• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰশ্নকাকত ফাদিল: প্ৰাক্তন ডিআইজি পি কে দত্তৰ গুৱাহাটীৰ বাসগৃহ, হোটেলত চিআইডিৰ তালাচী

এন ই নাও নিউজ by এন ই নাও নিউজ
September 24, 2020 7:03 am
Assam-Police-1024x512
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই (চিআইডি) বুধবাৰে প্ৰাক্তন ডিআইজি পি কে দত্তৰ গুৱাহাটীৰ বাসগৃহ আৰু তেওঁৰ দুখন হোটেলত তালাচী চলায়।

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাবে অনুষ্ঠিত হ’বলগীয়া লিখিত পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ সংক্ৰান্তত এই তালাচী অভিযান চলোৱা হয়।

Apply Now

আনহাতে, তদন্তকাৰী দল উপস্থিত হোৱাৰ পূৰ্বে অসম আৰক্ষীৰ প্ৰাক্তন বিষয়াগৰাকীয়ে তেওঁৰ পৰিয়ালৰ সদস্যৰ সৈতে পলাই যোৱাৰ বাবে চিআইডিয়ে তেওঁক আটক কৰিবলৈ সক্ষম নহ’ল।

চিআইডিয়ে তেওঁৰ হেঙেৰাবাৰীৰ ৰূপকোঁৱৰ পথত থকা বাসগৃহত কেইবাঘন্টা ধৰি তালাচী চচলায়।

চিআইডিৰ তদন্তকাৰী দলটোৱে লগতে তেওঁৰ আইএছবিটিৰ ওচৰত থকা হোটেল ভাৰ্গৱ গ্ৰেণ্ড আৰু লখৰাত থকা আন এখন হোটেলতো তালাচী চলায়।

ইপিনে, অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাবে অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰত অভিযুক্ত বিজেপি নেতাক জেৰা চলোৱা হৈছে।

চি আই ডিয়ে জেৰা কৰিছে দিবন ডেকা নামৰ বিজেপিৰ নেতাজনক।

উল্লেখযোগ্য যে, যোৱা ২০ চেপ্তেম্বৰত অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ পৰীক্ষা আৰম্ভ হোৱাৰ সময়তে প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনা পোহৰলৈ আহিছিল। লগে লগে লিখিত পৰীক্ষা বাতিল কৰা হৈছিল।

আনহাতে, অসম আৰক্ষীৰ অপৰাধ শাখাই বামুন্দিৰ পৰা কুশল দাস নামৰ আন এজনক আটক কৰাৰ লগতে নুনমাটিৰ পৰা আটক  কৰা হৈছে সঞ্জীৱ শৰ্মা নামৰ আন এজনক। সেইদৰে নগাওঁ খেৰণিৰ পৰা আটক কৰা হৈছে দ্বীপজ্যোতি বৰাক।

এক সুত্ৰৰ পৰা জানিব পৰা মতে গণেশগুৰিৰ থেংক ইউ লজত গোপনে পৰীক্ষা পাতিছিল দুষ্ট চক্ৰটোৱে।

১৯ ছেপ্টেম্বৰত গোপনে পৰীক্ষা অনুষ্ঠিত হৈছিল তথা ৫০ গৰাকী পৰীক্ষাৰ্থীয়ে  আগতীয়াকৈ  দিছিল লিখিত পৰীক্ষা। হাতেলিখা প্ৰশ্নকাকতেৰে চলিছিল এই পৰীক্ষা।

একোখন প্ৰশ্নকাকতৰ নামত এক লাখ টকাকৈ ধন লোৱাৰ অভিযোগ উত্থাপিত হৈছে বিজেপি নেতা দিবন ডেকাৰ বিৰুদ্ধে।

ইতিমধ্যে, বিশেষ সূত্ৰ তথ্যৰ ভিত্তিত চি আই ডিয়ে অভিযান চলায়  গণেশগুৰিৰ থেংক য়ু ল’জত।

অভিযানকাৰীৰ দলে জেৰা চলাইছে লজটোৰ স্বত্তাধিকাৰী প্ৰণৱ বৰাকো।

মহানগৰীৰ গণেশগুৰিৰ  THANK YOU ল’জৰ চাৰি স্বত্বাধিকাৰীকো আটক কৰিছে আৰক্ষীৰ অপৰাধ শাখাই। আটক কৰা হৈছে অলকেশ বৈশ্য, প্ৰাঞ্জল শৰ্মা, বিমল থাপা আৰু প্ৰণৱ বৰাক।

ল’জটোৰ পৰা  কম্পিউটাৰ হাৰ্ড ডিক্স, বৰ্ডৰ লগতে কিছু সামগ্ৰী আৰক্ষী অপৰাধ শাখাই লৈ যায় ৷প্ৰাপ্ত খবৰ অনুসৰি বিজেপি নেতা দিবন ডেকাই পৰীক্ষাৰ প্ৰশ্নকাকত ছপোৱাৰ ঠিকা লাভ কৰিছিল।

দিবন ডেকাৰ এটা ছপাশাল থকাৰ কথাও জানিব পৰা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd