• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষীৰ বেশত সাংবাদিকৰ ঘৰ বিচাৰি মাজনিশা অজ্ঞাত চক্ৰ; গোচৰ ৰুজু কৰিলেও আৰক্ষীৰ পৰা নাপালে সঁহাৰি

‘সাংবাদিকৰ জীৱনৰ নিৰাপত্তা চৰকাৰ আৰক্ষী প্ৰশাসনে নিশ্চিত কৰিব লাগে’ লুৰিণজ্যোতি গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 6, 2020 8:18 pm
Kanchan Final Images
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনত চলি থকা বিভিন্ন চোৰাং কাৰ্য, দুৰ্নীতি, হত্যা আৰু হিংসাৰ বিৰুদ্ধে সততে মাত মাতি এতিয়া প্ৰাণৰ শংকাত ভুগিবলগীয়া হৈছে যুৱ সাংবাদিক সন্থা, অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কাঞ্চনজ্যোতি গোহাঁই৷

উল্লেখ্য যে, যোৱা ২৫ আগষ্ট অৰ্থাৎ মংগলবাৰে নিশা ১০ বজাত আৰক্ষীৰ বেশত অহা এটা ৪/৫ জনীয়া দলে সাংবাদিক কাঞ্চনজ্যোতি গোহাঁইৰ ঘৰ বিচাৰি ওচৰ চুবুৰীয়াক সোধ পোছ কৰে৷

পিছদিনা ওচৰ চুবুৰীয়াৰ যোগেদি এই খবৰ পোৱাৰ পিছতে স্থানীয় ঘোঁৰামৰা আৰক্ষী চকীৰ লগতে সদৰ থানাৰ কোনো আৰক্ষী লোক গৈছিল নেকি বুলি খবৰ কৰাত আৰক্ষীৰ কোনো দল থানাৰ পৰা সাংবাদিকজনক বিচাৰি যোৱা নাই বুলি জানিবলৈ দিয়ে৷

তাৰ পাছতে যোৱা ২৭ আগষ্টৰ দিনা ঘোঁৰামৰা আৰক্ষী চকীত ন্যায় বিচাৰি এখন এজাহাৰ দাখিল কৰে সাংবাদিকগৰাকীয়ে। আৰক্ষীয়ে তেওঁৰ এজাহাৰৰ ভিত্তিত এক গোচৰ ৰুজু কৰে যদিও বৰ্তমানলৈকে কোনোধৰণৰ তদন্ত আৰম্ভ কৰা নাই বুলি সাংবাদিকজনে গুৰুতৰ অভিযোগ কৰিছে।

আনকি গোচৰ ৰুজুৰ পাছত জবানবন্দী ল’বলৈয়ো আৰক্ষীয়ে তলৱ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সাংবাদিক গোহাঁইয়ে।

নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত কাঞ্চনে কয় ‘মোৰ নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰশ্নবোধক চিন আহি পৰিছে। মই সমাজত হৈ থকা দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে মাত মাতি আহিছো। দুৰ্নীতিৰ সৈতে জড়িত কোনো চক্ৰই মোক লক্ষ্য কৰি আছে বুলি ভাবিছো।‘

ইপিনে, আৰক্ষীৰ ভূমিকা সন্দেহজনক বুলি উল্লেখ কৰি গোহাঁইয়ে লগতে কয় ‘আৰক্ষীয়ে যি ধৰণে তদন্ত কৰিব লাগিছিল সেই ধৰণে তদন্ত কৰা নাই। মোক আনকি ষ্টেটমেন্ট ল’বলৈয়ো মতা নাই।’

ইপিনে, আৰক্ষীৰ এই ভূমিকাক লৈ সৰৱ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ।

‘গোচৰ দিয়াৰ পাছত ক্ষীপ্ৰতাৰে কাম কৰাটোৱে আৰক্ষী-প্ৰশাসনৰ দায়িত্ব। আৰক্ষীয়ে এতিয়ালৈকে কাকো কৰায়ত্ত কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক কথা। গণতান্ত্ৰিক ব্যৱস্থাত সাংবাদিকৰ ভূমিকা গুৰুত্বপূৰ্ণ। চৰকাৰে গুৰুত্ব সহকাৰে বিষয়টো ল’ব লাগে আৰু দোষীক কৰায়ত্ত কৰাৰ ব্যৱস্থা ল’ব লাগে।’ লুৰিণজ্যোতি গগৈয়ে এইদৰে কয়।

গগৈয়ে লগতে কয় ‘আৰক্ষীৰ ভূমিকাটো অতি ৰহস্যজনক হৈ পৰিছে। আৰক্ষীয়ে অতি ক্ষীপ্ৰতাৰে তদন্ত কৰি দোষীক কৰায়ত্ত কৰি শাস্তি দিব লাগে। সাংবাদিকৰ জীৱনৰ নিৰাপত্তা চৰকাৰ আৰক্ষী প্ৰশাসনে নিশ্চিত কৰিব লাগে।’

ইপিনে, এই ঘটনাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশিষ্ট লেখক সাহিত্যিক ড০ শশীকান্ত শইকীয়াই।

শইকীয়াই কয় ‘যদি কোনো লোক আৰক্ষীৰ বেশত এগৰাকী সাংবাদিকৰ ঘৰত গৈ উপস্থিত হৈছে, তেনে তেওঁলোক নিশ্চয়কৈ দুষ্কৃতিকাৰীয়ে হ’ব। সাংবাদিকৰ জীৱনৰ নিশ্চয়তা নোহোৱা হৈছে। বিভিন্ন দুষ্কৃতিকাৰীৰ বলি হৈছে। বিভিন্ন সময়ত সাংবাদিকসকলক হেৰুৱাইছো। সংশ্লিষ্ট কতৃপক্ষই শক্তিশালী ভূমিকা গ্ৰহণ কৰিব লাগে আৰু সাংবাদিকসকলক স্বাধীনভাৱে কাম কৰাৰ সুযোগ দিব লাগে।‘

তেওঁ লগতে দুষ্কৃতিকাৰীক বিচাৰি উলিয়াই উপযুক্ত শাস্তি দিবলৈ আৰক্ষীক আহ্বান জনায়।

আনহাতে, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক উদয়ন গগৈয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ‘বিজেপি চৰকাৰৰ দিনত সাংবাদিকৰ নিৰাপত্তা নোহোৱা হৈছে। এই চৰকাৰখনে কেৱল ভেকোভাওনা কৰি আছে। আৰক্ষীৰ বেশৰে কাঞ্চনজ্যোতিক ঘৰলৈ বিচাৰি যোৱা সকলে ভয় খাইছে তেওঁলোকৰ দুৰ্নীতি ফাদিল হ’ব বুলি। আৰক্ষী প্ৰশাসনৰ লগত দুষ্কৃতিকাৰীয়ে গোপন বুজাবুজি কৰিছে নেকি? অতি শীঘ্ৰে আৰক্ষী-প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, দুৰ্নীতিক প্ৰশ্ৰয় দিয়াৰ কোনো যুক্তি-যুক্ততা নাই।‘

আনহাতে, কাঞ্চনজ্যোতিৰ সৈতে সংঘটিত হোৱা এই ঘটনাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যুৱ সাংবাদিক সন্থা অসমৰ সভাপতি চন্দনজ্যোতি দাসে।

দাসে কয় ‘এইটো অতিকৈ দুৰ্ভাগ্যজনক কথা। চৰকাৰৰ প্ৰশাসনৰ যে কাম কৰাৰ ইচ্ছা নাই এইটোৱেই ইয়াৰ প্ৰমাণ। ৰাজ্যৰ সাংবাদিকসকলক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। ডিব্ৰুগড় চহৰৰ পৰা ৪০ কি:মি নিলগত থকা ভিতৰুৱা গাঁও এখনত আৰক্ষীৰ পোছাক পিন্ধি দুষ্কৃতিকাৰীয়ে গৃহত প্ৰৱেশ কৰাটোৱে গৃহ বিভাগৰ ফোঁপোলা ছবিখন উদঙাই দিছে। আৰক্ষীয়ে কোনো এজনকে কৰায়ত্ত কৰিব নোৱাৰাটো অতিকৈ দুৰ্ভাগ্যজনক।’

ইপিনে, কাইলৈ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক সাক্ষাৎ কৰি এই ঘটনাৰ সন্দৰ্ভত স্মাৰক পত্ৰ দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে চন্দন দাসে।

উল্লেখ্য যে, ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ নিলগত অৱস্থিত ফুটাহোলা গাঁওখন অতি ভিতৰুৱা অঞ্চল হোৱা হেতু এই ভিতৰুৱা অঞ্চলৰ সুযোগ লৈ এটা চক্ৰই দীৰ্ঘদিনৰ পৰা বিভিন্ন দুৰ্নীতি আৰু চোৰাং কাৰ্য চলাই আহিছে৷ যিবিলাক কথা সাংবাদিকজনৰ দৃষ্টিগোচৰ হোৱাত সততে মাত মাতি অহাৰ উপৰিও বাতৰিও সম্প্ৰচাৰ কৰি আহিছে, ইয়াৰ বাবেই এতিয়া সাংবাদিকজন কোনো দুষ্ট চক্ৰৰ লক্ষ্য হৈ পৰিছে বুলি বহুতে সন্দেহ প্ৰকাশ কৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

September 16, 2025 8:20 am
UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

September 16, 2025 7:40 am
মহিলাসকলৰ হৰম’ন সমস্যা: লক্ষণক আওকাণ নকৰিব, বিশেষজ্ঞৰ পৰামৰ্শ আৱশ্যক

মহিলাসকলৰ হৰম’ন সমস্যা: লক্ষণক আওকাণ নকৰিব, বিশেষজ্ঞৰ পৰামৰ্শ আৱশ্যক

September 16, 2025 7:01 am
অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

September 16, 2025 8:20 am
UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

September 16, 2025 7:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd