• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অভিযোগ প্ৰতি অভিযোগত উত্তপ্ত খণ্ডিত কংগ্ৰেছী ৰাজনীতি : দুলুক উভতি ধৰিলে ‘বৰা’ৰ বাহিনীয়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 23, 2020 9:40 pm
APCC VS Dulu
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছৰ পৰা নিলম্বিত তথা কালি স্ব-ইচ্ছাৰে পদত্যাগ কৰা বুলি ঘোষণা কৰা দুলু আহমেদে  ‘বৰা’ উপাধিধাৰী চৰিত্ৰ আখ্যান বখনাৰ পাছতে প্ৰদেশ কংগ্ৰেছৰ তিনি নেতৃত্বই ‘স্পষ্টীকৰণ’ দিবলৈ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰে।

উক্ত সংবাদমেলতে সাংবাদিকৰ আগত দুলু আহমেদে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীক হোৱাটছএপ যোগে দিয়া ভাবুকিৰে ভৰা বাৰ্তা প্ৰদৰ্শন কৰে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক সঞ্জু বৰুৱাই।

ৰিপুন বৰাই দুলু আহমেদৰ বিৰুদ্ধে গোচৰ দিবলগীয়া কিয় হ’ল তাৰ কাৰণ বাখ্যা কৰি সঞ্জু বৰুৱাই কয় ’৩০ মাৰ্চ ২০২০ত এটা হোৱাটছএপ মেছেজ দিছিল মোৰ ব্ৰেইনটো গৰম কৰি লৈছ বুলি প্ৰথমটো মেছেজ দিছে। আৰু কেইদিনমান ৰহ তোৰ মুখত মহিলাই থু পেলোৱাৰ ব্যৱস্থা কৰি আছো। মোৰ সন্মুখত ধমকি দি চা। নপুংসকৰ নিচিনা মোক বেলেগৰ আগত ধমকি দিব চেষ্টা নকৰিবি। তোৰ নিচিনা…….. এটাই। চাব মন আছে যদি কোনোবা দালাল এটাক পঠাই দে আৰু গম পাই যাবি কি কি কৰিব পাৰো। মোক ভয় দেখুওৱাৰ দিন গ’ল, এতিয়া মোৰ দিন। আৰু ৩০ বছৰ কৰিম ৰাজনীতি, তোৰ ২০২১ শেষ হ’বলগীয়া আছিল যদিও ইমানদিন নালাগে আৰু খালি চাই থাক কি কৰি আছো। দি দিম নেকি ফেইচবুকত? নাক উলিয়াব নোৱাৰিবি। মই কেৱল মোৰ ইজ্জতৰ কথা ভাবি কৰা নাই। তোৰ ইজ্জত নাই।‘

সঞ্জু বৰুৱাৰ প্ৰশ্ন ‘এনেবোৰ মেছেজ দলৰ পৰা নিলম্বিত সাধাৰণ সম্পাদকে দিব পাৰে নেকি?’

‘৪২০ ক’ৰবাৰ, মোক ভয় খুৱাব আহিছ। আৰু খালী এবাৰ জোকাই দেখা। মতাৰ পাছত গম পাবি তই। মোক নিলম্বন কৰি এটা দাগ লগাই দিলি। মই ইমান সহজে এৰি নিদিওঁ তোক, বহু সোনকালে ৰিটাৰ্ণ দি আছো তোক। মোৰ পাবলগীয়া আৰু একো নাই। তোক বৰবাদ কৰিহে শান্তি পাম। যিমান শক্তি আছে মোৰ বিৰুদ্ধে লগাই দে, তোক নাঙঠ কৰি আছো। ক’ৰ’নাই তোক বচাই দিলে। তোৰ মুখা ইতিমধ্যে খোল খাইছে মেইন ফেজত, এইবাৰ মাথো মোক জোকাই চা গম পাই যাবি।‘ হোৱাটছএপযোগে এইদৰে ভাবুকি দিয়া বুলি গুৰুতৰ অভিযোগ তুলি সঞ্জু বৰুৱাই এইদৰে কয়।

ইপিনে, দুলু আহমেদে তিনিচুকীয়াৰ হোটেলৰ ঘটনাৰ সৈতে সঞ্জু বৰুৱা আৰু ইমদাদ হুছেইন তেওঁৰ সৈতে থকা বুলি উল্লেখ কৰা ঘটনা সন্দৰ্ভত বৰুৱাই কয় ‘তিনিচুকীয়াৰ কোনো হোটেল থাকোতে কোনো এগৰাকী মহিলাই ৰাতি আহি দুৱাৰত টুকৰ দি বৰা উপাধিৰ কোনোবাই অত্যাচাৰ চলোৱা বুলি কৈছে। এইটো গোকাট মিছা কথা।‘

আনহাতে, দুলু আহমেদক বিজেপিৰ এজেন্ট সজাই সঞ্জু বৰুৱাই কয় ‘২০১৬ চনৰ পূৰ্বে যেতিয়া হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ এৰি গুচি গৈছিল তেতিয়া কংগ্ৰেছ দলত দুই এজন বিজেপিৰ এজেন্ট থাকি গৈছিল। সেই দুই এজন বিজেপিৰ এজেন্টে বিৰোধী দলপতিৰ কথা গৈ ৰিপুন বৰাক লগায় আৰু ৰিপুন বৰাৰ সন্মুখত বিৰোধী দলপতিৰ কথা লগায়। হৰিশ ৰাৱাতৰ আগত গৈ ৰিপুন বৰাৰ কথা লগায়।‘

আনহাতে, উক্ত সংবাদমেলত উপস্থিত থকা আন এগৰাকী সাধাৰণ সম্পাদক ইমদাদ হুছেইনে কয় ‘দুলু আহমেদে তেওঁৰ মন্তব্যত কোনো স্পষ্টভাৱে প্ৰকাশ কৰা নাই। দুলু আহমেদৰ হাতত কোনো তথ্য পাতি নোহোৱাকৈ মানসিক ভাৰসাম্য হেৰুৱাই একাংশ কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰিছে। দুলু আহমেদৰ এই বক্তব্যৰ পাছত আমি দলৰ একান্ত নিষ্ঠাবান কৰ্মী হিচাপে তীব্ৰ ভাষাৰে গৰিহণা দিছো।‘

‘কংগ্ৰেছ দলক অসমৰ ৰাইজে আকোৱালি লৈছে আৰু অসমত পুনৰবাৰ কংগ্ৰেছৰ চৰকাৰ হোৱাটো নিশ্চিত। সভাপতি ৰিপুন বৰা নেতৃত্বত সমগ্ৰ অসমতে এক জাগৰণ সৃষ্টি হৈছে। গতিকে এই মুহূৰ্তত বিজেপিয়ে ৰিপুন বৰাক ব্যতিবস্ত কৰি তুলিবলৈ চেষ্টা কৰিছে। ৰিপুন বৰাৰ ক্ষেত্ৰত অনা অভিযোগৰ ক্ষেত্ৰত বিজেপিয়ে দুলু আহমেদক ব্যৱহাৰ কৰিছে।‘ হুছেইনে লগতে কয়।

ইপিনে, কংগ্ৰেছত থকাৰ সময়ত দুলু আহমেদে বিজেপিৰ হৈ কাম কৰা পৰিলক্ষিত হৈছে বুলি দাবী কৰি হুছেইনে কয় ‘যাৰ পৰিপ্ৰেক্ষিতত দুলু আহমেদে নিজৰ প্ৰত্যকটো কথা নিজৰ ফেইচবুকৰ একাউন্টৰ জৰিয়তে ৰাজহুৱা কৰিছিল। পূৰ্বেও ৰকিবুল হুছেইন আৰু দেবব্ৰত শইকীয়াৰ বিৰুদ্ধে দুলু আহমেদে অভিযোগ কৰিছিল। আনকি কংগ্ৰেছ দলৰ ১৩ জন বিধায়কক বাংলাদেশী বুলি মন্তব্য কৰিছিল।‘

আহমেদৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সন্দৰ্ভত তেওঁৰ পৰা পুনৰ প্ৰতিক্ৰিয়া জানিবলৈ ফোনযোগে যোগাযোগ কৰা হৈছিল যদিও তেওঁক ফোন পোৱা নগ’ল।

https://www.facebook.com/NNUnscripted/videos/1715968758554018

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm
ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd