ডিজিটেল প্লেটফৰ্ম Netflixএ আগবঢ়াইছে ৮৩ বছৰীয়া বিনামূলীয়া চাবস্ক্ৰিপশ্যন অফাৰ।
সমগ্ৰ বিশ্বতে অব্যাহত থকা ক’ৰ’নাতংকৰ বাবে বিশ্বৰ বিভিন্ন দেশত লকডাউন বলৱৎ কৰা হৈছে।
লকডাউনৰ ফলত দেশসমূহৰ ছবিগৃহলমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ আছে।
ঘৰতে আৱদ্ধ হৈ থাকিব লগা হৈছে বিশ্বৰ অধিকাংশ লোক।
তেনে অৱস্থাত বিভিন্ন ডিজিটেল প্লেটফৰ্মসমূহৰ ব্যৱসায় তথা প্ৰচলন বৃদ্ধি পোৱা পৰিলক্ষিত হৈছ।
বিশেকৈ চিনেমা আৰু ৱেব ছিৰিজ উপলৱদ্ধ হোৱা অনলাইন প্লেটফৰ্মসমূহৰ প্ৰচলনৰ লগতে চাবস্ক্ৰাইবাৰৰ সংখ্যা অত্যধিক হাৰত বৃদ্ধি পোৱা দেখা গৈছে।
অমাজান প্ৰাইম, নেটফ্লিক্স, জি ফাইভ, ডিছনি প্লাছ, হটষ্টাৰৰ দৰে প্লেটফৰ্মসূহৰ ব্যৱসায় ৰমৰমীয়া বুলি ক’ব পাৰি লকডাউনৰ সময়ছোৱাত।
তেনে সময়তে নেটফ্লিক্সে এক অভিনৱ অফাৰ আগবঢ়াইছে। এই অফাৰৰ যোগেদি ৮৩ বছৰ অৰ্থা ১ হাজাৰ মাহৰ বাবে বিনামূলীয়া চাবস্ক্ৰিপশ্যন আবঢ়োৱা হৈছে।
ইয়াৰ ফলত চাবস্ক্ৰাইবাৰে ৮৩ বছৰৰ বাবে নেটফ্লিক্সৰ প্ৰতিটো প্ৰ’গ্ৰামকে বিনামূলীয়াকৈ উপভোগ কৰিব পাৰিব।
পিছে কেনেকৈ লাভ কৰিব পৰা যাব নেটফ্লিক্সৰ এই বাম্পাৰ অফাৰ?
যোৱা সপ্তাহত নেটফ্লিক্সত দ্য ওল্ড গাৰ্ড নামৰ এটা শ্ব’ মুক্তি দিয়া হৈছে। এইটো হৈছে নেটফ্লিক্স নিজা শ্ব’।
এই শ্ব’টো উদযাপন কৰিবলৈ নেটফ্লিক্সে ইয়াৰ উপভোক্তাক অমৰ অফাৰ দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।
ইয়াৰ বাবে দ্য ওল্ড গাৰ্ড নামৰ ভিডিঅ’ গেমটো খেলি শত্ৰুপক্ষক পৰাভূত কৰিব লাগিব। এই গেমটো উপভোগ কৰাৰ সমান্তৰালভাৱে খেলি শত্ৰুপক্ষক পৰাজিত কৰি বিজয়ী হোৱাসকলে নেটফ্লিক্সৰ অমৰ চাবস্ক্ৰিপশ্যন লাভ কৰিব।
যাৰ ফলত তেওঁ নেটফ্লিক্সত চিনেমাৰ লগতে আটাইবোৰ প্ৰ’গ্ৰাম ফ্ৰীতে ছাব পাৰিব ৮৩ বছৰ ধৰি।
অৱশ্যে এই অফাৰ অতি সীমিত। ইতিমধ্যে আৰম্ভ হোৱা এই অফাৰ অহা ১৯ জুলাইলৈকেহে উপলব্ধ হ’ব। তাৰ ভিতৰতে সৰ্বোচ্চ স্ক’ৰ কৰাজনে এই অফাৰ লাভ কৰিব।
কিন্তু পৰিতাপৰ কথাটো হ’ল এইটো যে, নেটফ্লিক্সে কেৱল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লোকৰ বাবেহে আগবঢ়াইছে এই অমৰ অফাৰ।