• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচন সমাগত! : এইবাৰ অসমবাসীলৈ প্ৰতিশ্ৰুতিৰ খৰস্ৰোতা বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মেডিকেল কলেজ, মহাবিদ্যালয়, পথ, দলঙৰ পৰা নিযুক্তিলৈকে অসমবাসীলৈ বহু নিৰ্বাচনী টোপ মন্ত্ৰী হিমন্তৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 12, 2020 9:03 pm
index.jpg
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাগত ২০২১ৰ বিধান সভাৰ নিৰ্বাচন। সেই উদ্দেশ্যে এতিয়া আঁচনিৰ বানপানী বোৱাইছে বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

পূৰ্বে ঘোষিত ১৫ ছেপ্তেম্বৰলৈকে এসপ্তাহত একোখনকৈ সংবাদমেল সম্বোধন কৰি আঁচনি ঘোষণা কৰিম বুলি দিয়া প্ৰতিশ্ৰুতি পূৰণৰে আজিও এক সংবাদমেল সম্বোধন কৰি আঁচনি তথা প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই মন্ত্ৰীগৰাকীয়ে।

Apply Now

সংবাদমেলত শিক্ষক নিযুক্তিৰ বিজ্ঞাপন অচিৰেই প্ৰকাশ কৰা হ’ব বুলি ঘোষণা কৰি হিমন্তই লগতে কয় ‘শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত দ্বিতীয় পৰ্যায়ৰ বিজ্ঞাপন প্রকাশ পাব। প্রাথমিক শিক্ষাত ৩,৯৪৫টা (১১শ টা হিন্দী বিভাগত) শিক্ষক পদৰ বিজ্ঞাপন প্রকাশ কৰাৰ লগতে হাইস্কুলৰ বাবে ৫,৭৪৬টা শিক্ষক পদৰ বিজ্ঞাপন প্রকাশ কৰা হ’ব।’

ইপিনে, এই মাহৰ শেষৰ ফালে সৰ্বশিক্ষাৰ অধীনৰ শিক্ষকৰ বিজ্ঞাপন প্ৰকাশ পাব বুলি তেওঁ কয়।

তাৎপৰ্যপূৰ্ণভাৱে ডিচেম্বৰ মাহৰ ভিতৰতে এই শিক্ষক পদসমূহৰ নিযুক্তি সম্পূৰ্ণ হ’ব বুলি তেওঁ সংবাদমেলত দাবী কৰে।

আনহাতে, একেখন সংবাদমেলতে ৪ খন নতুনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন হ’ব বুলি ঘোষণা কৰি হিমন্তই কয় যে বিশ্বনাথ, চৰাইদেউ, গোৱালপাৰা আৰু গুৱাহাটীত নতুন মেডিকেল কলেজ স্থাপন হ’ব।

ইপিনে, উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ মেডিকেল কলেজ গুৱাহাটীত হ’ব বুলি উল্লেখ কৰি হিমন্তই কয় ‘গুৱাহাটীৰ MMCHক মেডিকেল কলেজলৈ উন্নীত কৰা হ’ব। এইখন হ’ব উত্তৰ পূৱ ভাৰতৰ সকলোতকৈ ডাঙৰ মেডিকেল কলেজ।‘

তেওঁ জনোৱা অনুসৰি নতুন মেডিকেল কলেজৰ বাবে ২৫০০ কোটি টকা আৱন্টন দিব ৰাজ্যৰ বিত্ত বিভাগে।

ইয়াৰোপৰি, ৰাজ্যত নতুনকৈ ৯ খন মহিলা মহাবিদ্যালয়, ১০ আইন মহাবিদ্যালয় আৰু নতুনকৈ ৬ খন স্নাতক মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰি হিমন্তই কয় ‘কাচাৰ, কৰিমগঞ্জ, হাইলাকান্দি, বৰপেটা, নগাঁও, দৰং, গোৱালপাৰা, বিলাসীপাৰা, গোলকগঞ্জ আদিত ৯ খনকৈ মহাবিদ্যালয়, লগতে তিনিচুকীয়াৰ ডুমডুমা, শোণিতপুৰৰ বৰচলা, মাজুলী, চিৰাং, ওদালগুৰি, বাক্সাত হ’ব নতুন স্নাতক কলেজ। ডিফু, ডিব্ৰুগড়, তেজপুৰ, শিলচৰ, উত্তৰ লখিমপুৰ, ৰঙিয়া, বিলাসীপাৰা, টিহু, ৰহা আৰু যোৰহাটত হ’ব নতুনকৈ আইন মহাবিদ্যালয়।‘

মহাবিদ্যালয় স্থাপনৰ বাবে ৩০৩.৩ কোটি টকা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। লগতে আইন মহাবিদ্যালয়ৰ বাবে ৩৩ কোটি টকা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।

ইপিনে, মালিগাঁৱত নতুনকৈ এখন ৪ কিঃ মিঃৰ উৰণীয়া সেতু নিৰ্মাণ হ’ব বুলি ঘোষণা কৰি মন্ত্ৰীয়ে কয় ‘তেজপুৰৰ মিছন চাৰিআলিতো হ’ব উৰণীয়া সেতু।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

September 5, 2026 12:52 pm
হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

September 5, 2026 12:16 pm
মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

September 5, 2026 11:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

September 5, 2026 12:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd