চাহ জনগোষ্ঠী লোক সকলৰ জাতীয় উৎসৱ কৰম পুজা উপলক্ষে ভাদ মাহৰ শুক্লা একাদশী তিথিৰ দিনটো চৰকাৰী বন্ধৰ দিনৰ দিন হিচাবে ঘোষণা কৰাৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে আজি বোকাখাততো অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাখাত শাখাৰ উদ্যোগত সাংস্কৃতিক প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷
বোকাখাতৰ মাজমজিয়াত গড়কপ্তানি বিভাগৰ পৰিদৰ্শন ভৱনৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথতে ছাত্ৰ সংগঠনটোৱে এই সাংস্কৃতিক প্ৰতিবাদ সাব্যস্ত কৰে ৷
জাতীয় সাজ পৰিধান কৰি কৰমডাল হাতত লৈ মাদলৰ চেৱে চেৱে নাচি ছাত্ৰ সংগঠনটোৰ সদস্য সকলে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷
আটচাৰ কেন্দ্ৰীয় কমিতিৰ মুখ্য সাংগঠনিক সম্পাদক অনিত গড়, জিলা সমিতিৰ সম্পাদক কুমুদ কালিন্দী আৰু শাখা সমিতিৰ সভাপতি সম্পাদকৰ লগতে প্ৰায় শতাধিক সদস্যই এই সাংস্কৃতিক প্ৰতিবাদ কাৰ্যসুচীত অংশ গ্ৰহণ কৰে ৷
প্ৰায় এঘন্টা সময় ধৰি চলা এই প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ সংগঠনটোৰ প্ৰতিবাদী সদস্য সকলে গীতে-মাতে উত্তাল কৰি তোলে বোকাখাতৰ আকাশ বতাহ ৷