিষিদ্ধ ঘোষিত সংগঠন আলফাই চীনা আক্ৰমণকাৰীসকলৰ দিৱস উদযাপন কৰে? কিয় বিজেপি চৰকাৰে ভাৰত চৰকাৰৰ ধন চীনা আক্ৰমণকাৰীৰ মূৰ্তি নিৰ্মাণ কৰাৰ নামত খৰচ কৰে?’

প্ৰশ্ন হয়, কেনেকৈ এই স্বয়ম্ভু বুদ্ধিজীৱীজনে বীৰ পুৰুষ হিচাপে অসমীয়াই শ-শ বছৰ শ্ৰদ্ধা জনাই অহা চ্যুকাফাক চীনা আক্ৰমণকাৰী সজাব পাৰিলে? কেনেকৈ এই বীৰ পুৰুষক চীনা আক্ৰমণকাৰী সজাই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিলৈ এই প্ৰশ্ন কৰিব পাৰিলে?

garg chetargee tweet
গৰ্গ চেটাৰ্জীৰ বিতৰ্কিত টুইট দুটাৰ স্ক্ৰীণশ্বট।

তাৰ পাছতো বৰ্তমানলৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৰাজ্যিক বিজেপি অথবা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

ইপিনে, এই কাণ্ডৰ পাছতে অভব্যতাৰ সীমা চেৰাই যোৱা গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে আজি ডিব্ৰুগড় সদৰ থানাত এক এজাহাৰ দিয়ে ভাস্কৰ জ্যোতি গগৈ নামৰ এজন যুৱকে।

Ejahar Copy
ডিব্ৰুগড়ৰ ভাস্কৰ জ্যোতি গগৈয়ে দাখিল কৰা এজাহাৰখন।

এজাহাৰৰ জৰিয়তে গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি উচিত শাস্তি প্ৰদানৰ বাবে দাবী জনায় গগৈয়ে।

উল্লেখযোগ্য যে, ২০১৯ চনৰ মে’ মাহত ছ’চিয়েল মিডিয়াযোগে চলো পাল্টাই-২০২১ শ্ল’গান ৰাজহুৱা কৰি ২০২১ত অসমৰ বাঙালীসকলক যুদ্ধৰ বাবে সাজু হ’বলৈ আহ্বান জনাই অসমত বিভাজন অনাৰ ষড়যন্ত্ৰত লিপ্ত হৈছিল গৰ্গ চেটাৰ্জীকে ধৰি তিনিজন বুদ্ধিজীৱীয়ে।

এইক্ষেত্ৰত জাতি-মাটি-ভেটি সুৰক্ষিত ৰখাৰ কথা কোৱা বিজেপি চৰকাৰে গৰ্গৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিছে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd