ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত অসম চৰকাৰৰ হৈছে কি?
পজিটিভ কেছৰ সংখ্যা ব্যাপকভাৱে বঢ়াৰ সময়ত অসম চৰকাৰ আবদ্ধ হৈছে “ভুল” আৰু “মহাভুল”ত।
ক’ভিড আইছ’লেচন ৱাৰ্ডত কৰ্তব্যত যোৱা ১০ জুনৰ পৰা থকা চিকিৎসক ডাঃ ৰাহুল দাসে শনিবাৰে আবেলি ফেচবুকত তেওঁৰ খং আৰু হতাশা প্ৰকাশ কৰিছে।
“…মই ডাঃ ৰাহুল দাস, ১০/৬/২০ৰ পৰা ক’ভিড আইছ’লেচন ৱাৰ্ডত কৰ্তব্যত জৰিত আছো। চূড়ান্ত খং আৰু হতাশাত এই পোষ্ট,” ফেচবুক পোষ্টটোত কোৱা হৈছে।
ফেচবুক পোষ্টটো মতে চিকিৎসকজনে তেওঁৰ কৰ্তব্যৰ দ্বিতীয় পৰ্য্যায়ৰ পিছত তেওঁ গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত এসপ্তাহৰ কুৱাৰেণ্টিনত গৈছিল।
পঞ্চম দিনা (১৩ জুলাই) ডাঃ ৰাহুল দাস আৰু আন দুজন চিকিৎসকৰ নমুনা ৰেপিড টেষ্টৰ বাবে নিয়া হৈছিল, আৰু ১৫ মিনিটৰ ভিতৰত তিনিওজন চিকিৎসকৰ ফলাফল নিগেটিভ আহে।
তাৰ পিছত প্ৰ’ট’কল অনুযায়ী RT-PCR (নিশ্চিতকৰণৰ পৰীক্ষা)ৰ বাবে নমুনা সংগ্ৰহ কৰা হয় আৰু সাতদিনৰ কুৱাৰেণ্টিন সম্পূৰ্ণ হোৱাৰ পিছত চিকিৎসক তিনিজনে ১৫ জুলাইত ৰেডিছন ব্লু এৰে।
“…১৫/৭/২০ত মই ৰেডিছন ব্লু এৰি আহো, কিন্তু সেইদিনা সন্ধিয়া প্ৰায় ৮ বজাত মই এটা ফোন পালো যে মোৰ ফলাফল পজিটিভ আহিছে আৰু মই ভাবিছিলো সেয়া ঠিকে আছে, আৰু সেইমতে পিছদিনা ৰাতিপুৱা এম্বুলেন্স আহিল আৰু মই আইছ’লেচন ৱাৰ্ডত ৰোগী হিচাপে ভৰ্তি হ’বলৈ মই চিকিৎসালয়লৈ গ’লো,” ডাঃ ৰাহুল দাসে কয়।
পৰৱৰ্তী ৪৮ ঘণ্টা ডাঃ ৰাহুল দাস ৰোগী হিচাপে চিকিৎসালয়খনত ভৰ্তি হৈ থাকে।
“কিন্তু আজি মোৰ দলৰ আন দুজন চিকিৎসকে (যিকেইজনো জি এম চি এইচত ভৰ্তি হৈ আছিল) মোক ফোন কৰিলে আৰু ক’লে যে তেওঁলোকে তেওঁলোকৰ ৰিপ’ৰ্ট অনলাইন পৰীক্ষা কৰিছে আৰু ৰিপ’ৰ্ট নিগেটিভ পাইছে,” চিকিৎসকজনে কয়।
“…তেওঁলোকে মোক ক’লে দাদা আপুনিও চাওকচোন। মই লগে লগে লগ ইন কৰিলো আৰু মোৰ ৰিপ’ৰ্টটো পৰীক্ষা কৰিলো, আৰু এইটো স্ক্ৰীনশ্বট, আপুনিও নিজে চাব পাৰে…,” কৰ’না যোদ্ধাজনে কয়।
ক’ভিড-১৯ মহামাৰীৰ মাজত টেষ্টৰ ভুল ৰিপ’ৰ্টত খং উঠিবলৈ ২৬ বছৰীয়া চিকিৎসকজনৰ অধিকাৰ আছে।
“মই নাজানো এইটো এটা কাৰিকৰী ভুলনেকি, কিন্তু মোৰ মতে ই এটা মহাভুল। আৰু এতিয়া আইছ’লেচন ৱাৰ্ডত দুদিন থকাৰ পিছত মই নিশ্চিতভাৱে ভাইৰাছটোৰ সংস্পৰ্শলৈ আহিলো,” ডাঃ ৰাহুল দাসে ফেচবুক পোষ্টটোত কয়।
এতিয়া অসম চৰকাৰে ডাঃ ৰাহুল দাসৰ ঘটনাটো বিবেচনা কৰিবনে?
মহামাৰীৰ মাজত ভুলটোৰ বাবে জগৰীয়া ব্যক্তিজনক অসম চৰকাৰে চিনাক্ত কৰিব পাৰিবনে?
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব সমীৰ সিনহাক মন্তব্য গ্ৰহণৰ বাবে যোগাযোগ কৰিব পৰা হোৱা নাই।
চৰকাৰ আৰু বিশেষকৈ অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঃ ৰাহুল দাসৰ ঘটনাটোক লৈ এটা বিবৃতি দিবনে?