• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহানগৰীৰ মহা বিপদ! দৈনিক পাঁচ শতাধিককৈ আক্ৰান্ত ক’ৰ’নাত; কমি আহিছে চিকিৎসালয়ৰ বিচনা

ৰাজ্যত নতুনকৈ আক্ৰান্ত ৮১৪ গৰাকী, ইয়াৰে ৫৮৮ গৰাকীয়ে গুৱাহাটীৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 8, 2020 8:18 am
xcorona19-1589944874.jpg.pagespeed.ic.AKsoR7_3Mt

প্ৰতিনিধিত্বমূলক ফটো।

450
VIEWS
Share on FacebookShare on Twitter

মহানগৰীলৈ নামি আহিছে মহাবিপদ। যিমানেই ক’ভিড-১৯ ৰ টেষ্টৰ পৰিমাণ বাঢ়ি আহিছে সিমানেই বৃদ্ধি পাই আহিছে ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা।

যোৱা ৩-৪ দিনত দৈনিক অতি কমেও পাঁচ শতাধিককৈ লোক গণ সংক্ৰমণৰ বলি হৈ আক্ৰান্ত হৈছে ক’ৰ’নাত। যাৰ ফলত যোৱা ১৩ দিনত প্ৰায় ৪২০০ লোক আক্ৰান্ত হৈছে ক’ৰ’না ভাইৰাছত।

ৰাজ্যখনত নতুনকৈ আৰু ৮১৪ গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ। ইয়াৰে ৫৮৮ গৰাকীয়েই মহানগৰী গুৱাহাটীৰ।

ৰাজ্যখনত বৰ্তমান ক’ভিড-১৯ত আক্ৰান্ত ৰোগীৰ মুঠ সংখ্যা হৈছে ১৩৩৩৬ গৰাকী।

বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৪৯৮৮ গৰাকী।

ৰাজ্যখনত বৰ্তমানলৈ ৮৩২৯ গৰাকী আক্ৰান্ত ৰোগীয়ে আৰোগ্য লাভ কৰিছে।

সেইদৰে, অসমত এতিয়ালৈকে ক’ভিড-১৯ত আক্ৰান্ত হৈ ১৬ গৰাকী ৰোগীৰ মৃত্যু হৈছে।

মঙলবাৰে নিশা এটা টুইটৰ জৰিয়তে ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰিছে।

সোমবাৰৰ দিনটোত মুঠ ৭৬৫ গৰাকী লোক কোভিড-১৯ পজিটিভ হিচাপে চিনাক্ত হৈছিল। ইয়াৰে গুৱাহাটীৰ ৫৮৮ গৰাকী আছিল।

দেওবাৰে গুৱাহাটীত মুঠ ৫৫২ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল।

ইয়াৰ উপৰি শনিবাৰৰ দিনটোত সৰ্বাধিক ১২০২ গৰাকী ৰাজ্যত আক্ৰান্ত হোৱাৰ লগতে মহানগৰ গুৱাহাটীত ৭৭৭ গৰাকী আক্ৰান্ত হৈছিল।

গুৱাহাটীত ভয়ংকৰ ৰূপত গণ সংক্ৰমণ হোৱাৰ ফলত যোৱা ১৫ জুনৰ পৰা এতিয়ালৈকে প্ৰায় ৫০০০ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।

এনেধৰণৰ গণ সংক্ৰমণ হোৱাৰ ফলত এটা কথা নিশ্চিত যে মুম্বাই আৰু দিল্লীৰ স্থান দখল কৰিবলৈ বেছি সময়ৰ প্ৰয়োজন নহ’ব মহানগৰ গুৱাহাটীক।

উল্লেখযোগ্য যে, গুৱাহাটী মহানগৰীত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে সামাজিক (গণ) সংক্ৰমণ। যাৰ পৰিপ্ৰেক্ষিতত যোৱা ২৯ জুনৰ পৰা ১৪ দিনৰ বাবে সমগ্ৰ কামৰূপ মেট্ৰোত দিয়া হৈছে লকডাউন।

ইয়াৰ উপৰি, ৰাজ্যৰ অন্য টাউন এলেকাত প্ৰত্যেক সপ্তাহৰ শনিবাৰ দেওবাৰে ঘোষণা কৰা হৈছে লকডাউন।

লগতে সমগ্ৰ ৰাজ্যত সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭ বজালৈকে জাৰি কৰা হৈছে সান্ধ্য আইন।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd