• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক্ষমতাৰ বাবে প্ৰথম কাৰ্য্যকালতে বিজেপিত আৰম্ভ নেকি পূৰ্বৰ কংগ্ৰেছৰ দৰে বিসম্বাদ?

ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাই হিমন্ত বিশ্ব শৰ্মাক লৈ কৰা বক্তব্যই সূচাইছে কি?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 14, 2020 7:53 pm
BJP 123 Final
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ষমতাৰ লোভত বিজেপিত আৰম্ভ নেকি পূৰ্বৰ কংগ্ৰেছৰ দৰে বিসম্বাদ? বিশেষকৈ ২০১৩ চনৰ পৰা কংগ্ৰেছৰ ভিতৰছোৱাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰিক যি বিসম্বাদ আৰম্ভ হৈছিল সেই বিসম্বাদেৰেই পুনৰ উক-মুকনি লৈছে নেকি কংগ্ৰেছত? এই প্ৰশ্ন উত্থাপিত হৈছে সচেতন মহলত।

কিয়নো শেহতীয়াকৈ আজি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত প্লাজমা প্ৰদানৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদমাধ্যমৰ আগত এক বিশেষ মন্তব্য কৰিছে। যি মন্তব্যই বিজেপিৰ ভিতৰত উমি উমি জ্বলি থকা বিসম্বাদৰ জুইকুৰাৰ উমান পোৱা বুলি কিছু কিছুৱে ক’বলৈ বিচাৰে।

Apply Now

সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাই কয় ‘মুখ্য মন্ত্ৰী হোৱাৰ যোগ্যতা আছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

তেওঁ আৰু কয় ‘হিমন্ত বিশ্ব শৰ্মা অতি সফল মন্ত্ৰী। গতিকে তেওঁৰ মুখ্য মন্ত্ৰী হোৱাৰ যোগ্যতা নিশ্চয়কৈ থাকিব।‘

অৱশ্যে এইক্ষেত্ৰত দলে যি সিদ্ধান্ত ল’ব বা বিধায়কে যি সিদ্ধান্ত ল’ব সেইটোৱে হ’ব বুলি তেওঁ দাবী কৰে।

‘তেওঁৰ যোগ্যতা থকা বুলি সকলোৱে জানে। হিমন্ত বিশ্ব শৰ্মা ২০ বছৰ ধৰি অতি সফল মন্ত্ৰী। মইটো ক্লেয়াৰ কাট কথা কওঁ তেওঁ অতিকৈ যোগ্য।‘ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি অতি বিশ্বাসযোগ্যতা দেখুৱাই এইদৰে মন্তব্য কৰে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।

এইখিনিতে পুনৰ উল্লেখ কৰিছো বিসম্বাদৰ জুইকুৰা উমি উমি জ্বলিবলৈ আৰম্ভ কৰাৰ প্ৰমাণ পিযুষ হাজৰিকাৰ এই মন্তব্যই সূচাইছে নেকি?

ইপিনে, এসময়ৰ গগৈৰ মন্ত্ৰী সভাৰ অতি দক্ষ মন্ত্ৰী হিচাপে প্ৰায় ১৫ বছৰ কাল মন্ত্ৰীত্ব লাভ কৰা হিমন্ত বিশ্ব শৰ্মাই অৱশেষত ৩ বছৰ কাল থকাৰ সময়তে ক্ষমতাৰ বাবে বিসম্বাদ আৰম্ভ কৰিছিল বুলি চৰ্চিত হৈছিল।

এই বিসম্বাদৰ ফলতেই কংগ্ৰেছ দলটো চূৰ্ণ-বিচূৰ্ণ হৈছিল আৰু নিৰ্বাচনত অতিকৈ বেয়া ফলাফল হৈছিল।

প্ৰশ্ন হয়, বিজেপিৰ প্ৰথম পাঁচ বছৰতে এই বিসম্বাদ আৰম্ভ হৈছে নেকি? এইক্ষেত্ৰত এটা কথা ক’ব লাগিব যে যিসকল প্ৰকৃতাৰ্থত বিজেপি বা বহু পূৰ্বৰে পৰা বিজেপিৰ সৈতে জৰিত হৈ আছিল সেইসকলৰ যেন বৰ্তমান গুৰুত্ব কমি আহিছে দলৰ মজিয়াত। গতিকে বিপদৰ সময়ত অসমত দলটোক ধৰি ৰখা পুৰণি বিজেপিৰ ভুমিকা কি হ’ব?

বাহিৰৰ পৰা আহি বা অন্য ৰাজনৈতিক দলৰ পৰা আহি বিজেপিত বিভিন্ন পদ লৈ বা মন্ত্ৰিত্ব লৈ দপ দপাই আছে বা তেওঁলোকৰ হাতৰ মুঠিলৈ দলটোক নিবলৈ চেষ্টা কৰি আছে। এওঁলোকেই এতিয়া বিজেপিত সৰ্বে-সৰ্বা হ’বলৈ চেষ্টা কৰিছে নেকি?

ইপিনে, কংগ্ৰেছী নেতাসকলৰ বিজেপিত যোগদানৰ সময়তে বহু বিজেপিৰ পুৰণি নেতাই বিজেপি ত্যাগ কৰিছিল। ইয়াৰোপৰি, ৰাম প্ৰসাদ শৰ্মাৰ দৰে নেতাই প্ৰথমতে বিদ্ৰোহ কৰি পাছলৈ বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিলে।

সকলোৱে জ্ঞাত যে বিজেপিত এতিয়া বিজেপিত দুটা ফৈদৰ সৃষ্টি হৈছে। এটা হৈছে কংগ্ৰেছৰ পৰা অহা গ্ৰুপ আৰু আনটো হৈছে অগপ বা অন্য আঞ্চলিক শক্তিৰ পৰা অহা গ্ৰুপ। ইতিমধ্যে এই ফৈদ দুটাৰ মাজত শীতল যুদ্ধ আৰম্ভ হৈ গৈছে।

আজি পিযুষ হাজৰিকাই কৰা বক্তব্যই সেই শীতল যুদ্ধ ৰাজহুৱা হোৱাৰে ইংগিত দিছে নেকি?

বিজেপিৰ ভিতৰছোৱাত চলি থকা শীতল যুদ্ধৰ বিষয়ে বিজেপিৰ উচ্চ পৰ্য্যায়ৰ নেতাসকল অৱগত হয় নে নহয় সেয়াও লক্ষণীয় বিষয়। তথা জ্বলি থকা বিসম্বাদৰ জুইকুৰা নিৰ্বাপিত কৰাত দলীয় নেতৃত্বই কেনেধৰণৰ ব্যৱস্থা ল’ব সেয়াও লক্ষণীয়।

আনহাতে, পূৰ্বে চলা চৰ্চা অনুসৰি দক্ষ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৫০ ৰো অধিক বিধায়কৰ স্বাক্ষৰ লৈ কংগ্ৰেছৰ হাই কামাণ্ডক সাক্ষাৎ কৰিছিল যদিও হাই কামাণ্ডে তেওঁৰ বিপৰীতে তৰুণ গগৈৰ ওপৰত আস্থা প্ৰকাশ কৰাত সেই অভিযান ব্যৰ্থ হৈছিল। তেতিয়াই তেওঁ কংগ্ৰেছৰ হাই কামাণ্ডৰ বিৰুদ্ধে বিষোদগাৰ কৰি প্ৰায় একাষৰীয়া হৈ পৰিছিল।

সেই সময়তে সমগ্ৰ ভাৰতত বিজেপিৰ উত্থান হোৱাত তথা বিজেপিয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰাত তেওঁ বিজেপিৰ ফালে ধাৱমান হৈছিল।

সেই একেই ধৰণে বিজেপি দলতো মুখ্য মন্ত্ৰী হোৱাৰ বাবে কচৰৎ আৰম্ভ কৰিছে নেকি বুলি প্ৰশ্ন উত্থাপিত হৈছে। যদিও বিজেপিত হাই কামাণ্ড নাই, সংঘ পৰিয়ালকে বিজেপিৰ হাই কামাণ্ড বুলি ধৰিব পাৰি।

সংঘ পৰিয়ালৰ নেতাৰ আশীৰ্বাদ অবিহনে বিজেপিত আৰম্ভ হোৱা এই বিসম্বাদে পূৰ্ণতা পাই নে নাই সেয়া এতিয়ালৈকে স্পষ্টকৈ প্ৰকাশ কৰিব নোৱাৰি।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

June 19, 2026 9:30 am
অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

June 19, 2026 7:48 am
জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

June 19, 2026 9:30 am
অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

June 19, 2026 7:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd