ৰিলায়েন্স জিঅ’ৰ ৰিটেইলত বিনিয়োগ কৰিব বিশ্বৰ বৃহত্তম তথ্য প্ৰযুক্তিৰ বিনিয়োগৰাকী সংস্থা ছিলভাৰ লেক পাৰ্টনাছ-এ।
সংস্থাটোৱে ৰিলায়েন্স জিঅ’ ৰিটেইলত ৭,৫০০ কোটি টকাৰ বিনিয়োগৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।
উল্লেখ্য যে ইয়াৰ পূৰ্বে বিশ্বৰ বৃহত্তম তথ্য প্ৰযুক্তিৰ বিনিয়োগকাৰী সংস্থাটোৱে ১০,২০৩ কোটি টকাৰে ৰিলায়েন্স জিঅ’ৰ ২% শ্বেয়াৰ ক্ৰয় কৰিছিল।
এইবাৰ ছিলভাৰ লেকে ৭,৫০০ কোটি টকাৰে পুনৰ ১.৭৫% শ্বেয়াৰ ক্ৰয় কৰিব।
ৰিলায়েন্সত বিনিয়োগ কৰাৰ পূৰ্বে এই সংস্থাটোৱে টুইটাৰ, ডেল, এয়াৰ বিএমবি আদিৰ দৰে বিশ্বৰ বিভিন্ন ডিজিটেল আৰু তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰৰ প্ৰতিষ্ঠানবোৰতো বিনিয়োগ কৰি আহিছে।
ছিলভাৰ লেকে ৰিলায়েন্স জিঅ’ত দ্বিতীয় পৰ্যায়ৰ বিনোয়গৰ সিদ্ধান্ত লোৱাৰ পিছত ৰিলায়েন্সৰ কৰ্ণধাৰ মুকেশ আম্বানীয়ে সন্তুষ্টি প্ৰকাশ কৰিছে।
“ভাৰতীয় ৰিটেইল ছেক্টৰৰ দেশৰ সকলো জনসাধাৰণক সুবিধা প্ৰদানৰ লগতে দেশৰ সৰু সৰু ব্যৱসায়ীক ৰিলায়েন্সৰ সৈতে জড়িত কৰোৱাৰ প্ৰচেষ্টাক ছিলভাৰ লেক পাৰ্টনাৰে আৰু অধিক তৰান্বিত কৰিব।” মুকেশ আম্বানীয়ে কয়।
ছিলভাৰ লেকে এই বিনিয়োগৰ দ্বাৰা দেশত ডিজিটেল প্লেটফৰ্ম তৈয়াৰত ৰিলায়েন্সৰ সৈতে একেলগে কাম কৰিব বুলিও আম্বানীয়ে আশা প্ৰকাশ কৰে।
আম্বানীয়ে ডিজিটেল ৰিটেইল ক্ষেত্ৰখনৰ প্ৰভূত উন্নতিত ছিলভাৰ লেকে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলিও মন্তব্য কৰিছে।
স্মৰ্তব্য যে ৰিলায়েন্স ইণ্ড্ৰাষ্ট্ৰিজ লিমিটেডৰ বাৰ্ষিক টাৰ্ন অ’ভাৰ হৈছে ৬ লাখ ৫৯ হাজাৰ ২০৫ কোটি টকা।
বিগত বৰ্ষত প্ৰতিষ্ঠানটোৰ লাভৰ পৰিমাণ আছিল ৩৯ হাজাৰ ৮৮০ কোটি টকা।
ক’ৰ’ণা কালত প্ৰতিষ্ঠানটোত গুগল, ফেইচবুকৰ পিছত ছিলভাৰ লেকৰ বিনিয়োগৰ ফলত ইয়াৰ লাভৰ পৰিমাণ বিগত বৰ্ষতকৈ অধিক বৃদ্ধি হ’ব বুলি ধাৰণা কৰা হৈছে।