ইতিমধ্যে সমগ্ৰ দেশতে ককৰোচৰ আন্দোলনত উত্তাল। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ মন্তব্যৰ ভিত্তিত নিশাৰ ভিতৰতে গঠন কৰা হয় ককৰোচ জনতা পাৰ্টি। কিন্তু পঁইতাচোৰাৰ পাছতে এইবাৰ গঠন হ’ল মাখি জনতা পাৰ্টি।
মাত্ৰ ৭২ ঘন্টাত এই পাৰ্টিয়ে ইনষ্টাগ্ৰামত ৪ লাখৰো অধিক ফ’ল’ৱাৰ অতিক্ৰম কৰিছে। ইয়াৰ উপৰিও তেওঁলোকে ৪০ লাখতকৈ অধিক ভিউ লাভ কৰা বুলিও জানিব পৰা গৈছে। কিন্তু তেওঁলোকৰ দাবী কি?
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত ককৰোচ জনতা পাৰ্টিৰ আন্দোলন আৰম্ভ হয়। আনকি শিক্ষামন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ দাবী মানি পদত্যাগো কৰিলে। অৱশ্যে এইবাৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি চিজেপিয়ে আন্দোলন চলাইছে।
ঠিক সেই পৰিস্থিতিতে ছ’চিয়েল মিডিয়াত এটা নতুন দল মাখি জনতা পাৰ্টি গঠন হ’ল। আনকি তেওঁলোকে ককৰোচৰ সমৰ্থনত পোনপটীয়াকৈ আন্দোলনত যোগদান কৰিব বুলিও কৈছে।
এটা ইনষ্টাগ্ৰাম পোষ্টত মাখি জনতা পাৰ্টিয়ে কয় যে তেওঁলোকে আন এটা ব্যংগমূলক গণ আন্দোলন ককৰোচ জনতা পাৰ্টিৰ সৈতে যোগাযোগ কৰি যৌথভাৱে এটা কাৰ্যসূচী আয়োজন কৰাৰ সম্ভাৱনাৰ সন্ধান কৰি আছে। আনকি যন্তৰ মন্তৰত নেহা বৰাক সমৰ্থন কৰাৰ লগতে চিজেপিৰ দুই নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাক গ্ৰেপ্তাৰ কৰাৰ বাবেও আৰক্ষীক সমালোচনা কৰিছে।
দৰাচলতে চিজেপিৰ প্ৰতিবাদত চৰকাৰে সমগ্ৰ ৰাজধানীত ইণ্টাৰনেট, মেট্ৰ’ আৰু ৰে’ল সেৱা নিষিদ্ধ কৰিছিল। এই গোচৰটো উচ্চতম ন্যায়ালয়ত দাখিল কৰা হয়। শুনানিৰ সময়ত ন্যায়াধীশ সূৰ্য্যকান্তৰ বিচাৰপীঠে কয় যে “মাখি মাৰিবলৈতো আৰু হাতুৰী ব্যৱহাৰ কৰিব নোৱাৰি।”
মুখ্য ন্যায়াধীশৰ সেই মন্তব্যক অস্ত্ৰ হিচাপে লৈ গঠিত হৈছে মাখি জনতা পাৰ্টি। আনকি তেওঁলোকে ছ’চিয়েল মিডিয়াত লিখিছে, “যেতিয়া মুখ্য ন্যায়াধীশে নিজেই কৈছে যে মাখি মাৰিবলৈ হাতুৰী ব্যৱহাৰ কৰিব নোৱাৰি, তেতিয়া সেই মাখিয়ে এতিয়া গৰ্জন কৰি উঠি কৈছে যে ই কাৰো তুলনাত কম নহয়।”
এই ইনষ্টাগ্ৰাম একাউণ্টটো ২০২১ চনৰ জুন মাহত সৃষ্টি কৰা হৈছিল যদিও ইয়াৰ নাম কমেও ৮ বাৰ সলনি হৈছে আৰু বৰ্তমান ই makhijantaparty.ig ইউজাৰনেমত চলি আছে। আৰু তাত তেওঁলোকে ককৰোচকে ধৰি চৰকাৰ বিৰোধী দলসমূহক সমৰ্থন কৰি আছে।





