• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিব্যাংগক অৱহেলা মন্ত্ৰী হিমন্তৰ : নিযুক্তি-চৰকাৰী আঁচনিত কৌশলৰে বঞ্চিত কৰাৰ অভিযোগ

‘হিমন্তই শিক্ষক নিযুক্তি, বিদ্যালয় প্ৰাদেশিকীকৰণ, অৰুণোদয় সকলোতে দিব্যাংগক প্ৰতাৰণা কৰিছে’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 9, 2020 9:14 pm
Pratibandhi Protarona
299
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ লক্ষাধিক দিব্যাংগ লোকক নিযুক্তিকে ধৰি চৰকাৰী আঁচনিত বিজেপি নেতৃত্বাধীন চৰকাৰ তথা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৌশলৰে বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমে।

আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি সংস্থাৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে কয় ‘ৰাজ্যখনত থকা লাখ লাখ প্ৰতিবন্ধী ব্যক্তিৰ উন্নয়নৰ ক্ষেত্ৰত জাতি-মাটি ভেটি ৰক্ষাৰ কথা কোৱা বিজেপি চৰকাৰখনে বিগত চাৰে চাৰিবছৰ কোনো এটা কামেই সম্পূৰ্ণকৈ নকৰিলে।’

ইপিনে, বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই সৌ সিদিনা ঘোষণা কৰা অৰুণোদয় আঁচনিৰ নামতো কিছু কিছু ঠাইত বৈষম্যৰ সৃষ্টি হোৱা বুলি অভিযোগ তুলি মালাকাৰে কয় ‘দিব্যাংগলোকক এই আঁচনিৰ অন্তৰ্ভুক্ত কৰাৰ কথা আছিল যদিও কিছু কিছু ঠাইত হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত ব্যাপক খেলি-মেলি হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবন্ধী হোৱা স্বত্তেও পুৰুষ মহিলাৰ প্ৰভেদ আনি প্ৰতিবন্ধীক বঞ্চিত কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।’

‘বিজেপি কৰ্মী নোহোৱাৰ অজুহাত দেখুৱাই প্ৰতিবন্ধীসকলক প-পত্ৰ দিয়াৰ পৰাও বঞ্চিত কৰিছে। এইখন চৰকাৰৰ আঁচনি নে বিজেপিৰ আঁচনি চৰকাৰে স্পষ্ট কৰক। যদি বিজেপি দলৰ আঁচনি তেন্তে হেঙেৰাবাৰীৰ পৰা আমাক এই আঁচনিৰ সুবিধা দিয়াৰ ব্যৱস্থা কৰক।’

ইয়াৰোপৰি, দিব্যাংগসকলক প্ৰতিমাহে দিয়া ১০,০০ টকা ভাট্টাৰ লগত অৰুণোদয় আঁচনিৰ ৮৩০ টকা ধন যোগ দিবলৈ মালাকাৰে হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়।

আনহাতে, নিযুক্তিৰ ক্ষেত্ৰতো চৰকাৰখনে দিব্যাংগক প্ৰতাৰাণা কৰা বুলি অভিযোগ তুলি মালাকাৰে কয় ‘বিগত ফেব্ৰুৱাৰি মাহৰ ১১ তাৰিখে নিযুক্তিৰ ক্ষেত্ৰত দিব্যাংগৰ বাবে ৪ শতাংশ সংৰক্ষণ দাবী কৰি স্বাস্থ্য বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাত এসপ্তাহৰ ভিতৰত বিষয়টো মীমাংসা কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও আজিকোপতি ৰহস্যজনক কাৰণত বিষয়টো আলোচনা নকৰাকৈ অৱহেলিত কৰি ৰাখিলে।’

ইপিনে, কেইদিনমান পূৰ্বে শিক্ষকক নিযুক্তি দিলে যদিও এইক্ষেত্ৰতো দিব্যাংগ লোক এগৰাকীকো নিযুক্তি নিদি বা ৪ শতাংশ পদত নিযুক্তি নিদি শিক্ষামন্ত্ৰীয়ে প্ৰতাৰণাৰ আশ্ৰয় লোৱা বুলি তেওঁ দাবী কৰে তেওঁ।

আনহাতে, ৰাজ্যৰ ৩৮২ খন বিদ্যালয় প্ৰাদেশিকীকৰণ কৰিলে যদিও গুৱাহাটী বশিষ্ঠত অৱস্থিত একমাত্ৰ দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে কোনো এখন প্ৰতিবন্ধী বিদ্যালয়ে প্ৰাদেশিকীকৰণ নকৰিলে বুলিও মালাকাৰে গুৰুতৰ অভিযোগ উত্থাপন কৰে।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd