এজন নিৰ্দয় একনায়ক উত্তৰ কোৰিয়াৰ শাসক কিম জং উন। ক্ষমতাৰ বাবে সকলো কৰিবলৈ প্ৰস্তুত একনায়ক কিম জং উন।
এই কিম জং উনৰ বিৰুদ্ধে অভিযোগ আছে যে ক্ষমতা লাভৰ পথ নিষ্কণ্টক কৰিবলৈ মালয়েছিয়াৰ বিমান বন্দৰত নিজ ভাতৃকো হত্যা কৰিছিল।
এতিয়া কিম জং উনে নিজ ভগ্নী কিম জং ইয়োক হত্যা কৰিছে বুলি একাধিক আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত জল্পনা কল্পনা আৰম্ভ হৈছে।
কিছুমান আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মতে যোৱা ২৭ জুলাইৰ পৰা কিম জং উনৰ ভগ্নী কিম জং ইয়োক কোনেও প্ৰত্যক্ষ কৰা নাই।
একাংশ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মতে কমি জং উনৰ অসুস্থতাৰ সুযোগত ক্ষমতা দখলৰ চেষ্টা কৰাৰ অভিযোগত নিজ ভগ্নীক হত্যা কৰা হৈছে।
ইফালে কিছুদিন পূৰ্বে সংবাদ মাধ্যমত প্ৰকাশ পাইছিল যে কিম জং উনৰ অসুস্থতাৰ বাবে ভগ্নী কিম জং ইয়োক দেশখনৰ ‘ছেকণ্ড ইন কমাণ্ড’ হিচাপে নিযুক্ত কৰা হৈছিল।
আন্তঃৰাষ্ট্ৰীয় কিছু বিশ্লেষকৰ মতে ক্ষমতা হস্তান্তৰ সংক্ৰান্তীয় কামৰ বাবে উনৰ ভগ্নী কিম জং ইয়োৱে সংবাদ মাধ্যমত প্ৰকাশ্যে কাকো দেখা দিয়া নাই।
উল্লেখ্য যে ৰহস্যময় উত্তৰ কোৰিয়াৰ পৰিস্থিতি বিগত কিছু মাহ ধৰি আৰু অধিক ৰহস্যঘন হৈ পৰিছে।
কিছুদিন পূৰ্বে উত্তৰ কোৰিয়াৰ শাসক গৰাকী ক’মাত আছে বুলি দাবী কৰিছিল দেশখনৰ চিৰ বৈৰী ৰাষ্ট্ৰ দক্ষিণ কোৰিয়াই।
কিন্তু ইয়াৰ পিছতে উত্তৰ কোৰিয়া শাসকজনে সকলো জল্পনা কল্পনাৰ অন্ত পেলাই প্ৰকাশ্যে ধৰা দিছিল বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছিল।
ইফালে কিম জং উনৰ ভগ্নী ৩৩ বছৰীয়া কিম উন ইয়ো বৰ্তমান আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যথেষ্ট চৰ্চাৰ বিষয় হৈ উঠিছে।
২০১৮ চনৰ পৰা কিম জং ইয়োৱে কেৱল দেশতে নহয় আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিতো নিজৰ সৱল উপস্থিতিৰ উমান দিছিল।
মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে উত্তৰ কোৰিয়াৰ মিত্ৰতা স্থাপনত উনৰ ভগ্নী ইয়োৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল বুলি আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি আৰু কূটনৈতিক মঞ্চত চৰ্চা হৈছিল।