• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজনীতিত নতুন সমীকৰণ! আগষ্টত আছুৰ নেতৃত্বত ভূমিষ্ঠ হ’ব নতুন ৰাজনৈতিক দল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 31, 2020 7:17 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক নতুন ইতিহাস ৰচিবলৈ সাজু হৈ উঠিছে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছু। ৩৫ বছৰীয়া এক দীঘলীয়া অন্তৰালৰ মূৰত দ্বিতীয়টো ৰাজনৈতিক দলৰ বীজ ৰোপনৰ দিশে আগবাঢ়িছে সংগঠনটো।

আগষ্টৰ শেষৰ ফালে অসমত আত্মপ্ৰকাশ ঘটিব আছুৰ নেতৃত্বত গঠন হ’ব লগীয়া নতুন ৰাজনৈতিক দলটোৰ। আছুৰ এক উচ্চস্তৰীয় সূত্ৰই প্ৰকাশ কৰিছে এই খবৰ।

Apply Now

ইতিমধ্যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত দল গঠন সন্দৰ্ভত আৰম্ভ হৈছে কুচ-কাৱাজ।

ইয়াৰ লগে লগে আছুৰ কেন্দ্ৰীয় নেতৃত্বই জিলা নেতৃত্বৰ সৈতে দল গঠনৰ ক্ষেত্ৰত বহুকেইখন গোপনীয় বৈঠকতো মিলিত হোৱা বুলি খবৰ আহিছে।

ইতিমধ্যে, কা বিৰোধী আন্দোলনৰ সময়ৰে পৰা বহুবাৰ আছুৰ সভাপতি দীপাংক কুমৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে ৰাইজৰ দাবীত তথা ৰাইজে বিচাৰিছে বাবেই নতুন ৰাজনৈতিক বিকল্পৰ বাবে প্ৰস্তুত হোৱা বুলি সংবাদ মাধ্যমৰ আগত কৈ আহিছে।

শুকুৰবাৰে আছুৰ কেন্দ্ৰীয় সমিতিৰ বৈঠকতো নতুন ৰাজনৈতিক দল গঠনৰ বিষয়টোৱে স্থান লাভ কৰা বুলি জানিব পৰা গৈছে।

বৈঠকৰ পূৰ্বে আগষ্ট মাহৰ শেষৰ ফালে নতুন ৰাজনৈতিক দল গঠনৰ বিষয়ে আমাৰ সাংবাদিকে লুৰিণজ্যোতি গগৈক সুধিছিল।

উত্তৰত লুৰিণে কয়, ‘ৰাজনৈতিক দলৰ কথাটো ৰাইজৰ মনৰ চিন্তা, ৰাইজে বিচাৰিছে। ৰাইজৰ চিন্তাৰ লগত ছাত্ৰ সন্থা সদাই থাকিব। জাতীয় চিন্তা-চেতনা চৰকাৰখনৰ কাম-কাজে বিঘ্নিত কৰিছে। জাতীয় স্বাৰ্থ ক্ষুন্ন হৈছে, গতিকে ৰাইজে নতুন ৰাজনৈতিক চিন্তাৰ জন্ম হোৱাটো বিচাৰিছে।ৰাইজৰ লগত ছাত্ৰ সন্থা নিশ্চয় থাকিব’।

তাৎপয্যপূৰ্ণভাৱে, আছুৰ দ্বাৰা গঠন হ’বলগীয়া নতুন আঞ্চলিক শক্তিটোৰ নেতৃত্বত ৰাজ্যৰ আগশাৰীৰ শিক্ষাবিদ, সাহিত্যিককে ধৰি বহু কেইগৰাকী অগপৰ নেতা থাকিব বুলি বহুলভাৱে চৰ্চিত হৈছে।

এইক্ষেত্ৰত চৰ্চিত হৈছে পাটাছাৰকুছিৰ অগপ বিধায়ক পবীন্দ্ৰ ডেকা, লখিমপুৰ সমষ্টিৰ বিধায়ক উৎপল দত্ত, বৰপেটা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ দাস আৰু তেজপুৰ সমষ্টিৰ বিধায়ক বৃন্দাবন গোস্বামীৰ নাম।

আনকি, চাৰিওগৰাকী বিধায়কে তেওঁলোকৰ বৰ্তমানৰ সমষ্টিৰ পৰাই ২০২১ ৰ নিৰ্বাচনত প্ৰতিদ্বণ্ডিতা কৰিব বুলিও এক সূত্ৰত প্ৰকাশ পাইছে।

কা বিৰোধী আন্দোলনৰ সময়ত অগপৰ তিনি মন্ত্ৰী ক্ৰমে অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী আৰু অন্য কেইবাগৰাকী শীৰ্ষ নেতৃত্বৰ স্থিতিৰ বিৰুদ্ধে অৱস্থান লৈছিল ওপৰোক্ত বিধায়ক কেইগৰাকীয়ে।

তেওঁলোকক নেতৃত্ব দিছিল অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। তেওঁলোকে অগপৰ বৰ্তমানৰ সভাপতিকে ধৰি অন্যান্য নেতৃত্বৰ বিৰুদ্ধে কেইবাখনো সভা বা বৈঠক অনুষ্ঠিত কৰিছিল।

যাৰ ফলত দলৰ মজিয়াতে এলাগি হ’ব লগীয়া হৈছিল প্ৰফুল্ল মহন্ত পন্থী।

অৱশ্যে, প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই নতুন ৰাজনৈতিক দলত যোগদানক লৈ কোনো ধৰণৰ স্থিতি বৰ্তমানলৈকে প্ৰকাশ কৰা নাই।

ইপিনে, আছুৰ নেতৃত্বত গঠন হ’বলগীয়া ৰাজনৈতিক দলটোৱে অকলে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নে অন্য কোনো বিৰোধী ৰাজনৈতিক দলৰ লগত মিত্ৰতা কৰে সেয়া বৰ্তমানলৈকে স্পষ্ট হোৱা নাই।

অৱশ্যে, আছুৰ নেতৃত্বত গঠন হ’বলগীয়া ৰাজনৈতিক দলটোৱে যে ৰাজ্যৰ ৰাজনীতিত এক নতুন ৰাজনৈতিক সমীকৰণৰ সৃষ্টি কৰিব সেয়া এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm
চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

August 15, 2026 7:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd