হিন্দুত্ববাদী নেতা সত্য ৰঞ্জন বৰাৰ বিৰুদ্ধে পুনৰ এজাহাৰ দাখিল৷ মাৰ্ঘেৰিটা সদৰ আৰক্ষী থানাত আজি এজাহাৰ দাখিল কৰিছে আমছুৱে৷
হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে আজি মাৰ্ঘেৰিটা সদৰ থানাত আমছুৱে এজাহাৰ দাখিল কৰে।
ইছলাম ধৰ্মালম্বী লোকসকলক লক্ষ্য কৰি বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ তুলি সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে আমছুৱে।
উল্লেখযোগ্য যে, বিগত ১৮ আগষ্টত সত্যৰঞ্জন বৰাই জাতীয় সত্তা আৰু হিন্দু চেতনাৰ যাত্ৰা শীৰ্ষক অভিযানৰ অংশস্বৰূপে মাৰ্ঘেৰিটাত উপস্থিত হৈছিল ৷
১৯ আগষ্টৰত মাৰ্ঘেৰিটাৰ লোকনাথ বাবাৰ মন্দিৰত এক দলীয় সভাত অংশগ্ৰহণ কৰাৰ পাছতেই দুপৰীয়া এখন সংবাদমেল সম্বোধন কৰিছিল বৰাই।
উক্ত সংবাদ মেলত সত্যৰঞ্জন বৰাই নিজৰ মনোভাৱ ব্যক্ত কৰি মাৰ্ঘেৰিটাত ভৰি দি তেওঁ অত্যন্ত দুখী হৈছে বুলি উল্লেখ কৰি হিন্দু জাতিসত্তাৰ অন্যতম গৰুক লৈ মাৰ্ঘেৰিটাত বেহা চলিছে বুলি মত প্ৰকাশ কৰিছিল।
আনহাতে, একাংশ মুছলমানে লাভ জেহাদৰ নামত হিন্দু যুৱতীক টাৰ্গেট কৰি লোৱাৰ লগতে ভুৱা নামেৰে হিন্দু যুৱতীৰ সতে প্ৰেমৰ অভিনয় কৰিছে বুলিও বৰাই কয়।
ধৰ্মান্তকৰণৰ প্ৰক্ৰিয়া কোৰাণৰ কৰবাত নহয় কৰবাত লিপিবদ্ধ আছে সেয়েহে লাভ জেহাদৰ নামত নিজৰ আচল পৰিচয় গোপন কৰি ধৰ্মান্তকৰণৰ প্ৰক্ৰিয়া মুছলমান সকলে আৰম্ভ কৰিছে বুলি সত্যৰঞ্জন বৰাই অভিযোগ তুলিছিল।
‘‘মুছলমানে আমাৰ মাটি দখল কৰিব, বাই-ভনীক নষ্ট কৰিব, আমাক সকলো ফালৰ পৰা নিশকটীয়া কৰিব আৰু আমি কিয় মাত নামাতিম,’’ বিজেপিৰ নেতা গৰাকীয়ে এইদৰে সংবাদমেলত কৈছিল।
বৰাৰ সংবাদমেলৰ পাছতে তেওঁৰ মন্তব্যক লৈ মাৰ্ঘেৰিটাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু আমছুৱে বৰাৰ বিৰুদ্ধে আজি এজাহাৰ দাখিল কৰে।
এজাহাৰত আমছু নেতৃত্বই দিয়া অভিযোগ অনুসৰি সত্যৰঞ্জন বৰাৰ এনে মন্তব্যই মাৰ্ঘেৰিটাত শান্তিপূৰ্ণ ভাবে বাস কৰি থকা হিন্দু-মুছলমানৰ সমন্বয়ৰ ওপৰত আঘাত হানিব আৰু মুছলমান ধৰ্মাৱলম্বী কেইজনমান অপৰাধীৰ বাবে গোটেই জাতিটোক নিন্দা কৰাতো কোনোপধ্যেই গ্ৰহণযোগ্য নহয়।