প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ অনুৰাগী এগৰাকী ১৩ বছৰীয়া কিশোৰীয়ে অভিনেতাগৰাকীৰ মৃত্যুত হতাশ হৈ পৰি ছত্তীশগড়ৰ দুৰ্গ জিলাত বুধবাৰে নিশা আত্মহত্যা কৰে।
বৃহস্পতিবাৰে পুৱা আৰক্ষীয়ে তেওঁৰ মৃত্যুৰ খৱৰ নিশ্চিত কৰিছে।
সপ্তম শ্ৰেণীৰ ছাত্ৰীগৰাকী প্ৰয়াত অভিনেতাগৰাকীৰ অত্যন্ত গুণমুগ্ধ আছিল বুলি আৰক্ষীয়ে মৃত কিশোৰীগৰাকীৰ পৰিয়ালৰ সূত্ৰৰ উদ্ধৃতিৰে জানিবলৈ দিয়ে।
আৰক্ষীয়ে জানিবলৈ দিয়ে যে আত্মহত্যা কৰাৰ সময়ত কিশোৰীগৰাকী ঘৰত অকলে আছিল।
‘’কিশোৰীগৰাকীৰ পিতৃ-মাতৃ যেতিয়া উভতি আহে, তেওঁলোকে ভিতৰৰ পৰা দুৱাৰখন বন্ধ দেখা পায়। পিতৃয়ে পিছপিনেৰে ঘৰৰ ভিতৰত প্ৰৱেশ কৰে আৰু তেওঁৰ কন্যাক চিলিঙত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে,’’-আৰক্ষীয়ে কয়।
‘’আমিও মৃত কিশোৰীগৰাকীয়ে লিখা এটা আত্মহত্যা টোকা উদ্ধাৰ কৰো য‘ত কোৱা হৈছে যে অভিনেতা সুশান্তে এই পৃথিৱী এৰি গুচি যোৱাৰ বাবেই তেওঁৱো নিজৰ জীৱন ত্যাগ কৰিলে,’’-আৰক্ষীয়ে লগতে জানিবলৈ দিয়ে।
আৰক্ষীয়ে লগতে জানিবলৈ দিয়ে যে তেওঁলোকে ঘটনাটো সকলো দিশৰ পৰা অনুসন্ধান কৰিছে আৰু কিশোৰীগৰাকীৰ হাতৰ আখৰো মিলাই চাইছে।
মৃত কিশোৰীগৰাকীৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত কয় যে ছোৱালীজনী প্ৰয়াত অভিনেতাগৰাকীৰ অনুৰাগী আছিল আৰু তেওঁৰ মৃত্যুৰ পাছত হতাশ হৈ পৰিছিল। ছোৱালীজনীয়ে তেওঁৰ ছবিৰ ভিডিঅ’ তথা গানবোৰ বৰকৈ চাবলৈ লৈছিল।
ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।