• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উদ্বিগ্ন অখিল পত্নী: কাৰাৰুদ্ধ অখিলৰ অসুস্থতাক লৈ চৰকাৰলৈ চাৰিটা বাস্তৱ প্ৰশ্ন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 9, 2020 6:13 pm
WhatsApp Image 2020-07-09 at 5.56.07 PM

কৃষক নেতা অখিল গগৈৰ সৈতে পত্নী গীতাশ্ৰী তামূলী। ফাইল ফটো।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰাগাৰৰ ভিতৰত প্ৰচণ্ড জ্বৰ, মূৰৰ বিষত ভুগি থকা অখিল গগৈৰ দেহত কৰ’নাৰ উপসৰ্গ দেখা পোৱাৰ পাছতে কৃষক মুক্তি সংগ্ৰাম সমিতি, বিভিন্ন জাতীয়তাবাদী দল সংগঠনৰ নেতা আৰু তেওঁৰ শুভাকাংক্ষীসকল চিন্তিত হৈ পৰিছে।

এন্টিজেন টেষ্টত নিগেটিভ আহিল যদিও সাধাৰণ স্বাৱ টেষ্টৰ চূড়ান্ত ফলাফল বৰ্তমানো অহা নাই।

Apply Now

ইয়াকে লৈ এতিয়া উদ্বিগ্ন সকলো। তেনে সময়তে অখিল গগৈ কোভিড-১৯ পজিটিভ বুলি বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত চৰকাৰলৈ ফেচবুকৰ জৰিয়তে অখিল গগৈৰ পত্নী গীতাশ্রী তামুলীয়ে চাৰিটা প্ৰশ্নৰ অৱতাৰণা কৰিছে।

ফেচবুকত তামুলীয়ে লিখি কয়, “অভিনয় কৰা নাই। বাস্তৱ প্ৰশ্ন সুধিছো।”

তেওঁৰ প্ৰশ্ন কেইটা তলত অ-সম্পাদিত ৰূপত উল্লেখ কৰা হ’ল :

১)ক’ত ৰাখিব? কেবিন নালাগে বাৰু, বিছনা আছেনে? নে শুব জানিলে মজিয়াই পালেং?

২)ক’ভিড ডাঙৰ নে সৰু বেমাৰ?

৩) যদি ভয়াৱহ, কয়দীসকলক এনেকৈ দলনিত পোনা মেলি কিয় ৰাখিলে? পৰীক্ষাৰ বাবে কিয় আদালতৰ সহায় ল’ব লগা হ’ল?

৪)যদি সৰু, গুৰুত্বহীন ৰোগ, দেশৰ এই অগণন জনতাক কিয় অনিশ্চিত জীৱন সংগ্ৰামলৈ ঠেলি দিয়া হ’ল? ৰোগত নমৰি, নাখাই মাৰিবৰ বাবে?

এই পোষ্টৰ তলত কমেণ্ট কৰি বিশিষ্ট সাহিত্যিক অপূৰ্ব কুমাৰ বৰুৱাই লিখিছে,

” অখিলৰ জনপ্ৰিয়তা আৰু ভাৱমুৰ্তিত ভীত-সন্ত্ৰষ্ট চৰকাৰ। গতিকে যিকোনো পৰ্যায়লৈ যাবলৈ কুণ্ঠাবোধ নকৰে ইহঁতে। আজি ধেমালিতে কাৰোবাক কৈছিলো যে ধৈৰ্য্য আৰু বিটুৰ ক’ভিড টেষ্টৰ ফলাফল সহজে ওলাব কিন্তু অখিলৰটো গৃহ মন্ত্ৰ্যালয়ে চাব লাগিব কাৰণ ভুল হ’লে চৰকাৰক দোষ দিব। আৰু এতিয়া? … ২০২১ ইহঁতক ওফৰাব নোৱাৰিলে নহব। মই উচ্চতম ন্যায়ালয়লৈ যাম। কিন্তু ? …

অন্য এগৰাকী ফেচবুক ব্যৱহাৰকাৰী অনন্ত ৰাজখোৱায়ে লিখিছে, “এখন কাৰাগাৰ নিজ অৰ্থত এটা কনটেইনমেণ্ট জ’ন। তাত ক’ভিড সংক্ৰমণ ৰোধ কৰাতো সহজ কাম আছিল। জেইল এখনততো যেতিয়াই তেতিয়াই বাহিৰৰ মানুহ অহা যোৱা কৰি নাথাকে। আগৰে পৰা বন্দী কেইজনতো বাহিৰত ঘুৰি নুফুৰেগৈ। নতুনকৈ যিসকলক আনিছিল তেওঁলোকক সঠিক টেষ্ট কৰি জেইলৰ ভিতৰত এন্ট্ৰি দিয়া নহ’ল কিয়? জেইল কৰ্তৃপক্ষৰ চূড়ান্ত হেমাহি নে চৰকাৰৰ সুপৰিকল্পিত ষড়যন্ত্ৰ এয়া।

চিন্তনীয় বিষয়।”

ইয়াৰোপৰি, বিপুল তালুকদাৰ নামৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে লিখিছে, “ইয়াৰ উত্তৰ ৰাষ্ট্ৰই দিবলৈ বাধ্য। নহ’লে আমি বাধ্য কৰাব লাগিব। সিহঁতে জনা উচিত যে, অখিলক উপযুক্ত চিকিৎসা নকৰিলে ৰাইজে ধৈৰ্যৰ বান্ধ চিঙি পেলাব।”

এনেদৰেই বহুজনে চৰকাৰ বিৰোধী কমেণ্ট কৰা দেখা গ’ল।

গীতাশ্রী তামূলীৰ এই ফেচবুক পোষ্ট ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। বহুসংখ্যক অনুৰাগীয়ে এই পোষ্ট share কৰাও পৰিলক্ষিত হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd