• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দল কেতিয়াকৈ?: দল নহয়, পৰামৰ্শদাতা কমিটিহে ঘোষণা কৰিলে আজি এজেৱাইচিপিৰ সৈতে আছুৱে

ৰাজ্যৰ গণ্য মান্য ব্যক্তিৰে আছু AJYCPএ গঠন কৰিলে পৰামৰ্শদাতা কমিটি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 19, 2020 6:23 pm
2fcd3a6e-78af-4dd8-b3a3-8e8c18356260(1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৭৯ চনৰ অসম আন্দোলন আৰু তাৰ পৰিণতিত ১৯৮৫ চনত আছুৰ ঔৰসত ভূমিষ্ঠ হোৱা অসম গণ পৰিষদে ২০১৬ চনত ৰাষ্ট্ৰীয়তাবাদী শক্তিৰ সৈতে মিত্ৰতা কৰি আঞ্চলিকতাবাদী চৰিত্ৰ হেৰুওৱা বুলি অভিযোগ তুলিছে আছু আৰু এজেৱাইচিপিৰ নেতৃত্বই।

এই সম্পৰ্কত এক সংবাদমেল সম্বোধন কৰি আছুৰ আৰু এজেৱাইচিপিৰ নেতৃত্বই পৰামৰ্শ দাতা সমিতি গঠন কৰা বুলি ঘোষণা কৰে।

Apply Now

পাণবজাৰস্থিত হোটেল প্ৰাগ কন্টিনেন্টেলত সম্বোধন কৰা সংবাদমেলত আছুৰ সভাপতি দিপাংক নাথে কয় ‘অসমীয়া জাতিৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত সদৌ অসম ছাত্ৰ সন্থা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিভিন্নধৰণৰ কাৰ্য্যসূচী হাতত ল’লে। যিহেতু ১৯৮৫ চনতে সদৌ অসম ছাত্ৰ সন্থা আৰু সেই সময়ৰ আন্দোলনকাৰী সংগঠনসমূহে গঠন কৰা আঞ্চলিক ৰাজনৈতিক দলটোৱে ২০১৬ চনত ৰাষ্ট্ৰীয় দলৰ লগত একাকাৰ হৈ অসমৰ স্বাৰ্থ বিঘ্নিত কৰিলে। পৰৱৰ্তী সময়ত অসমৰ ভৱিষ্যৎ তথা অসমীয়া জাতিক সুৰক্ষিত কৰাৰ স্বাৰ্থত সদৌ অসম ছাত্ৰ সন্থা আৰু যুৱ ছাত্ৰ পৰিষদে একেলগে পদক্ষেপ গ্ৰহণ কৰা হৈছে।’

‘অসমীয়া জাতিৰ ভৱিষ্যৎ সুৰক্ষিত কৰিবৰ বাবে অসমক ভাল পোৱা কেইগৰাকীমান অসম প্ৰেমী ব্যক্তিৰ কাষ চাপিছিলো। সেই কেইগৰাকী ব্যক্তিক লৈ অসম পৰামৰ্শদাতা কমিটি গঠন কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে।‘ সংবাদমেলত নাথে এইদৰে কয়।

ইপিনে, এই কমিটিখনে ভৱিষ্যৎ নিৰ্ণয়ৰ বাবে দিহা পৰামৰ্শ দিব সদৌ অসম ছাত্ৰ সন্থা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক। এই কথা নাথে জানিবলৈ দিয়ে।

এই কমিটিৰ উপদেষ্টা হিচাপে থাকিব বিশিষ্ট নিবন্ধকাৰ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ নগেন শইকীয়া আৰু বিশিষ্ট সাহিত্যিক ডঃ অৰূপ কুমাৰ দত্ত। সমিতিৰ অন্যান্য সদস্যসকল ক্ৰমে মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰী, বিশিষ্ট চলচিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডঃ কৃষ্ণগোপাল ভট্টাচাৰ্য, সন্দিকৈ মহাবিদ্যালয়ৰ প্ৰাক্তন সহকাৰী অধ্যাপক বসন্ত ডেকা, কামৰূপ জিলাৰ প্ৰাক্তন উপায়ুক্ত ধীৰেণ শইকীয়া, আলী হাইদৰ লস্কৰ, ৰূপা চাংমাই, আবু ছাহিদ ৰফিকউদ্দিন আহমেদ, পৃথ্বিৰাজ ৰাভা, সূৰ্য্য থাওছেন, হুছেইন আহমেদ লস্কৰ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা প্ৰণৱজ্যোতি শইকীয়া, প্ৰদীপ কোঁচ আৰু সঞ্জয় কুমাৰ তাঁতী।

এই সমিতিৰ প্ৰাৰম্ভিক সহায়ক হিচাপে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই থাকিব।

ডঃ কৃষ্ণগোপাল ভট্টাচাৰ্য্য আৰু বসন্ত ডেকা এই সমিতিৰ আহ্বায়ক হিচাপে থাকিব।

শৈক্ষিক সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক দিশত পৰামৰ্শ দিয়াৰ বাবে এই সমিতি গঠন কৰি দিয়া হৈছে বুলি নাথে জনায়।

ইপিনে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাই কয় ‘সদৌ অসম ছাত্ৰ সন্থা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নিজৰ আঞ্চলিকতাবাদী চৰিত্ৰ অক্ষুন্ন ৰাখি আগবাঢ়ি যোৱাৰ চিন্তা চৰ্চা কৰা হৈছে।

সংবাদমেলত উপস্থিত থকা লুৰিণজ্যোতি গগৈয়ে কয় ‘অৰ্থনৈতিক লুন্ঠনৰ ধাৰা অসমৰ ৰাইজে দেখি আহিছে। বিভিন্ন সময়ত অসমৰ জনসাধাৰণ সাম্প্ৰদায়িক ৰাজনৈতিক শক্তি সন্মুখত বাৰে বাৰে প্ৰতাৰিত হৈ আহিছে। ৮৫ৰ প্ৰতাৰণা আৰু ২০১৬ৰ পৰিৱৰ্তনকামী চিন্তা ধাৰাৰ কথাই কওঁক প্ৰতিটো মুহূৰ্তত অসমীয়া মানুহৰ চিন্তা-আৱেগ বাৰে বাৰে মোহাৰি পেলোৱা হৈছে। বাৰে বাৰে অসমীয়া ৰাইজক ঠগি অহা হৈছে।‘

‘প্ৰতাৰণাৰ পৰিৱেশৰ পৰা পৰিত্ৰাণ পোৱাৰ স্থায়ী সমাধান অসমৰ ৰাইজে বিচাৰিছে। আপোচবিহীন এটা শক্তি লাগে বুলি অসমৰ মানুহৰ মানুহলৈ এটা ভাৱ আহিছে।‘ গগৈয়ে লগতে কয়।

আনহাতে, সংবাদমেলত উপস্থিত থকা এজেৱাইচিপিৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে কয় ‘অসম আন্দোলনৰ পৰিসমাপ্তিত গঠন হোৱা অগপই অসমৰ ৰাইজক বিশ্বাসঘাটকতা কৰিছে। যাৰ ফলত অসমলৈ বিজেপিৰ চৰকাৰ আহিবলৈ সুবিধা পালে। আমি দেখিলো এইখন চৰকাৰেও অসমক বিশ্বাসঘাটকতা কৰিলে। অসমৰ ৰাইজে কেনে ধৰণেৰে মুক্তি পাব সেই সম্পৰ্কত অসমক এটা পথ দেখুৱাবলৈ এই সমিতিখন গঠন কৰা হৈছে।”

ইপিনে, সংবাদমেলত উপস্থিত থকা সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই কয় ‘অসমৰ খিলঞ্জীয়া মানুহৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বাৰ্থত অসম পৰামৰ্শদাতা কমিটিয়ে সিদ্ধান্ত ল’ব। আমি আশা কৰো এই কমিটিয়ে সঠিক সময়ত সঠিক পৰামৰ্শ আগবঢ়াব।”

তেওঁ লগতে কয় ‘আছুৱেই হৈ থাকিব। যুৱ ছাত্ৰ পৰিষদো একেই থাকিব। অৰাজনৈতিক ছাত্ৰ সংগঠন পৰম্পৰা আমাৰ অব্যাহত থাকিব। এই পৰামৰ্শদাতা সমিতিয়ে সময়সাপেক্ষ পদক্ষেপ গ্ৰহণ কৰিব।‘

অৱশ্যে, পৰামৰ্শদাতা কমিটিয়ে কেতিয়া প্ৰতিবেদন প্ৰদান কৰিব সেয়া বৰ্তমানো নিশ্চিত কৰা নাই সদৌ অসম ছাত্ৰ সন্থাই।

এই পৰামৰ্শ দাতা কমিটি গঠনৰে আছুৱে সময়োচিত পদক্ষেপ লোৱা বুলি টুইটাৰযোগে উল্লেখ কৰে প্ৰাক্তন মন্ত্ৰী জগদীশ ভুঞাই।

প্ৰশ্ন হয়, সদৌ অসম ছাত্ৰ সন্থাৰ ঔৰসত যদি দ্বিতীয়টো ৰাজনৈতিক দল ভূমিষ্ঠ হয় তেন্তে অসমৰ ৰাইজে আঁকোৱালি ল’ব নে? সেয়া সময়ত লক্ষণীয় হ’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

June 19, 2026 1:19 pm
প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

গুৱাহাটীৰ প্ৰৱেশপথ খানাপাৰাত পথচাৰীৰ দুৰ্দশা: যান-জঁট আৰু অপৰিষ্কাৰ পৰিৱেশে ব্যাহত কৰিছে যাতায়াত

June 19, 2026 11:27 am
জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

June 19, 2026 9:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

June 19, 2026 1:19 pm
প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd