• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উৎকোচ গ্ৰহণ কোনো চৰকাৰী কৰ্তব্য নহয়! ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিবলৈ এতিয়াৰে পৰা নালাগে পূৰ্বানুমতি

ৰাজস্থানৰ এজন আৰক্ষী কনিষ্টবলৰ আবেদন খাৰিজ কৰি সৰ্বোচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে উৎকোচ গ্ৰহণ চৰকাৰী কৰ্তব্যৰ অংশ নোহোৱাৰ বাবে এনে অপৰাধৰ তদন্তত কোনো পূৰ্বানুমতিৰ প্ৰয়োজন নাই।

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 19, 2026 6:34 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰী বিষয়া বা আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত উৎকোচ দাবীৰ অভিযোগৰ তদন্ত কৰিবলৈ কোনো আগতীয়া অনুমোদন বা পূৰ্বানুমতিৰ প্ৰয়োজন নাই বুলি উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। যোৱা ১৬ অক্টোবৰত ন্যায়াধীশ এছ ভি এন ভাট্টি আৰু ন্যায়াধীশ এন ভি আঞ্জাৰিয়াৰ খণ্ডপীঠে দুৰ্নীতি নিবাৰক আইনৰ অধীনত ৰাজস্থানৰ এজন আৰক্ষী কনিষ্টবলৰ আবেদন খাৰিজ কৰি এই তাৎপৰ্যপূৰ্ণ পৰ্যবেক্ষণ আগবঢ়ায়। সৰ্বোচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে উৎকোচ গ্ৰহণ কৰাটো কেতিয়াও চৰকাৰী কৰ্তব্য পালনৰ অংশ হ’ব নোৱাৰে, সেয়েহে এনে অভিযোগৰ তদন্তৰ ক্ষেত্ৰত আইনে প্ৰদান কৰা সুৰক্ষা প্ৰযোজ্য নহ’ব।

 

Apply Now

খণ্ডপীঠৰ হৈ ৰায়দান লিখি ন্যায়াধীশ আঞ্জাৰিয়াই ৰাজস্থান উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ সিদ্ধান্তক বাহাল ৰাখে, য’ত তেজৰাম নামৰ আৰক্ষী কনিষ্টবলজনৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক আইনৰ ৭ নং ধাৰাৰ অধীনত অভিযোগ গঠন কৰা হৈছিল। উল্লেখ্য যে ২০১৮ চনত সংশোধিত দুৰ্নীতি নিবাৰক আইনৰ ৭ নং ধাৰা অনুসৰি, চৰকাৰী কৰ্তব্য পালনৰ নামত অসৎ উপায়েৰে কোনো সুবিধা গ্ৰহণ কৰা বা গ্ৰহণৰ চেষ্টা কৰা চৰকাৰী বিষয়াক শাস্তি প্ৰদানৰ বিধান আছে। কনিষ্টবলগৰাকীয়ে যুক্তি দৰ্শাইছিল যে আইনখনৰ ১৭(এ) ধাৰা অনুসৰি তেওঁৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰাৰ পূৰ্বে কৰ্তৃপক্ষৰ পৰা আগতীয়া অনুমোদন লোৱা হোৱা নাছিল। কিন্তু সৰ্বোচ্চ ন্যায়ালয়ে এই যুক্তি খণ্ডন কৰি কয় যে ধন আত্মসাৎ, হিচাপৰ জালিয়াতি, প্ৰৱঞ্চনা, অপৰাধমূলক বিশ্বাসঘাটকতা আৰু উৎকোচ গ্ৰহণৰ দৰে অপৰাধসমূহ উক্ত ধাৰাৰ সুৰক্ষা পৰিসৰৰ বাহিৰত।

 

উচ্চতম ন্যায়ালয়ে উল্লেখ কৰে যে আইনখনৰ ১৭(এ) ধাৰাটো চৰকাৰী বিষয়াসকলক কৰ্তব্য পালনৰ সময়ত লোৱা বৈধ সিদ্ধান্ত বা অনুমোদনৰ বাবে হাৰাশাস্তিৰ পৰা ৰক্ষা কৰিবলৈহে প্ৰণয়ন কৰা হৈছিল। এই ধাৰাটো সকলো ক্ষেত্ৰতে সমানে প্ৰযোজ্য নহয় বুলি স্পষ্ট কৰি আদালতে কয় যে এই সুৰক্ষা কেৱল তেতিয়াহে প্ৰযোজ্য হ’ব, যেতিয়া চৰকাৰী বিষয়াগৰাকীয়ে নিজৰ চৰকাৰী কৰ্তব্য পালনৰ খাতিৰত প্ৰকৃততে কোনো ‘সিদ্ধান্ত’ গ্ৰহণ কৰে বা ‘পৰামৰ্শ’ আগবঢ়ায়। যিহেতু উৎকোচ গ্ৰহণ কৰাটো এনে কোনো চৰকাৰী কৰ্তব্যৰ অন্তৰ্গত নহয়, সেয়েহে এই ক্ষেত্ৰত ১৭(এ) ধাৰাৰ সুৰক্ষা দাবী কৰিব নোৱাৰি।

 

আদালতৰ তথ্য অনুসৰি, ৰাজস্থানৰ চিৰোহীত উপ-আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত কৰ্মৰত কনিষ্টবল তেজৰামৰ বিৰুদ্ধে দেবেন্দ্ৰ কুমাৰ নামৰ আন এজন কনিষ্টবলে ২০২১ চনৰ ২২ এপ্ৰিলত ইমেইলযোগে এক অভিযোগ দাখিল কৰিছিল। অভিযোগ অনুসৰি, তেজৰামে আৰক্ষী অধীক্ষকৰ নামত ডেৰ লাখ টকাৰ উৎকোচ দাবী কৰিছিল। ইয়াৰ পাছতে ২০২১ চনৰ ৪ জুনত তেওঁৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰা হয় আৰু ১ ছেপ্টেম্বৰত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। ২০২৪ চনৰ জানুৱাৰীত অভিযোগনামা দাখিল কৰাৰ পাছত ছেপ্টেম্বৰ মাহত পালিৰ এখন বিশেষ আদালতে তেওঁৰ বিৰুদ্ধে অভিযোগ গঠন কৰে। এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই তেজৰামে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও ২০২৫ চনৰ মাৰ্চ মাহত তেওঁৰ আবেদন খাৰিজ কৰা হয়। পৰৱৰ্তী সময়ত সৰ্বোচ্চ ন্যায়ালয়েও এই গোচৰটোত একেই ৰায় বাহাল ৰাখে, যাৰ ফলত এতিয়া অভিযুক্ত কনিষ্টবলগৰাকীৰ বিৰুদ্ধে দুৰ্নীতিৰ আইনী প্ৰক্ৰিয়া আৰু বিচাৰ অব্যাহত থাকিব।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উৎকোচ গ্ৰহণ কোনো চৰকাৰী কৰ্তব্য নহয়! ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিবলৈ এতিয়াৰে পৰা নালাগে পূৰ্বানুমতি

উৎকোচ গ্ৰহণ কোনো চৰকাৰী কৰ্তব্য নহয়! ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিবলৈ এতিয়াৰে পৰা নালাগে পূৰ্বানুমতি

October 19, 2026 6:34 pm
টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ পাছতে চৰ্চাত বিষ্ণৈ গেং: চলমানৰ পাছত এইবাৰ বিষ্ণৈ গেঙৰ টাৰ্গেটত বলীউডৰ কোন কোন তাৰকা?

টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ পাছতে চৰ্চাত বিষ্ণৈ গেং: চলমানৰ পাছত এইবাৰ বিষ্ণৈ গেঙৰ টাৰ্গেটত বলীউডৰ কোন কোন তাৰকা?

October 19, 2026 4:44 pm
সাৱধান! ৰে’লত ডাঙৰকৈ গান বাজালে ভৰিব লাগিব জৰিমনা, যাব লাগিব জে’ললৈকো

সাৱধান! ৰে’লত ডাঙৰকৈ গান বাজালে ভৰিব লাগিব জৰিমনা, যাব লাগিব জে’ললৈকো

October 19, 2026 3:11 pm
১৬১.২৭ কোটি টকাৰে ৩৪টা ছিগনেল জেমাৰ ক্ৰয় দিল্লী আৰক্ষীৰ, ব্যৱহাৰৰ তথ্য প্ৰকাশত অনীহা

১৬১.২৭ কোটি টকাৰে ৩৪টা ছিগনেল জেমাৰ ক্ৰয় দিল্লী আৰক্ষীৰ, ব্যৱহাৰৰ তথ্য প্ৰকাশত অনীহা

October 19, 2026 1:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উৎকোচ গ্ৰহণ কোনো চৰকাৰী কৰ্তব্য নহয়! ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিবলৈ এতিয়াৰে পৰা নালাগে পূৰ্বানুমতি

উৎকোচ গ্ৰহণ কোনো চৰকাৰী কৰ্তব্য নহয়! ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিবলৈ এতিয়াৰে পৰা নালাগে পূৰ্বানুমতি

October 19, 2026 6:34 pm
টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ পাছতে চৰ্চাত বিষ্ণৈ গেং: চলমানৰ পাছত এইবাৰ বিষ্ণৈ গেঙৰ টাৰ্গেটত বলীউডৰ কোন কোন তাৰকা?

টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ পাছতে চৰ্চাত বিষ্ণৈ গেং: চলমানৰ পাছত এইবাৰ বিষ্ণৈ গেঙৰ টাৰ্গেটত বলীউডৰ কোন কোন তাৰকা?

October 19, 2026 4:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd