• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘কা’ বিৰোধী আন্দোলনৰ পঞ্চ ছহিদক লৈ মানৱ অধিকাৰ আয়োগৰ গুৰুত্বপূৰ্ণ ৰায়

ৰাজ্য চৰকাৰক দিলে এমাহৰ সময়সীমা, অন্যথা ক্ষতি পূৰণ; প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই তৰিছিল গোচৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 15, 2020 8:26 pm
5-Swahid--750x375
463
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বাতিলৰ দাবীত  প্ৰতিবাদ কৰি ছহিদীবৰণ কৰা পাঁচজনক ছহিদক লৈ অসমৰ মানৱ অধিকাৰ আয়োগে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে।

যোৱা ১২ ডিচেম্বৰৰ দিনা আৰক্ষীৰ গুলিত পাঁচজনকৈ লোকে প্ৰাণ আহুতি দিছিল।

এই ঘটনাৰ এসপ্তাহৰ পাছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই প্ৰদেশ কংগ্ৰেছৰ আইন বিভাগৰ সহযোগত অসম মানৱ অধিকাৰ আয়োগত এক গোচৰ দিছিল বুলি সংবাদমেলযোগে জানিবলৈ দিয়ে প্ৰদেশ কংগ্ৰেছৰ আইন বিভাগৰ অধ্যক্ষ নিৰণ বৰাই।

গুৱাহাটীৰ ৰাজীৱ ভৱনত সম্বোধন কৰা সংবাদমেলত নিৰণ বৰাই কয় ‘ৰিপুন বৰাই গোচৰটো ৰুজু কৰি ঘটনাটোৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰাৰ লগতে ছহিদৰ পৰিয়ালক ২০ লাখ টকাকৈ ক্ষতিপূৰণ দিবলৈ দাবী জনাইছিল। এই গোচৰৰ নম্বৰ আছিল ২৭৯২/২০২০।‘

এই গোচৰৰ ভিত্তিতে আয়োগে ২৩ ডিচেম্বৰ ২০১৯ ত ৰাজ্য চৰকাৰৰ মুখ্য সচিবক ঘটনাৰ উচিত তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল।‘

বৰাই কৰা অভিযোগ অনুসৰি ‘সোণোৱাল চৰকাৰে বিষয়টোৰ ওপৰত তিলমানো গুৰুত্ব নিদিলে। মানৱ অধিকাৰ আয়োগে যোৱা ১৩ জানুৱাৰী, ৩০ জানুৱাৰী, ২০ ফেব্ৰুৱাৰী আৰু ২৫ ফেব্ৰুৱাৰীত গোচৰটোৰ শুনানি অনুষ্ঠিত কৰি সোণোৱাল চৰকাৰক বাৰম্বাৰ তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু মানুহৰ আৱেগৰ সৈতে জড়িত এই বিষয়টোলৈ সোণোৱাল চৰকাৰে তিলমানো কাণসাৰ নিদিলে।‘

সেয়েহে যোৱা ১৪ ছেপ্তেম্বৰৰ দিনা অনুষ্ঠিত হোৱা শুনানিৰ অন্তত সোণোৱাল চৰকাৰক গোচৰটোৰ প্ৰতিবেদন দাখিল কৰিবলৈ এমাহৰ সীমা বান্ধি দিয়ে। অন্যথা সোণোৱাল চৰকাৰে ক্ষতিপূৰণ দিব লাগিব বুলিও আয়োগে নিৰ্দেশ দিয়ে বুলি নিৰণ বৰাই জনায়।

‘অন্যথা চৰকাৰে ছহিদ ঈশ্বৰ নায়ক, আব্দুল আলিমৰ পৰিয়ালক ৩ লাখ টকাকৈ ক্ষতিপূৰণ, ১৮ বছৰৰ অনুৰ্দ্ধৰ ছহিদ দিপাঞ্জল দাস আৰু ছেম ষ্টেফৰ্ডক ২ লাখ টকাকৈ ক্ষতিপূৰণ আদায় দিব লাগিব।‘ নিৰণ বৰাই সংবাদমেলত জনায় কয়।

অহা ১৬ নৱেম্বৰত পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব বুলি তেওঁ জনায়।

ইপিনে, ডিব্ৰুগড়ৰ ছহিদ দ্বিডেন্দ্ৰ পাঙগিঙৰ মৃতদেহ ৰাইজে মৰণোত্তৰ পৰীক্ষাৰ বাবে নিদিলে আৰু মৰণোত্তৰ পৰীক্ষা অবিহনেই সৎকাৰ কৰা হ’ল বুলি উল্লেখ কৰি বৰাই লগতে কয় ‘যাৰ বাবে দ্বীজেন্দ্ৰ পাঙগিঙ নিহত হোৱাৰ প্ৰকৃত কাৰণ জানিব পৰা নগ’ল।‘

দ্বীজেন্দ্ৰ পাঙগিঙৰ মৃত্যুৰ সন্দৰ্ভত চৰকাৰে দাখিল কৰা প্ৰতিবেদনক লৈ প্ৰদেশ কংগ্ৰেছ অলপো সন্তুষ্ট নহয় বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘পৰিয়ালৰ লোকে কিছু সময় দিলে আৰু সহযোগিতা কৰিলে কোনোধৰণৰ পাৰিশ্ৰমিক নোলোৱাকৈ প্ৰদেশ কংগ্ৰেছে গোচৰটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়ালৈ লৈ যাব।‘

Recent News

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd