শুকুৰবাৰে সন্ধিয়া শিৱসাগৰ নগৰৰ ১২ নং ৱাৰ্ডৰ জামাল আহমেদ পথত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
২৪ জুলাইৰ পৰা কন্টেইনমেন্ট হৈ থকা আৱাসিক চৌহদৰ লোক সকলে খাদ্য সামগ্ৰী নোপোৱাৰ বাবেই এই প্ৰতিবাদ।
দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা এইসকল লোকে আজি ১৩ দিনে যমৰ যান্ত্ৰনাত ভূগিছে।
চৌহদটোত প্ৰায় ১৫ টা পৰিয়ালৰ প্ৰায় ৭০ জন মান ব্যক্তি বাস কৰে আৰু বিগত সময়ত তেওঁলোকে খাদ্য সামগ্ৰী বিচাৰি প্ৰশাসনক ফোন যোগে অৱগত কৰিছিল আৰু প্ৰশাসনৰ লোক আহি তেওঁলোকৰ নাম লৈ যায়।
কিন্তু আজি পৰ্যন্ত এইসকল লোকে কোনো ধৰণৰ সাহায্য লাভ কৰা নাই। কন্টেইনমেন্ট জ’ন ঘোষণা কৰাৰ বাবে অন্য লোকেও সহায় কৰিব পৰা নাই এই লোকসকলক।
এই কথা সংবাদ সাধ্যমত প্ৰকাশ পোৱাৰ পিছত শুকুৰবাৰে সন্ধিয়া খাদ্য সামগ্ৰী লৈ এখন গাড়ী উপস্থিত হয় অঞ্চলটোত।
কিন্তু এই সাহায্য তেওঁলোকৰ বাবে নহয় বুলি কয় ক’ভিডৰ দায়িত্বত থকা এগৰাকী বিজেপিৰ নেত্ৰীৰ পুত্ৰই।
সাহায্য সামগ্ৰী বিতৰণ কৰিবলৈ আহি তেওঁ কয় এই সাহায্য তেওঁলোকৰ নহয় আন্য স্থানৰ বাবেহে। ‘তোমালোকে সংবাদ মাধ্যমত প্ৰকাশ কৰিছা যেতিয়া সাংবাদিকে সাহায্য দিব’ বুলি উপলুঙা কৰে বিজেপি নেত্ৰীৰ পুত্ৰই। এই অভিযোগ কন্টেইনমেন্ট জ’নৰ বাসিন্দা সকলৰ।
ইয়াৰ বাবে আৱাসিক চৌহদটোৰ বাসিন্দা সকলে প্ৰতিবাদ কৰে। তেওঁলোকৰ দাবী হয় প্ৰশাসনে খাদ্য সামগ্ৰী দিয়ক নহয় কন্টেইনমেন্ট জ’ন উঠাই দিয়ক।
প্ৰশাসনৰ তৰফৰ পৰা আৱাসিক চৌহদটোলৈ অহা খাদ্য সামগ্ৰী তেওঁলোকক নিদি কিয় অন্য স্থানলৈ নিয়া হ’ল ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শিৱসাগৰত।
ইপিনে, শিৱসাগৰত ক’ভিডৰ নামত ৰাজনীতি চলিছে নেকি বুলি প্ৰশ্ন কৰিছে একাংশ সচেতন মহলে।