• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাম মন্দিৰ নিৰ্মাণত নৰেন্দ্ৰ মোদীৰ একো অৰিহনা নাই : কাৰণ দৰ্শাই আৰ.পি. শৰ্মাৰ বহু বিস্ফোৰক মন্তব্য

ৰাম মন্দিৰৰ ভূমিপুজন পূৰ্বেও হৈছিল; কংগ্ৰেছক ৰাম মন্দিৰৰ কৃতিত্ব দিলে আৰ পিয়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 4, 2020 8:23 pm
Ram Prasad Sarmah Ram mandir
1.3k
VIEWS
Share on FacebookShare on Twitter

কাইলৈ অযোধ্যাত হ’ব ঐতিহাসিক ৰাম মন্দিৰৰ ভূমিপূজন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই ভূমিপূজন অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে থাকিব।

তেনে সময়তে মোদীৰ বিৰুদ্ধে সৰৱ হৈ কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে প্ৰাক্তন বিজেপি সাংসদ তথা বৰ্তমানৰ কংগ্ৰেছী ৰাম প্ৰসাদ শৰ্মাই।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাম মন্দিৰ নিৰ্মাণত কোনোধৰণৰ অৰিহণা নাই বুলি আৰ. পি শৰ্মাই দাবী কৰাৰ লগতে মোদীৰ সলনি এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী তথা প্ৰবীণ বিজেপি নেতা লাল কৃষ্ণ আদৱানিক নিমন্ত্ৰণ দিব লাগিছিল বুলি সদৰি কৰে।

নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত শৰ্মাই কয় ‘ভূমিপূজন অনুষ্ঠানত মুখ্য অতিথি হ’ব লাগিছিল লালকৃষ্ণ আদৱানি। তেওঁৰ হাতৰেহে ভূমিপূজন আৰম্ভ কৰিব লাগিছিল।ৰাম মন্দিৰ নিৰ্মাণত নৰেন্দ্ৰ মোদীৰ একো অৰিহণা নাই। তেওঁ ১৯৯২ চনত হোৱা ৰথযাত্ৰাত লাল কৃষ্ণ আদৱানিৰ ৰথত আহিছিল। তেওঁৰ কোনো কৃতিত্ব নাই।‘

ইপিনে, নৰেন্দ্ৰ মোদীৰ অৰিহণা অথবা কৃতিত্ব নথকাৰ কাৰণ বাখ্যা কৰে আৰ পি শৰ্মাই।

তেওঁ প্ৰথমটো কাৰণ বাখ্যা কৰি কয় ‘ভূমিপূজনৰ মূল হৰ্তাকৰ্তা হ’ব লাগিছিল বেলেগ কেইগৰাকীমান ব্যক্তি। নৰেন্দ্ৰ মোদী বিশেষ নহয়। এল কে আদোৱানি, তাহানিৰ উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী কল্যাণ সিং, উমা ভাৰতী আৰু মনোহৰ যোশীহে হৰ্তা-কৰ্তা হ’ব লাগিছিল।’

দ্বিতীয়তে তেওঁ কয় ‘প্ৰায় ৭০ বছৰ ধৰি আদালতত গোচৰ চলি আছিল। সেই গোচৰ চলি অৱশেষত উচ্চতম ন্যায়ালয়ে ৰায় দিলে। পুৰাতত্ব বিভাগৰ প্ৰতিবেদন, সাক্ষীবাদী লৈ উচ্চতম ন্যায়ালয়ে ৰায়দান দিলে। এইটো এটা ন্যায়িক সিদ্ধান্ত হয়। এইক্ষেত্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ কোনো ধৰণৰ অৰিহণা নাই।‘

তাৎপৰ্যপূৰ্ণভাৱে ৰাম মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত আওপকীয়াকৈ হ’লেও কংগ্ৰেছৰ কৃতিত্ব থকা বুলি শৰ্মাই দাবী কৰে।

তেওঁ কয় ‘এইবাৰ দ্বিতীয়বাৰলৈ ভূমিপূজন হ’ব। ৰাম মন্দিৰৰ ভূমিপূজন ১৯৮৯ চনতে এবাৰ হৈছিল। ১৯৮৬ চনত মন্দিৰটো নিৰ্মাণ কৰি দিছিল তেতিয়াৰ প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীয়ে। ১৯৪৯ চনত জৱাহৰলাল নেহৰু প্ৰধান মন্ত্ৰী হৈ থকাৰ সময়ত ৰামৰ মূৰ্তি স্থাপন কৰা হৈছিল।‘

ইপিনে, বিজেপিয়ে কংগ্ৰেছৰ দিনৰ কামবোৰৰ নিজেই কৃতিত্ব ল’বলৈ বিচাৰে বুলি অভিযোগ তুলি শৰ্মাই কয়, ‘বিজেপিৰ এতিয়া ‘আমি অকলে খাম, অকলে সকলো কৰিম’ অৱস্থা হৈছে। শদিয়াৰ ধলা-শদিয়া দলং কংগ্ৰেছে বনালে আৰু বিজেপিয়ে উন্মোচন কৰি বিজেপিয়ে বনোৱা বুলি প্ৰচাৰ চলালে।‘

আনহাতে, ৰাম মন্দিৰৰ ভূমিপূজন ক’ৰ’ণা কাল যোৱাৰ পাছতহে হ’ব লাগিছিল বুলি উল্লেখ কৰি শৰ্মাই কয় ‘জ্যোতিষীসকলেও কৈ আছে এতিয়া ভদ্ৰকাল চলি আছে, সময়ো বেয়া গতিকে আধাৰশিলা স্থাপন কৰিব নালাগে।‘

Recent News

ভাৰত ধৰমশালা নহয়! শ্ৰীলংকান নাগৰিকৰ আশ্ৰয় বিচাৰি কৰা আবেদন নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে

ভাৰত ধৰমশালা নহয়! শ্ৰীলংকান নাগৰিকৰ আশ্ৰয় বিচাৰি কৰা আবেদন নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে

“পাকিস্তানক আক্ৰমণৰ আগতীয়া খবৰ দি দেশৰ কিমান ক্ষতি হ’ল?” : বৈদেশিক মন্ত্ৰীক প্ৰশ্ন ৰাহুল গান্ধীৰ

“পাকিস্তানক আক্ৰমণৰ আগতীয়া খবৰ দি দেশৰ কিমান ক্ষতি হ’ল?” : বৈদেশিক মন্ত্ৰীক প্ৰশ্ন ৰাহুল গান্ধীৰ

অপাৰেচন সিন্দূৰৰ বিষয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ বাবে গ্ৰেপ্তাৰ অধ্যাপকৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

অপাৰেচন সিন্দূৰৰ বিষয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ বাবে গ্ৰেপ্তাৰ অধ্যাপকৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

কৰ্ণেল ছ’ফিয়া কুৰেশীক লৈ কুমন্তব্য কৰি বিপদত বিজেপি মন্ত্ৰী বিজয় শ্বাহ : বিশেষ তদন্তকাৰী দল গঠনৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

কৰ্ণেল ছ’ফিয়া কুৰেশীক লৈ কুমন্তব্য কৰি বিপদত বিজেপি মন্ত্ৰী বিজয় শ্বাহ : বিশেষ তদন্তকাৰী দল গঠনৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd