• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুৰণি ৰেকৰ্ডকে বজাই সোণোৱালৰ দাবী: বিজেপিয়ে বিদেশীমুক্ত অসম গঢ় দিছে

আঞ্চলিকতাবাদী শিবিৰৰ বিদেশী সমস্যা ইচ্ছ্যু হাইজেক কৰিছে নেকি বিজেপিয়ে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 15, 2020 12:58 pm
b1a88042-13a2-4951-9a68-111a0f148968

সোণোৱাল

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিদেশী বহিস্কাৰৰ বাবে ৬ বছৰীয়া ঐতিহাসিক অসম আন্দোলন আৰু ৮৫৫ জন শ্বহীদৰ কেঁচা তেজৰ মূল্যৰ বিনিময়ত স্বাক্ষৰিত হৈছিল অসম চুক্তি। কিন্তু এই অসম চুক্তি ৰূপায়ণ কৰাৰ দাবীৰ আলম লৈয়ে বহু নেতা-মন্ত্ৰী হ’ল, মুখ্য মন্ত্ৰীও হ’ল। কিন্তু যোৱা ৩৫ বছৰে বিদেশী বহিস্কাৰ নহ’ল তথা বিদেশী সমস্যাৰ সমাধানৰ কোনো পদক্ষেপ কোনো এখন চৰকাৰেই গ্ৰহণ নকৰিলে।

আঞ্চলিকতাবাদী শিবিৰ বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থাৰ আন্দোলন-প্ৰতিবাদৰ মূল্য ইচ্ছ্যুৱে হ’ল অবৈধ বাংলাদেশী বহিস্কাৰ তথা বিদেশী মুক্ত অসম গঢ় দিয়া।

Apply Now

সেই আন্দোলন কৰিয়েই বহুজনে ৰাজনৈতিক পথাৰত খোজ দিলে আনকি আই এম ডি টি আইন বাতিল কৰি সদৌ অসম ছাত্ৰ সন্থাৰ পৰা জাতীয় নায়কৰ মুকুট পিন্ধি এতিয়া অসমৰ মুখ্য মন্ত্ৰী হৈ আছে সৰ্বানন্দ সোণোৱাল।

২০১৬ চনৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বে বিদেশী মুক্ত অসম গঢ় দিয়াৰ শ্ল’গান আখৈ ফুটাদি ফুটিছিল সৰ্বানন্দ সোণোৱালৰ মুখত।

বিজেপি চৰকাৰৰ নিৰ্বাচনী ইস্তাহাৰৰ মূল ইচ্ছ্যুৱেই আছিল বিদেশী বিতাৰণ আৰু অসম চুক্তিৰ সফল ৰূপায়ণ।

সেয়েহে ১৫ বছৰীয়া কংগ্ৰেছৰ অপশাসন আঁতৰাই বিজেপিক বিশ্বাসত লৈ সোণোৱালৰ নেতৃত্বত বিজেপিক চৰকাৰ বনোৱাত হাত উজান দিলে অসমীয়া ৰাইজে।

কিন্তু তাৰ ফলশ্ৰুতিত বিজেপিয়ে অসমীয়া ৰাইজলৈ উপহাৰস্বৰূপে দিলে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন।

কেন্দ্ৰীয় চৰকাৰে সজোৰে নাগৰিকত্ব বিলৰ সংশোধন কৰি ইয়াক আইনত পৰিণত কৰিলে। কেন্দ্ৰীয় চৰকাৰৰ সুৰতে সুৰ মিলাই অসমৰ বিজেপি চৰকাৰে অসমীয়া ৰাইজৰ উত্তাল প্ৰতিবাদ নেওচি আইনখনত পূৰ্ণ সমৰ্থন জনালে তথা অসমতো বলবৎ কৰাৰ সিদ্ধান্ত ল’লে।

বৰ্তমানো সদৌ অসম ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি অন্যান্য দল সংগঠনৰ নেতৃত্বত অসমৰ চৌদিশে ‘কা’ বিৰোধী আন্দোলন চলি থকা পৰিলক্ষিত হৈছে।

তেনে সময়তে আজি স্বাধীনতা দিৱসৰ দিনটোত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দাবী কৰিলে যে বিদেশী মুক্ত অসম গঢ় দিয়াৰ নিমিত্তে বিজেপি চৰকাৰে পদক্ষেপ লৈ আহিছে।

নিৰ্বাচনৰ পূৰ্বৰে পৰা বজাই অহা পুৰণি ৰেকৰ্ডখনেই যেন পুনৰ স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যবাসীক সম্বোধন কৰাৰ মাজত বজালে মুখ্য মন্ত্ৰী সোণোৱালে।

‘স্বাধীনতা দিৱসৰ পবিত্ৰ মুহূৰ্তত বিদেশী বিতাৰণৰ বীৰ শ্বঈদসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাই অসমবাসীক আশ্বস্ত কৰিব বিচাৰো যে অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণৰ বাবে অসম চৰকাৰ সম্পূৰ্ণৰূপে দায়বদ্ধ। সেয়েহে অসম চুক্তি ৰূপায়ণেৰে এখন বিদেশী মুক্ত অসম গঢ়ি তোলাৰ বাবে আমি আন্তৰিকতাৰে পদক্ষেপ লৈ আহিছো।‘ সোণোৱালে ভাষণৰ মাজতে এইদৰে দাবী কৰে।

সকলোৰে এটাই প্ৰশ্ন ‘CAA বলবৎ কৰি ২০১৪ চনলৈকে ভাৰতলৈ অহা ৬ ধৰ্মৰ লোকক বিশেষকৈ হিন্দু বাঙালীক অসম তথা ভাৰতত সংস্থাপন দিবলৈ উঠি পৰি লগা বিজেপি চৰকাৰৰ মুখ্য মন্ত্ৰী হিচাপে বিদেশী বহিস্কাৰ আন্দোলনৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱা বা স্মৰণ কৰাৰ অধিকাৰ আছে নে?’ CAA বলবৎ কৰি সোণোৱালে সেই অধিকাৰ হেৰুৱাই পেলোৱা নাই নে?

CAA বলবৎ কৰি ধৰ্ম নিৰপেক্ষতা চৰিত্ৰ হেৰুওৱা বিজেপি চৰকাৰক ইতিমধ্যে সাম্প্ৰদায়িক আখ্যা দিছে বিৰোধীয়ে।

আনহাতে, সোণোৱালে নিজৰ ভাষণত দাবী কৰি কয়, ‘বিগত ৩৫ বছৰে কোনো এখন চৰকাৰে অসম চুক্তিৰ দফা ৰূপায়ণৰ বাবে আগ্ৰহ প্ৰকাশ কৰা নাছিল। কিন্তু আমাৰ চৰকাৰৰ অনুৰোধ মৰ্মে প্ৰধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰীৰ তৎপৰতাত উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত এই চুক্তি ৰূপায়ণৰ বাবে এখন সমিতি গঠন কৰি দিয়ে।‘

‘এই পদক্ষেপে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অসম চুক্তি ৰূপায়ণৰ বাবে থকা পদক্ষেপৰ কথাই প্ৰতিফলন কৰে। এই কমিটিয়ে ২৫ ফেব্ৰুৱাৰিত প্ৰতিবেদন দাখিল কৰিছিল যদিও সেই সময়ৰ পৰা বৰ্তমানলৈকে ক’ৰ’ণা মহামাৰীয়ে সমগ্ৰ বিশ্বতে জনজীৱন স্থবিৰ কৰি তুলিছে। অসম চৰকাৰে সকলো প্ৰত্যাহ্বান গ্ৰহণ কৰিও অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে পদক্ষেপ লৈ আহিছে।‘ সোণোৱালে লগতে দাবী কৰি কয়।

এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে উচ্চস্তৰীয় কমিটিয়ে প্ৰতিবেদন দাখিল কৰাৰে পৰা যোৱা ৫ মাহে প্ৰতিবেদন কাৰ্য্যকৰী কৰাৰ সন্দৰ্ভত এটাও শব্দ উচ্চাৰণ কৰা নাছিল মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

সম্পূৰ্ণ ৫ মাহৰ পাছত আছুৱে প্ৰতিবেদনখন ৰাজহুৱা কৰাৰ পাছত মুখ খুলি পুনৰ পূৰ্বৰ বিদেশী বহিস্কৰণৰ ৰেকৰ্ডকে বজোৱা আৰম্ভ কৰিছে সোণোৱালে।

অৱশ্যে, আজিৰ মুখ্য মন্ত্ৰীৰ বক্তব্যতো এই ৬ নং দফা কাৰ্য্যকৰীকৰণ কি পৰ্য্যায়ত আছে বা কেনেধৰণে কাৰ্য্যকৰী কৰিব তাৰ আংশিক আভাসো দিয়া দেখিবলৈ পোৱা নগ’ল সোণোৱালক।

বৰঞ্চ সোণোৱালে পূৰ্বতে কৰা দাবী আওৰাই কয়, ‘মই অসমবাসীক দ্বিধাহীনভাৱে জনাব বিচাৰো যে অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহ’ব।‘

এটা কথা ঠিক যে পূৰ্বৰে পৰা আঞ্চলিকতাবাদী শক্তিসমূহৰ ইচ্ছ্যু আছিল বিদেশী বহিস্কৰণ। কিন্তু ২০১৪ চনৰ নিৰ্বাচনৰ পূৰ্বতে অনুষ্ঠিত প্ৰচাৰ সভাৰ পৰা যেন এই ইচ্ছ্যু বিজেপিৰ বাবে হৈ পৰিল প্ৰধান ইচ্ছ্যু।

নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি বিগত চাৰে চাৰিবছৰে ৰূপায়ণ নকৰি আজি পৰ্য্যন্ত এই ইচ্ছ্যুৰেই যেন প্ৰচাৰ চলাই জনতাক আভুৱা ভৰাৰ চেষ্টা কৰি আহিছে সোণোৱাল চৰকাৰে।

প্ৰশ্ন হয় ‘আঞ্চলিকতাবাদী শক্তিৰ পৰা বিদেশী বহিস্কাৰৰ ইচ্ছ্যুটো বিজেপিয়ে হাইজেকহে কৰিব বিচাৰিছে নেকি?

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

September 5, 2026 12:16 pm
মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

September 5, 2026 11:36 am
ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

September 5, 2026 11:04 am
ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

September 5, 2026 10:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

September 5, 2026 12:16 pm
মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

September 5, 2026 11:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd