• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

অৱশ্যে চৰকাৰৰ আশ্বাসতে সন্তুষ্ট হৈ আন্দোলনৰ সামৰণি পৰা বুলি মানি ল’বলৈ অস্বীকাৰ কৰি, এয়া আন্দোলনৰ স্থগিতকৰণ বুলিহে ঘোষণা কৰি, প্ৰতিশ্ৰুতি কাৰ্যকৰী নহ’লে পুনৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে অখিল গগৈয়ে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 15, 2026 7:40 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯ জুলাইৰ মহাপ্ৰলয়ত সৰ্বস্বান্ত হোৱা পৰিয়ালৰ ন্যায্য ক্ষতিপূৰণ, বঞ্চিত বানপীড়িতক সাহায্য প্ৰদান, প্ৰলয়ৰ কাৰণ বিচাৰি তদন্ত আৰু ক্ষতিগ্ৰস্ত পথ-ঘাটৰ পুনৰ নিৰ্মাণৰ দাবীত শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে চলাই অহা ১৪ দিনীয়া সত্যাগ্ৰহৰ আপাততঃ সামৰণি পৰিল। 

আজি ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত আৰু পীযূষ হাজৰিকাৰ সৈতে হোৱা গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত সত্যাগ্ৰহ স্থগিত ৰখাৰ সিদ্ধান্ত লয় বিধায়কগৰাকীয়ে।

অৱশ্যে চৰকাৰৰ আশ্বাসতে সন্তুষ্ট হৈ আন্দোলনৰ সামৰণি পৰা বুলি মানি ল’বলৈ অস্বীকাৰ কৰি, এয়া আন্দোলনৰ স্থগিতকৰণ বুলিহে ঘোষণা কৰি, প্ৰতিশ্ৰুতি কাৰ্যকৰী নহ’লে পুনৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে অখিল গগৈয়ে।

Apply Now

যোৱা ২ অক্টোবৰৰ পৰা অসম বিধানসভাৰ বাহিৰত আৰম্ভ হোৱা এই প্ৰতিবাদৰ মূল দাবী আছিল মহাপ্ৰলয়ত সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱা ঘৰসমূহৰ বিপৰীতে পৰ্যাপ্ত ক্ষতিপূৰণ প্ৰদান কৰা। তদুপৰি,  শিৱসাগৰ, চৰাইদেউ, যোৰহাট জিলাৰ   বানবিধ্বস্ত অঞ্চলৰ বহু পৰিয়াল চৰকাৰী তৎকালিন সাহায্যৰ পৰা বঞ্চিত হৈ থকাৰ অভিযোগ উত্থাপন কৰি আহিছিল বিধায়কগৰাকীয়ে।

বানত সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱা প্ৰতিটো পৰিয়ালক ১০ লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদানৰ দাবী জনাইছিল অখিল গগৈয়ে। চৰকাৰে কেৱল ৫৭,০০০ পৰিয়ালক নিৰ্বাচিত কৰি নগৰৰ বাবে ১,২০,০০০ আৰু গাঁৱৰ বাবে ১,৭০,০০০ টকা দিব বুলি ঘোষণা কৰিছিল। কিন্তু চৰকাৰৰ সৈতে হোৱা আলোচনাত ৫৭,০০০ পৰিয়ালৰ প্ৰথম তালিকাক কেন্দ্ৰলৈ প্ৰথম তালিকা বুলি উল্লেখ কৰি পঠিয়াই, দ্বিতীয় পৰ্যায়ত এনে ক্ষতিগ্ৰস্ত পৰিয়ালৰ আন এখন তালিকা পঠিয়াবলৈ সন্মতি প্ৰকাশ কৰাৰ লগতে এটা বিধ্বস্ত পৰিয়ালৰ বাবে ১,৭০,০০০ টকাৰ পৰা ৫,৬০,০০০ টকালৈ  ক্ষতিৰ পৰিমাণ অনুসৰি সাহায্য প্ৰদানৰ আশ্বাস দিয়ে। দাবী কৰা ধনৰ তুলনাত চৰকাৰৰ আশ্বাসৰ পৰিমাণ কম হ’লেও বানপীড়িতৰ ক্ষতিপূৰণৰ প্ৰক্ৰিয়া লগ নকৰি ক্ষিপ্ৰতাৰে আগবঢ়াই নিয়াৰ স্বাৰ্থতে সত্যাগ্ৰহ স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।

ইতিমধ্যে চৰকাৰী সমীক্ষাত প্ৰায় ৫৭ হাজাৰ ক্ষতিগ্ৰস্ত পৰিয়ালক চিনাক্ত কৰা হৈছে। কিন্তু এই তালিকাত বহু প্ৰকৃত বানপীড়িতৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে। ৰাইজৰ অভিযোগ সবলভাৱে তুলি ধৰে অখিল গগৈয়ে। সেইবাবে প্ৰথম তালিকাৰ পৰিয়ালসমূহক সাহায্য প্ৰদানৰ লগতে বাদ পৰা পৰিয়ালসমূহক চিনাক্ত কৰিবলৈ দ্বিতীয়খন তালিকা প্ৰস্তুত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

মন্ত্ৰী কেশৱ মহন্তই সদৰী কৰা অনুসৰি, দ্বিতীয় তালিকা প্ৰস্তুত কৰাৰ পিছত ৰাইজৰ আপত্তি-অভিযোগ আৰু দাবীসমূহ পৰীক্ষা কৰি প্ৰয়োজন অনুসৰি পুনৰ সমীক্ষা চলোৱা হ’ব। তাৰ ভিত্তিত পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

আজি মন্ত্ৰীদ্বয়ৰ সৈতে ৰাইজৰ দলৰ হোৱা ৰাজহুৱা আলোচনাত পূৰ্বে ঘোষণা কৰা ১৫ হাজাৰ টকীয়া বান সাহায্যৰ পৰা বঞ্চিত হৈ থকা লোকসকলৰ বিষয়টোও উত্থাপন কৰে অখিল গগৈয়ে।

মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰা মতে, বিধায়কগৰাকীয়ে দাখিল কৰা তালিকা পৰীক্ষা কৰি শিৱসাগৰ বিধান সভা সমষ্টিৰ ৩,০৬৮ গৰাকী লোকে এতিয়াও এই সাহায্য লাভ নকৰাৰ তথ্য পোৱা গৈছে। তেওঁলোকক সাহায্য প্ৰদানৰ বাবে প্ৰয়োজনীয় ৪ কোটি ৬০ লাখ ২০ হাজাৰ টকা মুকলি কৰি দিয়াৰ অনুমতি মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

সেইদৰে, নাজিৰা, ডিমৌ, সোণাৰি, মাহমৰা, মৰিয়নি আদি সমষ্টিৰ সংশ্লিষ্ট বিধায়কসকল আৰু বিষয়াবৰ্গৰ সৈতে আলোচনা কৰি ১৫,০০০ টকাৰ তৎকালিন সাহায‍্যৰ পৰা বঞ্চিতসকলক বান-সাহায‍্য প্ৰদানৰ কথা দুয়োজন কেবিনেট মন্ত্ৰীয়ে ঘোষণা কৰে। ডিমৌ বিধানসভা সমষ্টিৰ ২,৩০০ গৰাকী বঞ্চিত বানপীড়িতৰ তালিকা এখন অখিল গগৈয়ে মন্ত্ৰীদ্বয়ৰ হাতত প্ৰদান কৰে।

ইফালে, বাৰে বাৰে হোৱা ভয়াৱহ বানপানীৰ কাৰণ উদঘাটন আৰু ভৱিষ্যতে এনে পৰিস্থিতিৰ পুনৰাবৃত্তি ৰোধৰ বাবে চৰকাৰে উচ্চপৰ্যায়ৰ তদন্তৰ ব্যৱস্থা গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়াৰ কথা মন্ত্ৰী কেশৱ মহন্তই সদৰী কৰে। অৱশ্যে বানৰ সৈতে জড়িত মৃত্যু আৰু অন্যান্য বিষয়ৰ তদন্তৰ বাবে অখিল গগৈয়ে দাবী কৰা চিবিআই তদন্তৰ আশ্বাস চৰকাৰৰ পৰা লাভ কৰা নাই। ৰাজ্য চৰকাৰে উচ্চপৰ্যায়ৰ তদন্তৰ সিদ্ধান্ত গ্ৰহণ কৰিলেও এই ব্যৱস্থাই বানৰ প্ৰকৃত কাৰণ উদঘাটন কৰিব পাৰিবনে, সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হ’ব।

বানত ক্ষতিগ্ৰস্ত পথ-ঘাট আৰু অন্যান্য আন্তঃগাঁথনিৰ পুনৰ নিৰ্মাণৰ বিষয়টোও আলোচনাত স্থান পায়। অখিল গগৈয়ে ক্ষতিগ্ৰস্ত পথসমূহৰ তালিকা ইতিমধ্যে চৰকাৰক দাখিল কৰা বুলি জানিবলৈ দিয়ে। প্ৰয়োজনীয় ধন মুকলি হ’লে মেৰামতি আৰু পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ আশা প্ৰকাশ কৰে তেওঁ। ইয়াৰ উপৰি বানপীড়িত পৰিয়ালৰ বাবে অৰুণোদয় আঁচনিৰ ধন দুগুণ কৰা আৰু সম্পূৰ্ণৰূপে ঘৰ হেৰুৱাই সৰ্বস্বান্ত হোৱা লোকসকলক চৰকাৰী গৃহ প্ৰদানৰ দাবীও উত্থাপন কৰে বিধায়কগৰাকীয়ে।

আনহাতে, বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ পৰিয়ালসমূহৰ মাজত নাৰিকল আৰু তামোলৰ পুলি বিতৰণ কৰাৰ লগতে কৃষকসকলক পুনৰ খেতি আৰম্ভ কৰাৰ বাবে ৰবি শস্যৰ বীজ প্ৰদানৰ কথা মন্ত্ৰী পীযূষ হাজৰিকাই ঘোষণা কৰে।

সত্যাগ্ৰহ স্থগিত ৰখাৰ সিদ্ধান্ত ঘোষণা কৰিলেও চৰকাৰৰ প্ৰতিশ্ৰুতিৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰা নাই অখিল গগৈয়ে। তেওঁ স্পষ্ট কৰি দিয়ে যে আজি আন্দোলন স্থগিতকৰণৰ সিদ্ধান্তক যেন বানপীড়িতৰ আন্দোলনৰ চূড়ান্ত সামৰণি বুলি গণ্য নকৰে। চৰকাৰে প্ৰতিশ্ৰুতি পালন নকৰিলে পুনৰ আন্দোলনৰ পথলৈ উভতি যাবলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়ে তেওঁ। শিৱসাগৰত ক্ষতিপূৰণৰ দাবীত প্ৰতিবাদ কৰি থকা বানপীড়িত লোকসকলকো চৰকাৰৰ আশ্বাসৰ পৰিপ্ৰেক্ষিতত সাময়িকভাৱে আন্দোলন স্থগিত ৰাখিবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে।

চৰকাৰৰ আশ্বাসত ১৪ দিনীয়া সত্যাগ্ৰহৰ সাময়িক অৱসান ঘটিলেও বানপীড়িতৰ প্ৰাপ্য আদায়ৰ যুঁজৰ অন্ত পৰা নাই। এতিয়া ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সাহায্য প্ৰদান, বঞ্চিতসকলৰ বাবে দ্বিতীয় তালিকা প্ৰস্তুত, ক্ষতিপূৰণ মুকলি আৰু বানৰ কাৰণ উদঘাটনৰ তদন্ত—এই প্ৰতিশ্ৰুতিসমূহ কিমান ক্ষিপ্ৰতাৰে বাস্তৱায়িত হয়, তাৰ ওপৰতেই নিৰ্ভৰ কৰিব অখিল গগৈৰ পৰৱৰ্তী ৰাজনৈতিক পদক্ষেপ।

আজি পুৱা ৭ বজাৰ পৰা  সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাইজৰ দলৰ ধিং সমষ্টিৰ বিধায়ক মেহবুব মোক্তাৰ, ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়া, সাধাৰণ সম্পাদকসকল, ক্ৰমে, চিন্ময় বৰা, ধৈৰ্য কোঁৱৰ, ৰাছেল হুছেইন, আজিজুৰ ৰহমান, হুছেইন মহম্মদ ছাহজাহান, তথ‍্য আৰু প্ৰচাৰ সম্পাদক নৱদ্বীপ বৰপাত্ৰ গোহাঁই, যুৱ বাহিনীৰ কাৰ্যকৰী সভাপতি ৰাকেশ চক্ৰৱৰ্তী আদি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd