• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘লুৰীণজ্যোতিয়ে আছুক নিজৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিছে’; বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি

‘কমিটি খনৰ প্ৰস্তাৱসমূহ নিৰ্দিষ্ট সময়সীমাৰ পূৰ্বেই ৰাজহুৱা কৰাটোৱে আছুৰ ন্যস্ত অভিসন্ধিকে সূচায়’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 16, 2020 5:47 pm
Lurin VS Anup
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘বিগত CAA আন্দোলনৰ সময়ৰ পৰাই কেৱল মাথোঁ নিজ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ উদ্দেশ্যৰে আছুৰ সত্বাক ব্যৱহাৰ কৰিছে লুৰীণজ্যোতি গগৈয়ে ।‘ নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিৰ জৰিয়তে এইদৰে আছুৰ সাধাৰণ সম্পাদকগৰাকীক সমালোচনা কৰে বিজেপি যুৱ মৰ্চাৰ সভাপতি অনুপ বৰ্মণে।

লুৰীণজ্যোতি গগৈক কটাক্ষ কৰি তেওঁ আৰু কয় ‘অসমৰ জনসাধাৰণৰ আৱেগক ধুলিসাৎ কৰি ভৰিৰে মোহাৰিবলৈয়ো কুণ্ঠিত হোৱা নাই বৰ্তমানৰ আছুৰ এই সম্পাদক গৰাকী৷ সুদীৰ্ঘ সময় অসমৰ ছাত্ৰ সমাজক প্ৰতিনিধিত্ব কৰি অহা অসমীয়া জাতীয় সংগঠনটোক কেৱল মাথোঁ কেইজনমান নেতাৰ ন্যস্ত স্বাৰ্থ পূৰণৰ এক আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে বৰ্তমানৰ আছুৰ সম্পাদকগৰাকীয়ে৷’

Apply Now

অনুপ বৰ্মণৰ মতে ‘বৰ্তমান আৰু আছু কোনো জাতীয় সংগঠন হৈ থকা নাই, ক্ৰমান্বয়ে ই এক ৰাজনৈতিক দললৈ পৰিৱৰ্তন হৈছে৷ এই কথা সংগঠনটোৰ নেতৃত্বৰ মুখত ইতিমধ্যেই স্পষ্ট হৈ পৰিছে।

ইপিনে,  অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ আৰু কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া কমিটিখনৰ প্ৰস্তাৱসমূহ নিৰ্দিষ্ট সময়সীমাৰ পূৰ্বেই ৰাজহুৱা কৰাটোৱে আছুৰ ন্যস্ত অভিসন্ধিকে সূচায় বুলি বৰ্মণে দাবী কৰে।

‘অন্যথা কমিটিখনে চৰকাৰক বান্ধি দিয়া দুবছৰ সময়সীমাৰ পাঁচ মাহ নহওঁতেই আছুৱে ইমান লৰালৰিকৈ প্ৰস্তাৱসমূহ ৰাজহুৱা কৰাৰ বিশেষ কোনো কাৰণ নাছিল৷ হয়তো বিগত ৩৫ বছৰে কাৰ্যকৰী নোহোৱাকৈ পৰি ৰোৱা বিষয় এটা সমাধানৰ ক্ষেত্ৰত চৰকাৰে লোৱা কাৰ্যপন্থাই আছুৰ আগন্তুক ৰাজনৈতিক কুচকাৱাজত প্ৰভাৱ পেলাব বুলি লুৰিণজ্যোতি গগৈ প্ৰমুখ্যে একাংশ নেতৃবৰ্গ শংকিত হৈছে আৰু সেয়েহে ইচ্ছ্যুটোক লৈ বিতৰ্কৰ সৃষ্টি কৰি ৰাজনৈতিক বতাহ উত্তাল কৰি ৰাখিবলৈ চৰকাৰক আক্ৰমণ আৰম্ভ কৰিছে৷’ অনুপ বৰ্মণে এইদৰে কয়।

যুৱমৰ্চাৰ সভাপতি গৰাকীয়ে লগতে কয় ‘সৌ সিদিনা লুৰীণজ্যোতি গগৈয়ে “হু ইজ হিমন্ত বিশ্ব শৰ্মা” বুলি কোৱা কথাটোৱে আচলতে তেওঁৰে অজ্ঞতাৰ কথা সূচাইছে। তেওঁ হয়তো পাহৰিছে যে, আছুৰ পৰাই জন্ম লভা আৰু প্ৰায় দহ বছৰ কাল শাসনত অধিষ্ঠিত থকা প্ৰফুল্ল কুমাৰ মহন্ত দেৱৰ নেতৃত্বাধীন অগপ চৰকাৰে কিম্বা কংগ্ৰেছ চৰকাৰে সামান্যতমো সদিচ্ছা প্ৰকাশ নকৰাকৈয়ে ৩৫ বছৰ কাল অসম চুক্তিৰ প্ৰতিটো দফা কেৱল কাগজতেই পৰি ৰ’ল।‘

‘কিন্তু বিজেপি দলে ক্ষমতালৈ আহিয়েই অসম আন্দোলনৰ শ্বহীদৰ পৰিয়ালসমূহক মৰ্যদা প্ৰদান কৰি আৰ্থিক অনুদানো আগবঢ়াইছিল।‘ বৰ্মণে এইদৰে কয়।

লুৰীণজ্যোতি গগৈক সকিয়াই অনুপ বৰ্মণে কয় ‘লুৰিণজ্যোতি ডাঙৰীয়া, আপুনি নিশ্চয় জানে যে, ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসম চৰকাৰৰ এজন সন্মানীয় মন্ত্ৰী, অসমৰ ৰাইজৰ প্ৰতিনিধি। ৬ নং দফা সন্দৰ্ভত অসমৰ সকলো ৰাইজৰে মাত মতাৰ অধিকাৰ আছে কাৰণ সেইটো কেৱল লুৰীণজ্যোতি গগৈৰ ব্যক্তিগত বিষয় নহয়। ৰাইজৰ প্ৰতিনিধি হিচাপে এইক্ষেত্ৰত মত প্ৰকাশ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে মন্ত্ৰীগৰাকীৰ।‘

তেওঁ লগতে কয় ‘গগৈ ডাঙৰীয়াই এইটোও জনা উচিত যে অসম বিধানসভাই গ্ৰহণ কৰাৰ পিছতহে অসমীয়াৰ সংজ্ঞা নিৰূপণ হ’ব৷ আৰু তেতিয়াহে অসম চুক্তিৰ ৬ নং দফাৰ ৰূপায়ণ বাস্তৱায়িত হ’ব।‘

‘আজি যদিহে অসমৰ ৰাইজে প্ৰশ্ন কৰে “হু ইজ লুৰীণজ্যোতি বুলি?? অসমৰ ৰাইজৰ ক্ষেত্ৰত তেওঁৰ অৱদান কি বুলি?” কি উত্তৰ দিব তেখেতে? শ্ৰীমন্ত শংকৰ শংঘৰ দৰে এক জাতীয় অনুষ্ঠানকো অপমান কৰিব পৰা লুৰীণজ্যোতি গগৈৰ শিষ্টাচাৰ অসমৰ ৰাইজে ইতিমধ্যে জানিছেই।‘ বৰ্মণে এইদৰে গগৈক সমালোচনা কৰি কয়।

অসমৰ ৰাইজলৈ আহ্বান জনাই বৰ্মণে কয় ৰাইজে বিচাৰ কৰক, অসমৰ ৰাইজৰ আৱেগ, শ্বহীদৰ তেজ আৰু আত্মাৰ অনুষ্ঠান আছুক মাথোঁ কেইজনমান ব্যক্তিৰ ন্যস্ত স্বাৰ্থ পূৰণৰ কাৰণে কোনোৱে ব্যৱহাৰ নকৰে৷’

আছুৰ সাধাৰণ সম্পাদকগৰাকীক এইদৰে সমালোচনা কৰাৰ পাছত এতিয়া তেওঁৰ প্ৰতিক্ৰিয়া কি হ’ব সেয়া সময়ত লক্ষ্যণীয় হ’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

June 19, 2026 11:27 am
জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

June 19, 2026 9:30 am
অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

অন্তিম ২০ মিনিটত ৫ গ’ল! ‘ছুপাৰ ছাব’ জোহান মানজাম্বিৰ যাদুৰে বছনিয়াক ৪-১ গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডে

June 19, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

June 19, 2026 11:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd