জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এক শক্তিশালী বাওঁপন্থা ভাৰতত প্ৰয়োজনীয় বুলি মত প্ৰকাশ কৰিছে।
ত্ৰিপুৰাত চি পি আই (এম) নেতৃত্বাধীন বাওঁ মৰ্চাৰ পৰাজয়ৰ প্ৰসংগত ৰমেশে কয়, ‘ভাৰতত বাওঁপন্থা শক্তিশালী হ’ব লাগিব। বাওঁপন্থাৰ বিলোপন দেশৰ বাবে এক বিপৰ্য্যয়।’
‘আমি বাওঁপন্থীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি যাম আৰু আমি ৰাজনৈতিক প্ৰতিদ্বন্দ্বী’ বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘কিন্তু মই ক’ব খোজো যে ভাৰতে বাওঁপন্থাৰ বিলোপনৰ ভাৰ সহিব নোৱাৰিব।’
ত্ৰিবান্দমত স্থপতিবিদ লৰি বে’কাৰৰ শতবৰ্ষ উদযাপনৰ মূল ভাষণ প্ৰদান কৰি ৰমেশে কয় যে বাওঁপন্থীসকলে ৰাইজৰ আশা-আকাংক্ষা বুজিবলৈ চেষ্টা কৰা উচিত।
তেওঁ এই মন্তব্য কৰাৰ সময়ত চি পি আই (এম) নেতা তথা কেৰালাৰ বিত্ত মন্ত্ৰী টি এম টমাচো উপস্থিত আছিল।
শেহতীয়াকৈ ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত বিজেপি-আই পি এফ টি মিত্ৰজোঁটৰ হাতত চি পি আই (এম) পৰাজিত হৈছিল। শনিবাৰে ঘোষিত ফলাফলত বিজেপিয়ে ৩৫ খন আৰু আই পি এফ টিয়ে ৮ খন আসন পাইছিল।