বতাহৰ গতিত বৃদ্ধি পাই গৈছে দেশত ক’ৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা।
এই সংখ্যাই ৩ নিযুতৰ ঘৰ অতিক্ৰম কৰাৰ দিশে অগ্ৰসৰ হৈছে। দেশত এতিয়া ক’ৰ’ণাত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হৈছেগৈ ২৯,৭৫,১০৭ গৰাকী।
এতিয়ালৈকে এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ৫৫,৭৯৪ গৰাকী লোকৰ।
দেশত ক’ৰ’ণাত মৃত্যু ঘটা লোকৰ শতাংশ হাৰ হৈছে ১.৮৭।
একেদৰে ক’ৰ’ণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ কোভিডত আক্ৰান্ত হোৱা ২২,২২,৫৭৭ গৰাকী লোকে ইতিমধ্যে এই ৰোগৰ পৰা মুক্ত হবলৈ সক্ষম হৈছে।
ক’ৰ’ণাৰ পৰা মুক্ত হোৱা লোকৰ শতাংশ হাৰ হৈছে ৭৪.৬৯।
কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি মাত্ৰ এটা দিনৰ ভিতৰতে দেশত ১০,২৩,৮৩৬টা ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা সম্পন্ন কৰা হৈছে।
স্বাস্থ্য দপ্তৰৰ তথ্য অনুসৰি এতিয়ালৈকে দেশত ৩,৪৪,৯১,০৭৩ টা ক’ৰ’ণা ভাইৰাছৰ নমুনাৰ পৰীক্ষা কৰা হৈছে।
বিগত ২৪ ঘণ্টাত দেশত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৬৪,৬৭৪ গৰাকী।
২৪ ঘণ্টাত এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে ৯৪৫ গৰাকী লোকে।
ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষাৰ হাৰ বঢ়াবলৈ চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে।