ধুবুৰী আৰক্ষীয়ে বৃহস্পতিবাৰে ডি এছ পি ত্ৰিণয়ন ভূঞাৰ নেতৃত্বত দাউবাগী আৰু বালাজানত অভিযান চলায় অস্ত্ৰ-শস্ত্ৰ সহ পাঁচ গৰাকী লোকক গ্ৰেপ্তাৰ কৰে।
অভিযানকালত আৰক্ষীয়ে এ এছ-১৫ জি-৪৪১০ নম্বৰৰ এখন চাৰিচকীয়া বাহন আৰু এখন দুচকীয়া বাহন জব্দ কৰে।
আৰক্ষীয়ে জব্দ কৰা বাহন দুখনৰ লগতে এটা ৭.৬৫ এম এম পিষ্টল, দুই ৰাউণ্ড সজীৱ গুলী, এটা এল পি জি চিলিণ্ডাৰ, এটা অক্সিজেন চিলিণ্ডাৰ, এটা লোহা কটা যন্ত্ৰ আৰু বিভিন্ন সামগ্ৰীয়ো উদ্ধাৰ কৰে।
গ্ৰেপ্তাৰ কৰা আটাইকেইজন লোকৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে।
”আমি তেওঁলোকক সোধ-পোছ অব্যাহত ৰাখিছো আৰু তেওঁলোকৰ ভবিষ্যত পৰিকল্পনা আৰু অতীতৰ ঘটনাৰাজি সন্দৰ্ভতো তদন্ত চলাই আছো,” ধুবুৰীৰ আৰক্ষী অধীক্ষক হিৰণ্য ভূঞাই কয়।