• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিল্লী বিমানবন্দৰত কিয় ৩ ঘণ্টা আৱদ্ধ হৈ থাকিল মুখ্যমন্ত্ৰী ভগৱন্ত মান? ৫০ হাজাৰ টকাৰ জৰিমনা বিহাৰ অভিযোগ আপৰ

পেৰিছৰ পৰা উভতি অহাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীক হাৰাশাস্তি কৰাৰ অভিযোগ তুলি কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা আম আদমী পাৰ্টীৰ।

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 21, 2026 12:37 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেৰিছৰ পৰা উভতি অহাৰ পিছত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত প্ৰায় তিনি ঘণ্টা ধৰি আৱদ্ধ কৰি ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আম আদমী পাৰ্টীয়ে। দলটোৱে দাবী কৰা অনুসৰি, মুখ্যমন্ত্ৰীগৰাকীক হাৰাশাস্তি কৰাৰ লগতে তেওঁক ৫০ হাজাৰ টকাৰ জৰিমনাও বিহা হয়। বিৰোধী শিবিৰৰ নেতা হোৱাৰ বাবেই মুখ্যমন্ত্ৰীগৰাকীক কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত ইচ্ছাকৃতভাৱে এনেদৰে হাৰাশাস্তি কৰা হৈছে বুলি আপৰ নেতাসকলে অভিযোগ তুলিছে।

 

Apply Now

শেহতীয়াকৈ পঞ্জাৱৰ মুখ্যমন্ত্ৰীগৰাকী ফ্ৰান্স ভ্ৰমণলৈ গৈছিল। আপৰ অভিযোগ অনুসৰি, পেৰিছৰ পৰা উভতি অহাৰ পিছতে দিল্লী বিমানবন্দৰত তেওঁক বাধা প্ৰদান কৰা হয়। দলটোৱে দাবী কৰা মতে, বিমানবন্দৰৰ বিষয়াসকলে স্বীকাৰ কৰিছে যে তেওঁলোকৰ ওপৰত ‘উচ্চপদস্থ মহলৰ পৰা তীব্ৰ হেঁচা’ আছিল। অৰবিন্দ কেজৰিৱালৰ দলটোৱে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ প্ৰতি কৰা এনে আচৰণক সম্পূৰ্ণৰূপে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰিছে।

 

পঞ্জাৱত আপৰ মিডিয়া ইন-চাৰ্জ বালতেজ পান্নুৱে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা অনুসৰি, পেৰিছৰ পৰা উভতি অহাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে দিল্লী বিমানবন্দৰত দীৰ্ঘসময় ধৰি থিয় হৈ থাকিবলগীয়া হয়। তালাচী চলোৱাৰ অচিলাৰে তেওঁৰ বেগ আৰু প্ৰয়োজনীয় সামগ্ৰীসমূহ হস্তান্তৰ কৰাত পলম কৰা হয়। প্ৰায় তিনি ঘণ্টাৰ মূৰত বেগ হাতত লৈ বিমানবন্দৰৰ পৰা ওলাই যাবলৈ ওলোৱাৰ সময়তে বিষয়াসকলে পুনৰ তেওঁৰ পথ ভেটি ধৰে আৰু হাতত ৫০ হাজাৰ টকাৰ জৰিমনাৰ চালান তুলি দিয়ে। অৱশ্যে কি কাৰণত এই জৰিমনা বিহা হ’ল, সেই কথা আপে স্পষ্ট কৰা নাই।

 

কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰি পান্নুৱে প্ৰশ্ন কৰে, “ইয়াৰ পূৰ্বে কেতিয়াবা কোনো ৰাজ্যৰ মুখ্যমন্ত্ৰী দেশৰ কোনো বিমানবন্দৰত এনেদৰে অপমানিত হৈছেনে? কোনো মুখ্যমন্ত্ৰীক কেতিয়াবা তিনি ঘণ্টা আৱদ্ধ কৰি ৫০ হাজাৰ টকাৰ চালান দিয়া হৈছেনে?” তেওঁ এই সমগ্ৰ ঘটনাক ‘পঞ্জাৱৰ প্ৰতি অপমান’ বুলি আখ্যা দিয়ে।

 

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও আপে অভিযোগ কৰিছিল যে কেন্দ্ৰই ভগৱন্ত মানক বিদেশ ভ্ৰমণৰ অনুমতি প্ৰদান কৰাত বাধাৰ সৃষ্টি কৰিব বিচাৰিছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে কেন্দ্ৰীয় চৰকাৰ বা বিমানবন্দৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী বিমানবন্দৰত কিয় ৩ ঘণ্টা আৱদ্ধ হৈ থাকিল মুখ্যমন্ত্ৰী ভগৱন্ত মান? ৫০ হাজাৰ টকাৰ জৰিমনা বিহাৰ অভিযোগ আপৰ

দিল্লী বিমানবন্দৰত কিয় ৩ ঘণ্টা আৱদ্ধ হৈ থাকিল মুখ্যমন্ত্ৰী ভগৱন্ত মান? ৫০ হাজাৰ টকাৰ জৰিমনা বিহাৰ অভিযোগ আপৰ

October 21, 2026 12:37 pm
এছিয়ান পেৰা গেমছত অব্যাহত ভাৰতৰ জয়যাত্ৰা: হাই জাম্প আৰু শ্বটপুটত স্বৰ্ণ জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়ালে এথলীটসকলে

এছিয়ান পেৰা গেমছত অব্যাহত ভাৰতৰ জয়যাত্ৰা: হাই জাম্প আৰু শ্বটপুটত স্বৰ্ণ জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়ালে এথলীটসকলে

October 21, 2026 10:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd