• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভুলত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈ খং আৰু হতাশাত অসমৰ চিকিৎসক

এন ই নাও নিউজ by এন ই নাও নিউজ
July 18, 2020 5:35 pm
Assam doctor angry and frustrated for wrongly testing him COVID19 positive
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত অসম চৰকাৰৰ হৈছে কি?

পজিটিভ কেছৰ সংখ্যা ব্যাপকভাৱে বঢ়াৰ সময়ত অসম চৰকাৰ আবদ্ধ হৈছে “ভুল” আৰু “মহাভুল”ত।

Apply Now

ক’ভিড আইছ’লেচন ৱাৰ্ডত কৰ্তব্যত যোৱা ১০ জুনৰ পৰা থকা চিকিৎসক ডাঃ ৰাহুল দাসে শনিবাৰে আবেলি ফেচবুকত তেওঁৰ খং আৰু হতাশা প্ৰকাশ কৰিছে।

“…মই ডাঃ ৰাহুল দাস, ১০/৬/২০ৰ পৰা ক’ভিড আইছ’লেচন ৱাৰ্ডত কৰ্তব্যত জৰিত আছো। চূড়ান্ত খং আৰু হতাশাত এই পোষ্ট,” ফেচবুক পোষ্টটোত কোৱা হৈছে।

ফেচবুক পোষ্টটো মতে চিকিৎসকজনে তেওঁৰ কৰ্তব্যৰ দ্বিতীয় পৰ্য্যায়ৰ পিছত তেওঁ গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত এসপ্তাহৰ কুৱাৰেণ্টিনত গৈছিল।

পঞ্চম দিনা (১৩ জুলাই) ডাঃ ৰাহুল দাস আৰু আন দুজন চিকিৎসকৰ নমুনা ৰেপিড টেষ্টৰ বাবে নিয়া হৈছিল, আৰু ১৫ মিনিটৰ ভিতৰত তিনিওজন চিকিৎসকৰ ফলাফল নিগেটিভ আহে।

তাৰ পিছত প্ৰ’ট’কল অনুযায়ী RT-PCR (নিশ্চিতকৰণৰ পৰীক্ষা)ৰ বাবে নমুনা সংগ্ৰহ কৰা হয় আৰু সাতদিনৰ কুৱাৰেণ্টিন সম্পূৰ্ণ হোৱাৰ পিছত চিকিৎসক তিনিজনে ১৫ জুলাইত ৰেডিছন ব্লু এৰে।

“…১৫/৭/২০ত মই ৰেডিছন ব্লু এৰি আহো, কিন্তু সেইদিনা সন্ধিয়া প্ৰায় ৮ বজাত মই এটা ফোন পালো যে মোৰ ফলাফল পজিটিভ আহিছে আৰু মই ভাবিছিলো সেয়া ঠিকে আছে, আৰু সেইমতে পিছদিনা ৰাতিপুৱা এম্বুলেন্স আহিল আৰু মই আইছ’লেচন ৱাৰ্ডত ৰোগী হিচাপে ভৰ্তি হ’বলৈ মই চিকিৎসালয়লৈ গ’লো,” ডাঃ ৰাহুল দাসে কয়।

পৰৱৰ্তী ৪৮ ঘণ্টা ডাঃ ৰাহুল দাস ৰোগী হিচাপে চিকিৎসালয়খনত ভৰ্তি হৈ থাকে।

“কিন্তু আজি মোৰ দলৰ আন দুজন চিকিৎসকে (যিকেইজনো জি এম চি এইচত ভৰ্তি হৈ আছিল) মোক ফোন কৰিলে আৰু ক’লে যে তেওঁলোকে তেওঁলোকৰ ৰিপ’ৰ্ট অনলাইন পৰীক্ষা কৰিছে আৰু ৰিপ’ৰ্ট নিগেটিভ পাইছে,” চিকিৎসকজনে কয়।

“…তেওঁলোকে মোক ক’লে দাদা আপুনিও চাওকচোন। মই লগে লগে লগ ইন কৰিলো আৰু মোৰ ৰিপ’ৰ্টটো পৰীক্ষা কৰিলো, আৰু এইটো স্ক্ৰীনশ্বট, আপুনিও নিজে চাব পাৰে…,” কৰ’না যোদ্ধাজনে কয়।

ক’ভিড-১৯ মহামাৰীৰ মাজত টেষ্টৰ ভুল ৰিপ’ৰ্টত খং উঠিবলৈ ২৬ বছৰীয়া চিকিৎসকজনৰ অধিকাৰ আছে।

“মই নাজানো এইটো এটা কাৰিকৰী ভুলনেকি, কিন্তু মোৰ মতে ই এটা মহাভুল। আৰু এতিয়া আইছ’লেচন ৱাৰ্ডত দুদিন থকাৰ পিছত মই নিশ্চিতভাৱে ভাইৰাছটোৰ সংস্পৰ্শলৈ আহিলো,” ডাঃ ৰাহুল দাসে ফেচবুক পোষ্টটোত কয়।

এতিয়া অসম চৰকাৰে ডাঃ ৰাহুল দাসৰ ঘটনাটো বিবেচনা কৰিবনে?

মহামাৰীৰ মাজত ভুলটোৰ বাবে জগৰীয়া ব্যক্তিজনক অসম চৰকাৰে চিনাক্ত কৰিব পাৰিবনে?

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব সমীৰ সিনহাক মন্তব্য গ্ৰহণৰ বাবে যোগাযোগ কৰিব পৰা হোৱা নাই।

চৰকাৰ আৰু বিশেষকৈ অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঃ ৰাহুল দাসৰ ঘটনাটোক লৈ এটা বিবৃতি দিবনে?

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm
ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd