• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাখে হৰি মাৰে কোনে? চলন্ত ৰে’লৰ ইঞ্জিনৰ তলত পৰিও নিৰ্বিঘ্নে উদ্ধাৰ দুবছৰীয়া শিশু

এন ই নাও নিউজ by এন ই নাও নিউজ
September 25, 2020 9:13 am
ttt_202009113398
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাখে হৰি মাৰে কোনে? এই আপ্ত বাক্যটি যেন সঁচা অৰ্থত আকৌ এবাৰ প্ৰমানিত হ’ল। চলন্ত ৰে’লৰ ইঞ্জিনৰ তলত সোমাই পৰিও বাচি গ’ল এটি দুবছৰীয়া শিশু।

সহজ ভাষাত যমৰ দুৱাৰমুখৰ পৰা উভতি আহিল সেই দেৱশিশু। এই ঘটনাৰ পাছত শিশুটিক ঘুৰাই পোৱা মাতৃয়ে আনন্দত আত্মহাৰা হৈ পৰে।

Apply Now

ঘটনা অনুসৰি, পিতৃ-মাতৃ আৰু এজন ককায়েকৰ সৈতে দিল্লীৰ ফৰিদাবাদৰ বল্লভগড় ষ্টেশ্যনৰ ওচৰত বাস কৰে শিশুটি।

ককায়েকৰ সৈতে ৰে’ল লাইনৰ কাষত শিশুটিয়ে খেলি আছিল। ককায়েকৰ বয়সো তাতকৈ অকনমানহে বেছি। স্বাভাৱিকতেই অবুজন।

খেলি থকাৰ মাজতে ককায়েকে শিশুটিক ঠেলা মাৰি দিয়ে। শিশুটি চিধাই গৈ ৰে’ল লাইনৰ মাজত পৰি যায়।

সেই সময়তে আন দিশৰ পৰা এখন মালগাড়ী বেগাই আহি আছিল। ৰে’লৰ চালকে দূৰৰ পৰা ৰে’ল লাইনৰ ওপৰত পৰি থকা শিশুটিক দেখা পায় আৰু একেৰাহে সজোৰে হৰ্ণ বজাই থাকে।

ৰে’লখন দূৰৰ পৰা ভায়েকৰ পিনে বেগাই আহি থকা শিশুটিৰ ককায়েকে দেখা পাই ভাতৃক ৰক্ষা কৰাৰ বাবে আঁতুৰ হৈ পৰে। উপায়হীন হৈ সি চিঞৰিবলৈ ধৰে।

ইপিনে, ৰে’লৰ চালকজনে শিশুটিক বচাবলৈ তৎপৰ হৈ পৰে আৰু ততাতয়াকৈ জৰুৰীকালীন ব্ৰেক টানে। মাজ ৰাস্তাতে ৰে’লখন ৰৈ যায় যদিও শিশুটি ৰে’লখনৰ ইঞ্জিনৰ তলত সোমাই পৰে।

ইমান সময়ে চৌপাশৰ পৰা বহুত মানুহ আহি তাত সমবেত হয় আৰু হুলস্থুল লাগি পৰে। কিন্তু ৰাখে হৰি মাৰে কোনে?

ইঞ্জিনৰ তলৰ পৰা শিশুটিক অক্ষত অৱস্থাত উদ্ধাৰ কৰা হয়। সম্পূৰ্ণ সুস্থ শিশুটিত তাৰ মাকৰ হাতত তুলি দিয়া হয়। নিজ সন্তানক এইদৰে ওভতাই পাই  আত্মহাৰা হৈ পৰে মাক।

ইতিমধ্যে ভাইৰেল হৈ পৰা এই ঘটনাৰ পাছত বিভিন্নজনে ৰে’লৰ চালক দিৱান সিং আৰু তেওঁৰ সহকাৰী অতুল আনন্দক পুৰষ্কৃত কৰাৰ বাবে আহ্বান জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd