• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিস্ফোৰক অভিযোগৰে ডিমা হাচাওৰ মুৰব্বী আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে মনজিত মহন্তৰ সংবাদমেল

‘এজন হত্যাকাৰী কেতিয়াও ডিমা-হাচাওৰ মুৰব্বী হৈ থাকিব নোৱাৰে’-মনজিৎ মহন্ত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 30, 2020 9:03 am
Manjit Mahanta VS Debolal
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিমা হাচাওৰ মুৰব্বী দেবলাল গাৰ্লোছা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগৰে জ্যেষ্ঠ সাংবাদিক তথা আঞ্চলিক গণ মৰ্চাৰ সমন্বয়ক মনজিত মহন্তই নিজ বাসগৃহত সংবাদমেল সম্বোধন কৰে।

উক্ত সংবাদমেলত দেবলাল গাৰ্লোছা ওৰফে ডেনিয়েল ডিমাছাৰ বিৰুদ্ধে বহু ৰাজনৈতিক হত্যাকাণ্ডৰ অভিযোগ আছে বুলি দাবী কৰি মনজিৎ মহন্তই লগতে কয় ‘বিজেপিৰ পৰা নিৰ্বাচনৰ সময়ত কোটিৰ ঘৰত টকা লৈ তেওঁলোকে বিৰোধী পক্ষৰ ওপৰত বিভিন্নধৰণৰ ভাবুকি আক্ৰমণ ইত্যাদি চলাইছিল।এনে এজন হত্যাকাৰী বা বলপূৰ্বক ধন সংগ্ৰহকাৰী আৰু সন্ত্ৰাসবাদীক ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদৰ মুৰব্বী হিচাপে বাহাল ৰাখিছে বিজেপিয়ে।‘

Apply Now

২০০৭ চনত পৰিষদৰ কংগ্ৰেছৰ দুগৰাকীকৈ নেতাক হত্যা কৰা বুলি দেবলাল ওৰফে ডেনিয়েলৰ বিৰুদ্ধে অভিযোগ আছে বুলি মহন্তই কয়।

‘দেবলালৰ নিৰ্দেশত গেলামলাই পুৰ্নেন্দু লাংথাচাক গুলিয়াই হত্যা কৰাৰ লগতে নিন্দু লাংথাছাক দেবলালে নিজে হত্যা কৰিছিল বুলি চেচন আদালতত ৰাজসাক্ষী দিছিল। ঘটনাস্থলীত উপস্থিত থকা দেবলাল গাৰ্লোছাৰ সহকৰ্মী DHD(J) নিকুট ৰাইজ’ ওৰফে একচন ডিমাছা ওৰফে ডেভিদ কেম্প্ৰাই ৰাজসাক্ষী হিচাপে গাৰলৌচাৰ বিৰুদ্ধে আদালতত যিসমূহ স্বাক্ষ দিছে সেই সাক্ষ্য দেখিলে ক’ব পাৰি যে কংগ্ৰেছ নেতা দুগৰাকীৰ হত্যাকাৰী দেবলাল গাৰ্লোছা আৰু তেওঁৰ সতীৰ্থ DHD কেডাৰ গেলামলা।‘ সংবাদমেলত এই কথা উনুকিয়াই মহন্তই এইদৰে কয়।

মনজিৎ মহন্তৰ প্ৰশ্ন ‘এজন ৰাজসাক্ষীয়ে চেছন আদালত বিচাৰপতিৰ সন্মুখত ভয়ংকৰ ৰাজসাক্ষী দিয়াৰ পাছত দেবলাল কেনেকৈ চি.ই.এম হৈ আছে?’

ইয়াৰোপৰি ‘এই হত্যাকাণ্ডৰ পাছত তদন্ত হ’ল, শ্বাৰ্জশ্বীট প্ৰস্তুত কৰিলে কিন্তু আদালতত শ্বাৰ্জশ্বীট দাখিল কৰিব নোৱাৰিলে’ বুলি উল্লেখ কৰি মহন্তই লগতে কয় ‘কিয়নো ৰাজ্য চৰকাৰে অনুমোদন নিদিলে। ৰাজ্য চৰকাৰে তিনিবছৰ ধৰি অনুমোদন নিদিয়াকৈ পেলাই থৈ দিলে কিয়? উপায়ন্তৰ হৈ পুৰ্নেন্দু লাংথাছাৰ পুত্ৰই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত এইক্ষেত্ৰত উচ্চ ন্যায়ালয়ে হস্তক্ষেপ কৰাৰ পাছত ৰাজ্য চৰকাৰে অনুমোদন দিলে।‘

‘শ্বাৰ্জশ্বীট দাখিল কৰাৰ পাছতো এতিয়ালৈকে ডিমা-হাচাওৰ চি.ই.এম হৈ আছে দেবলাল। দুটা-তিনিটা হত্যাৰ দৰে ভয়ংকৰ অভিযোগ থকাৰ পাছতো সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰে চি.ই.এম হৈ আছে।‘

মনজিত মহন্তৰ মতে ‘বিজেপি চৰকাৰ হত্যাকাৰী, লুন্ঠনকাৰী আৰু ধনদাবী কৰা এখন চৰকাৰ। নহ’লে দেবলালক তেওঁলোকে কেতিয়াও প্ৰশ্ৰয় নিদিয়ে।‘

ইপিনে দেবলাল গাৰ্লোছাক মুখ্য কাৰ্য্যবাহী সদস্য পাতি থোৱাৰ কাৰণ বাখ্যা কৰি মহন্তই কয় ‘ডিমা-হাচাওত চোৰাং কয়লাৰ বেপাৰ চলি আছে। ডিমা হাচাওৰ ৫০০০ বিঘা মাটিৰ চূণশিলৰ এটা ভাণ্ডাৰ আছে। তাৰে ৫০০ বিঘা চিমেন্ট কোম্পানীৰ লিজত আছে। হিমন্ত বিশ্ব শৰ্মাৰ বিশ্বস্ত মন্ত্ৰীৰ ৪৫০০ বিঘা মাটিৰ ওপৰত চকু আছে। দুই-চাৰিদিনৰ ভিতৰত এই নাম ৰাজহুৱা কৰি দিম। সেয়েহে মিলিজুলি হত্যাৰ সৈতে অভিযুক্ত দেবলালক ৰক্ষণাবেক্ষণ দিছে। এতিয়াও যদি কাৰোবাক গুলিয়াই হত্যা কৰে তেন্তে তেওঁক এতিয়াও বিজেপিয়ে ৰক্ষণাবেক্ষণ দিব।‘

সংবাদমেলত মহন্তই চৰকাৰলৈ দাবী জনাই কয় ‘ডিমা হাচাওত নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰি চৰকাৰ গঠন কৰিব লাগে। এজন হত্যাকাৰী কেতিয়াও ডিমা হাচাওৰ মুৰব্বী হৈ থাকিব নোৱাৰে। দেবলালৰ কব্জাৰ পৰা ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদ মুক্ত কৰিব লাগে।‘

অৱশ্যে, মনজিৎ মহন্তই কৰা এই গুৰুতৰ অভিযোগৰ পাছতে আমি দেবলাল গাৰ্লোছাৰ প্ৰতিক্ৰিয়া ল’বলৈ যোগাযোগ কৰিছিলো যদিও তেওঁৰ সৈতে যোগাযোগ সম্ভৱ নহ’ল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd