• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰশ্নকাকত ফাদিলৰ অভিযোগ অস্বীকাৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ : পৰীক্ষা সূচীমতেই হ’ব

এন ই নাও নিউজ by এন ই নাও নিউজ
March 7, 2018 11:38 am
ahsec exam assam
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলি থকা অসম উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ ৰসায়ন বিজ্ঞান, গণিত আৰু পদাৰ্থ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হৈছে বুলি উঠা অভিযোগ অস্বীকাৰ কৰিছে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে।

উল্লেখযোগ্য যে সংসদৰ দ্বাৰা পৰিচালিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা চলি আছে। কিন্তু অলপতে এই খবৰ বনজুইৰ দৰে বিয়পি পৰিছিল যে অহা ৯ মাৰ্চত হ’ব লগা পদাৰ্থ বিজ্ঞানৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ইতিমধ্যে ফাদিল হৈছে।

Apply Now

এই সন্দৰ্ভত পৰীক্ষাৰ্থী আৰু অভিভাৱক যাতে বিভ্ৰান্তিত নপৰে, তাৰ বাবে কালি উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে এই খবৰৰ কোনো ভিত্তি নাই। অৰ্থাৎ পদাৰ্থ বিজ্ঞানৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা নাই আৰু উক্ত বিষয়ৰ পৰীক্ষা ৯ মাৰ্চতেই হ’ব।

উল্লেখযোগ্য যে গোৱালপাৰাৰ ভালুকডুবি ছায়েন্স একাডেমি নামৰ এখন বেচৰকাৰী শিক্ষানুষ্ঠানে আৰ্হি কাকত হিচাপে উলিওৱা কাকতখনেই ৯ মাৰ্চত হ’ব লগা পদাৰ্থ বিজ্ঞানৰ চূড়ান্ত পৰীক্ষাৰো কাকত বুলি যোৱা সোমবাৰৰ পৰা খবৰ বিয়পি পৰিছিল। তাৰ ফলত পৰীক্ষাৰ্থীৰ লগতে অভিভাৱকসকল চিন্তিত হোৱা দেখা গৈছিল।

আনহাতে আন এটা অভিযোগমতে উপৰোক্ত বেচৰকাৰী বিদ্যালয়ৰে ৰসায়ন বিজ্ঞান আৰু গণিতৰ আৰ্হি কাকতকেইখন উক্ত বিষয়কেইটাৰ হৈ যোৱা পৰীক্ষাকেইটাৰ কাকতৰ সৈতে ৮০ শতাংশ মিলি গৈছিল।

কিন্তু এই অভিযোগ পোৱাৰ পিছত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিবপ্ৰধান কমল গগৈ আৰু পৰীক্ষা নিয়ন্ত্ৰক জ্যোতি কলিতা গোৱালপাৰা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্য্যালয়ত উপস্থিত হৈ বিষয়টোক প্ৰাথমিক তদন্ত কৰাৰ পিছত এই অভিযোগ ভিত্তিহীন বুলি প্ৰমাণ হয়।

ইয়াৰ পিছতে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এইবোৰ উৰা বাতৰিত ভোল নাযাবলৈ আৰু পৰীক্ষা পূৰ্বৰ সূচীমতেই হ’ব বুলি পৰীক্ষাৰ্থী আৰু অভিভাৱকসকৰ প্ৰতি আহ্বান জনাইছে।

আনহাতে একাংশ অভিভাৱক আৰু সচেতন ৰাইজে এই অপপ্ৰচাৰ চলোৱাসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd