বি টি চিৰ কেন্দ্ৰবিন্দু কোকৰাঝাৰ চহৰৰ বডোফা সাংস্কৃতিক ভৱনত বড়ো লেখক সন্থাৰ উদ্যোগত আৰু বি টি চিৰ সহযোগত অহা ১০ মাৰ্চৰ পৰা ২০ মাৰ্চলৈ ৰাষ্ট্ৰীয় জনজাতীয় গ্ৰন্থ উৎসৱ তথা বড়োলেণ্ড গ্ৰন্থমেলা আৰু বাণিজ্যমেলা অনুষ্ঠীত হ’ব।
এই কথা আজি সংবাদমেলৰ জৰিয়তে জনাইছে বড়ো লেখক সন্থাৰ সাধাৰণ সম্পাদক ৰণেন ৰাজেন নাৰ্জাৰীয়ে৷
গ্ৰন্থমেলা আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যমেলাত সাহিত্যৰ বিষয়ক আলোচনা চক্ৰবোৰত অসমৰ বহুকেইজন সাহিত্যিকৰ লগতে ইণ্ডোনেছিয়া, জাপান, বাংলাদেশ আৰু ভূটান ৰাষ্ট্ৰৰ পৰা অহা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ লগতে পশ্চিম বংগৰ পৰাও কেইবাজনো সাহিত্যিকে অংশগ্ৰহণ কৰিব বুলিও ৰণেন মুছাহাৰীয়ে জানিবলৈ দিয়ে৷ আনহাতে এই মেলাত জনজাতীয় খাদ্যৰ বিপণিও থাকিব৷
আয়োজকৰ সূত্ৰই জনোৱামতে উক্ত গ্ৰন্থমেলা আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যমেলাত মুখ্য অতিথি হিচাপে বাংলাদেশৰ এছ অনন্ত বিকাশ, ঈণ্ডোনেছিয়াৰ বিশিষ্ট সাহিত্যিক ছ’নিয়া ফিছিয়ান্ত্ৰী, এন বি টিৰ সঞ্চালক ড০ ৰীতা চৌধুৰী, অধ্যক্ষ ড০ বালদেউ ভাই শৰ্মা উপস্থিত থাকিব।
আনহাতে মুকলি সভাত বি টি চিৰ মুখ্য কাৰ্য্যবাহী হাগ্ৰামা মহিলাৰী, অসমৰ বন আৰু পৰিৱেশ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, বি টি চিৰ উপ মুখ্য কাৰ্য্যবাহী খাম্ফা বৰগয়াৰী উপস্থিত থাকিব।