কৰ’নাত আক্ৰান্ত হোৱাৰ পাছত প্ৰথমবাৰ সুস্থ হৈ ঘৰলৈ উভতাৰ পাছত যোৱা ১৮ আগষ্ট্ত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ পুনৰ নতুন দিল্লীৰ এইমছত ভৰ্তি হৈছিল।
কিন্তু এইবাৰ সম্পূৰ্ণ সুস্থ হৈ এইমছৰ পৰা ঘৰলৈ উভতিছে অমিত শ্বাহ।
কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকী যোৱা ২ আগষ্টত কৰ’নাত আক্ৰান্ত হৈছিল। কিন্তু কৰ’নামুক্ত হোৱাৰ এক সপ্তাহ পাৰ নৌহওতেই পুনৰ অসুস্থ হৈ পৰিছিল অমিত শ্বাহ আৰু হাস্পাতলত ভৰ্তি হ’বলগীয়া হয়।
কৰ’নামুক্ত হোৱাৰ কেইদিনমানৰ পাছতে গৃহ মন্ত্ৰীগৰাকীয়ে দেহত ক্লান্তি তথা বেদনা অনুভৱ কৰাত চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁক হাস্পাতলত ভৰ্তি কৰা হৈছিল।
কৰ’নাত আক্ৰান্ত হোৱাৰ বাবে গৃহ মন্ত্ৰীগৰাকীয়ে ৰাম মন্দিৰৰ ভূমি পূজাত উপস্থিত থাকিব পৰা নাছিল।
ৰাম মন্দিৰৰ ভূমি পূজা হৈ যোৱাৰ পাছত অমিত শ্বাহে প্ৰধান মন্ত্ৰী মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল।
যোৱা ১৮ আগষ্ট্ৰ পৰা এইমছত চিকিৎসাধীন হৈ থকা গৃহ মন্ত্ৰী অমিত শ্বাহে হাস্পাতলৰ পৰাই তেওঁৰ বিভাগৰ কামকাজ সমূহ পৰিচালনা কৰিছিল।
চিকিৎসকৰ তৎপৰতাত তেওঁ বৰ্তমান সম্পূৰ্ণ সুস্থ হৈ উঠিছে। সেয়ে, সোমবাৰে পুৱা ৭ বজাত তেওঁক হাস্পাতলৰ পৰা যাবলৈ দিয়া হয়।





