• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিৰ্বাচনী অংক! : ৰাজ্যত ৩ শতাধিক শিক্ষানুষ্ঠান আৰু ৪ হাজাৰোধিক শিক্ষক পদ প্ৰাদেশিকীকৰণ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 18, 2020 6:28 pm
index
496
VIEWS
Share on FacebookShare on Twitter

শিক্ষা বিভাগৰ কেইবাটাও ঘোষণাৰে আজি জনতা ভৱনত এক গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰীজনৰ ঘোষণাত ২২ হাজাৰ ছাত্ৰীক স্কুটি, শ-শ বিদ্যালয়-মহাবিদ্যালয় প্ৰাদেশিকীকৰণ; হাজাৰ হাজাৰ অপ্ৰাদেশীকৃত শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ ইত্যাদি বিষয়ে স্থান পায়।

সংবাদমেলত ড০ শৰ্মাই কয় ‘সুদীৰ্ঘ ৬ বছৰৰ অন্তত অসম চৰকাৰে কেবাখনো বিদ্যালয়ৰ প্ৰাদেশিকীৰণ কৰে। বৰ্তমানলৈকে মুঠ ৩৫৫ খন বিদ্যালয় প্ৰাদেশিকীৰণ কৰা হৈছে। এই বিদ্যালয়সমূহৰ ভিতৰত আছে ১৯৭ খন উচ্চ মাধ্যমিক বিদ্যালয়, ৯ খন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু জুনিয়ৰ কলেজ ১৪৯ খন।‘

তেওঁ লগতে উল্লেখ কৰি কয় ‘২৭ খন মহাবিদ্যালয়কো প্ৰাদেশিকীৰণ কৰা হ’ব।‘

তদুপৰি, মাধ্যমিক শিক্ষা পৰিষদৰ ৩০৪৯ গৰাকী শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় ‘ঠিক তেনেদৰে উচ্চ শিক্ষা বিভাগৰ অধীনত ৯৩৯ গৰাকী শিক্ষকৰ চাকৰি নিয়মীয়া কৰা হৈছে।‘

ৰাজ্যপালে এইসমূহ পদত আজি অনুমোদন জনায় বুলি তেওঁ জানিবলৈ দিয়ে।

ইপিনে, ২১ আগষ্টৰ পৰা ৩০ আগষ্টৰ ভিতৰত প্ৰাথমিক বিদ‍্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ সকলো শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰীসকলে বাধ্যতামূলক ভাৱে কোভিড পৰীক্ষা কৰাব লাগিব বুলি উল্লেখ কৰি তেওঁৰ ঘোষণা ‘১ ছেপ্তেম্বৰত যোগদান কৰিব লাগিব কৰ্মস্থানত। তদুপৰি কৰ্মস্থানত যোগদান নকৰিলে দৰমহা কৰ্তন কৰা হ’ব।‘

অৱশ্যে, ছাত্ৰ-ছাত্ৰী কেতিয়া বিদ‍্যালয়লৈ আহিব সেয়া ৰাজ‍্য চৰকাৰে ভাৰত চৰকাৰৰ নিৰ্দেশ পোৱাৰ পিছতহে জনাব বুলি তেওঁ সংবাদমেলত উল্লেখ কৰে।

তদুপৰি, মুঠ ১৫০ গৰাকী শিক্ষকক লৈ ৫ ছেপ্তেম্বৰৰ দিনা শিক্ষক দিৱস ৰাজ্যিকভাৱে অনুষ্ঠিত হ’ব বুলি তেওঁ জনায়।

‘৫০ গৰাকী শিক্ষকক লগত লৈ জিলাসমূহতো শিক্ষক দিৱস অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত শিক্ষাৰ্থী থাকিব নোৱাৰিব।’ কোভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ জনায়।

তাৎপৰ্যপূৰ্ণভাৱে, ভাদ মাহত নামঘৰলৈ যোৱা লোকসকলক সাৱধান কৰি দি মন্ত্ৰী হিমন্তই কয় ‘১৫ জনতকৈ অধিক লোক নামঘৰত একেলগে সমবেত হ’ব নোৱাৰিব।‘

ইয়াৰোপৰি, ৰাজ্যৰ ২২ হেজাৰ ছাত্ৰীলৈ অসম চৰকাৰৰ তৰফৰ পৰা স্কুটি দিয়া হ’ব বুলি উল্লেখ কৰি হিমন্তই লগতে কয় ‘উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগ পোৱা ২২ হেজাৰ ছাত্ৰীক এই স্কুটি দিয়া হ’ব। এই বাহনসমূহৰ খৰচ প্ৰতিখনতে ৫০ৰ পৰা ৫৫ হেজাৰকৈ হ’ব বুলি অনুমান কৰা হৈছে।‘

ভাৰতী আঁচনিৰ অধীনত এই স্কুটি প্ৰদান কৰা হ’ব বুলি মন্ত্ৰীয়ে সদৰী কৰে।

ইপিনে, কোনো লোকে বিচাৰিলে বৈদ্যুতিক ব্যৱস্থাৰে চলাচল হোৱা স্কুটিও যোগান ধৰা হ’ব বুলি সদৰী কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় ‘এইক্ষেত্ৰত উচ্চ শিক্ষা সঞ্চালকালয়ে দিয়া sebaonline.org নামৰ ৱেবচাইটত বৈদ্যুতিক স্কুটি লাগিব নেকি উল্লেখ কৰিব পাৰিব।‘

অক্টোবৰ মাহৰ ১৫ তাৰিখৰ পূৰ্বেই স্কুটি দিয়া হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জনায়।

Recent News

মুম্বাই বিমানবন্দৰত NIAৰ জালত আইছিছৰ শ্লীপাৰ চেলৰ সদস্য

মুম্বাই বিমানবন্দৰত NIAৰ জালত আইছিছৰ শ্লীপাৰ চেলৰ সদস্য

ক’চিং অবিহনে JEE পৰীক্ষাত ভাৰতৰ ভিতৰত শীৰ্ষস্থান লাভ কৰা অসমৰ কন্যাই কিদৰে পঢ়িছিল? জানক সবিশেষ…

ক’চিং অবিহনে JEE পৰীক্ষাত ভাৰতৰ ভিতৰত শীৰ্ষস্থান লাভ কৰা অসমৰ কন্যাই কিদৰে পঢ়িছিল? জানক সবিশেষ…

১০ লাখ গাজাবাসীক নিগাজিকৈ লিবিয়ালৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ!

১০ লাখ গাজাবাসীক নিগাজিকৈ লিবিয়ালৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ!

ভাৰতীয় বংশোদ্ভৱ ব্ৰিটিছ লেখক ছলমান ৰুছদীক আক্ৰমণ কৰা ব্যক্তিক ২৫ বছৰৰ কাৰাদণ্ড

ভাৰতীয় বংশোদ্ভৱ ব্ৰিটিছ লেখক ছলমান ৰুছদীক আক্ৰমণ কৰা ব্যক্তিক ২৫ বছৰৰ কাৰাদণ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd