বক্সিঙত বিশ্ব জয় কৰি অংকুশিতা বড়োই অসমবাসীৰ বাবে সাফল্য কঢ়িয়াই অনাৰ পিছত এইবাৰ বিশ্বৰ ক্ৰীড়া জগতত অসমৰ নাম উজলাবলৈ সক্ষম হৈছে আন এগৰাকী অসম সন্তানে। শৰীৰ চৰ্চাবিদ ছৰিফুল শইকীয়াই এইবাৰ কঢ়িয়াই আনিছে এই সাফল্য। ছিংগাপুৰত দেওবাৰে অনুষ্ঠিত হোৱা এছিয়া পেচিফিক প্ৰ’ এম চেম্পিয়নশ্বিপৰ ৮০ ৰ পৰা ৯০ কেজিৰ শাখাত এই খিতাপ আঁজুৰি আনে ছৰিফুলে ৷ ইয়াৰ পূৰ্বে ছৰিফুলে দুবাৰকৈ মিষ্টাৰ ইণ্ডিয়া খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷ আনহাতে, অহা ১৬ ডিচেম্বৰত পাঞ্জাবত অনুষ্ঠিত হ’ব লগীয়া মিষ্টাৰ ইণ্ডিয়া ব’ডি বিল্ডিং চেম্পিয়নশ্বিপত ছৰিফুলে অংশগ্ৰহণ কৰিব৷ শৰীৰ চৰ্চাবিদ ছৰিফুল শইকীয়াৰ ঘৰ নগাঁও চহৰত ।





