• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাত আৰক্ষীয়ে জব্দ কৰা বৃহৎ পৰিমাণৰ কাঠৰ গৰাকী ৱাজিৰ আহমেদক গ্ৰেপ্তাৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
August 14, 2020 6:50 pm
ফটো-নৰ্থ-ইষ্ট নাও

ফটো-নৰ্থ-ইষ্ট নাও

294
VIEWS
Share on FacebookShare on Twitter

বোকাখাতৰ লতাবাৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বিগত ১২ আগষ্টৰ নিশা বোকাখাত আৰক্ষীয়ে জব্দ কৰা কাঠ ভৰ্তি ট্ৰাক খনৰ চালক হেণ্ডিমেনৰ পাচত কাঠখিনিৰ গৰাকী ৱাজিৰ আহমেদ নামৰ লোকজনকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

ৱাজিৰ আহমেদ নামৰ এই লোকজন দীৰ্ঘদিনৰ পৰা কাঠৰ কাৰবাৰৰ সৈতে জড়িত হৈ আছিল বুলি জানিব পৰা গৈছে ৷

চোৰাংকাঠৰ গাড়ীৰে সৈতে গ্ৰেপ্তাৰ কৰা চালক আৰু হেণ্ডিমেনৰ স্বীকাৰোক্তি আৰু সাক্ষ্য প্ৰমাণৰ আধাৰতত ৱাজিৰ আহমেদক আজি গ্ৰেপ্তাৰ কৰা বুলি জনায় বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্তই ৷

বোকাখাত আৰক্ষীয়ে আজি ৱাজিৰ আহমেদক গ্ৰেপ্তাৰ কৰি বোকাখাতৰ আদালতত হাজিৰ কৰাৰ পাছত আদালতে দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে কাঠ ব্যৱসায়ী ৱাজিৰ আহমেদক ৷

ধৃত ৱাজিৰ আহমেদে জনোৱা মতে জব্দ কৰা কাঠখিনি তেওঁ অৰুণাচলৰ পৰা ক্ৰয় কৰিছিল আৰু যোৰহাটলৈহে প্ৰেৰণ কৰিছিল ৷

মন কৰিবলগীয়া যে যোৰহাটলৈ প্ৰেৰণ কৰা কাঠ ভৰ্তি ট্ৰাক খন বোকাখাত আৰক্ষীয়ে কিন্তু ১২ আগষ্টত গুৱহাটী অভিমুখে গৈ থকা অৱস্থাত বোকাখাতৰ লতাবাৰীতহে জব্দ কৰিছিল ৷

ইফালে, কাঠ কঢ়িয়াই অনা এ এছ ২৩ চি চি ২২১২ নম্বৰৰ ট্ৰাকখন জনৈক জুলি দহোটীয়াৰ নামত তিনিচুকীয়াত পঞ্জীয়ন কৰা বুলি জানিব পৰা গৈছে ৷

জব্দ কৰা কাঠৰ সৈতে জুলি দহোতীয়া জড়িত আছেনে নাই পৰৱৰ্তী অনুসন্ধানতহে জানিব পৰা যাব যদিও ঘটনাৰ সৈতে এটা অতি শক্তিশালী চক্ৰ জড়িত আছে বুলি আৰক্ষীৰ সুত্ৰত প্ৰকাশ ৷

Recent News

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd