অসমৰ পাঁচগৰাকীয়ে মঙলবাৰে ঘোষিত কেন্দ্ৰীয় লোক সেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষা ২০১৯ৰ ফলাফলত স্থান দখল কৰিছে।
ইতিমধ্যে আৰণ্যক শইকীয়া (স্থান ৫৯) আৰু তপন ডেকা (৭৬৬) বাচনি হোৱাৰ বাতৰি প্ৰকাশ পাইছে।
শেহতীয়াকৈ জানিব পৰা মতে অসামৰিক সেৱাৰ পৰীক্ষাটোত অসমৰ চিজল আগৰৱাল (১১২), নিবেদিতা দত্ত (৬৯৭) আৰু কিশোৰ সূত্ৰধৰ (৭৮৪)এও স্থান লাভ কৰিছে।
নিবেদিতা দত্তৰ ঘৰ যোৰহাট জিলাৰ টীয়ক ভগামুখত।
দত্ত ভগামুখ দোলাকাষৰীয়া গাঁৱৰ কৃষ্ণকান্ত দত্ত আৰু জোনা দত্তৰ কন্যা।
দত্তই চি বি এচ ইৰ অধীনত স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পিচত মেকানিকেল অভিযন্তা হিচাবে উত্তীৰ্ণ হৈ ৰাজনীতি বিজ্ঞানত স্নানাকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিলl
বৰ্তমান ইউ পি এছ চিৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সমান্তৰালভাৱে তেওঁ দিল্লীৰ এটা ব্যক্তিগতখণ্ডৰ প্ৰতিষ্ঠানত কৰ্মৰত হৈ আছিল।
আনহাতে আৰণ্যক শইকীয়া অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান তথা বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ পুত্ৰ।
এইবাৰ ৫৯সংখ্যক স্থান দখল কৰা শইকীয়াই ২০১৭চনত প্ৰথমবাৰ পৰীক্ষাটোত অৱতীৰ্ণ হৈ ১৪৮সংখ্যক স্থান দখল কৰিছিল।
আৰণ্যক শইকীয়া বৰ্তমান ভাৰতীয় আৰক্ষী সেৱাৰ কৰ্ণাটক কেডাৰৰ বিষয়া হিচাপে প্ৰশিক্ষণত আছে।
অসমৰ পৰা স্থান পোৱা আটাইকেইগৰাকী প্ৰাৰ্থীৰ সবিশেষ এতিয়ালৈকে জানিব পৰা হোৱা নাই।
এইবাৰ পৰীক্ষাটোত মুঠ ৮২৯ গৰাকী প্ৰাৰ্থী বাচনি হৈছে।
বাচনি হোৱা প্ৰাৰ্থীসকল ভাৰতীয় প্ৰশাসনিক সেৱা, ভাৰতীয় বিদেশ সেৱা, ভাৰতীয় আৰক্ষী সেৱা আৰু কেন্দ্ৰীয় সেৱাৰ A আৰু Bত অন্তৰ্ভুক্ত হ’ব।