• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জুবিনক আক্ৰমণৰ চেষ্টা : কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

‘জুবিনে আন্দোলন কৰিব নালাগে, বিজেপি-কংগ্ৰেছী হোৱাটোও নিবিচাৰো’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 13, 2020 3:24 pm
62fa18ed-8898-472f-aefa-cc49535941cf
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি নিশা কোনো দুৰ্বৃত্তই জুবিন গাৰ্গক আক্ৰমণৰ চেষ্টা চলোৱাৰ পাছতে ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

জিএমচিএইচৰ প্লাজমা দান অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই ঘটনাৰ গৰিহনা দিয়াৰ লগতে জুবিনক সমালোচনা কৰিব নালাগে বুলিও উল্লেখ কৰে।

তেওঁ কয়, ‘জুবিন গাৰ্গৰ লগত যদি দুজন নিৰাপত্তাৰক্ষী নাথাকিলহেঁতেন তেন্তে পৰিস্থিতি বিষম হ’লহেঁতেন। ঘটনাটোক আমি গৰিহনা দিছো। মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাক দায়িত্ব দিয়া হৈছে। যিহেতু গাড়ীৰ নম্বৰ এজাহাৰত দি দিয়া হৈছে সেয়েহে তৎকালীনভাৱে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে।‘

ইপিনে, অসমৰ এচাম লোকে শিল্পীসকলক জীয়াই থকাৰ সময়ত সন্মান দিব নাজানে বুলি উল্লেখ কৰি তেওঁ সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰসংগ দাঙি ধৰে।

তেওঁ কয়, ‘ভূপেন হাজৰিকা যেতিয়া জীয়াই আছিল তেতিয়া অসমৰ মানুহে তেওঁকো কটু সমালোচনা কৰিছিল আৰু ব্যতিবস্ত কৰি তুলিছিল। মৃত্যুৰ পাছত মানুহজনৰ কাৰণে বহু কান্দিলো। কিন্তু সেইখিনি মানুহজনে দেখি নগ’ল। জীয়াই থকাৰ সময়ত যদি জাতিটোৱে সন্মান দিব নোৱাৰে পিছত এইটোৰ কিমান মূল্য আছে আমি নাজানো।‘

ইপিনে, জুবিন গাৰ্গক বিতৰ্কৰ পৰা আঁতৰাই ৰাখিব লাগে বুলি দাবী জনাই শৰ্মাই লগতে কয়, ‘তেওঁ যদি কিবা কথাত মাত মাতিব খোজে তেন্তে তেওঁক মানা কৰিব লাগে যে জুবিন তুমি এইটো আন্দোলনতো নালাগে, সেইটো আন্দোলনতো নালাগে।‘

হিমন্তৰ মতে ‘ৰাজনীতি কৰা আৰু আন্দোলনৰ কাৰণে বহু মানুহ থাকিব আৰু আছে। জুবিনক আমি মনে প্ৰাণে বিচাৰো অসমৰ কলা-সংস্কৃতিখিনি তেওঁ ধৰি ৰাখক। সেইকাৰণে জুবিনক বিজেপি হোৱাটোও নিবিচাৰো, কংগ্ৰেছী হোৱাটোও নিবিচাৰো। মই জুবিনক চৰকাৰৰ ফালেও নিবিচাৰো, চৰকাৰৰ বিৰুদ্ধেও নিবিচাৰো।‘

তদুপৰি, জুবিন গাৰ্গ অসমৰ কলা-সংস্কৃতিৰ বাহক হৈ থাকক বুলি উল্লেখ কৰি হিমন্তই লগতে কয়, ‘ৰাজনৈতিক কথাত তেওঁক আমি টানিব নালাগে। জুবিনৰ সহজ সৰল মন সেইটোক কোনেও আমাৰ স্বাৰ্থত ব্যৱহাৰ কৰিব নালাগে। এনেকুৱা ধৰণৰ ঘটনাই জাতিটোৰ কাৰণে দুখ আনে।‘

‘জুবিন গাৰ্গক লৈ ফেচবুকত বিতৰ্ক কৰিব নালাগে। কাৰণ আমি কোনো জুবিন গাৰ্গ হ’ব নোৱাৰো। জুবিনৰ যি গুণ আছে তাৰ সমকক্ষ আমি হ’ব নোৱাৰো। সেইকাৰণে বিতৰ্কৰ পৰা জুবিনক দূৰত ৰাখিব লাগে। তেওঁ বহু ওপৰলৈ যাব লাগে আৰু অসম মাতৃৰ বাবে সু-নাম কঢ়িয়াই আনিব লাগে। ৰাজনীতি কৰিবৰ বাবে আমি আছো।‘ হিমন্তই লগতে কয়।

তেওঁ আৰু কয়, ‘আৰক্ষীয়ে জুবিনক ৰক্ষণাবেক্ষণ দিবলগীয়াটো দুখৰ কথা। অসমীয়া মানুহে জুবিনক ৰক্ষা কৰিব লাগিব। কেতিয়াবা যেতিয়া আন্দোলনৰ সময়ত জুবিনৰ বিষয়ে দুই-এষাৰ ক’ব লাগে সেই সময়ত মোৰো দুখ লাগে।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

September 17, 2025 4:37 pm
সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

September 17, 2025 4:14 pm
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

September 17, 2025 3:33 pm
দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

September 17, 2025 3:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

September 17, 2025 4:37 pm
সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

September 17, 2025 4:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd