• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গঁড়ৰ খৰ্গৰ ব্যৱসায়ৰ সৈতে জড়িত অগপ দলৰ সদ্য অপসাৰিত সদস্য পলাতক গনেশ দলেৰ সন্ধানত বন বিভাগৰ অভিযান

উত্তম শইকীয়া by উত্তম শইকীয়া
September 26, 2020 12:51 pm
Gonesh Doley(1)

ফটো : নৰ্থইষ্ট নাও

396
VIEWS
Share on FacebookShare on Twitter

গঁড়ৰ খৰ্গৰ ব্যৱসায়ত জড়িত থকাৰ বিতৰ্কৰ পিচত অসম গণ পৰিষদ দলৰ পৰা বহিস্কাৰ হোৱা বোকাখাত ম’হমাইকী গাওঁৰ নিৱাসী গনেশ দলে সম্প্ৰতি পলাতক বুলি জানিব পৰা গৈছে ৷

বোকাখাত আৰক্ষীয়ে কৰায়ত্ত কৰি বন বিভাগক হস্তান্তৰিত কৰা গঁড়ৰ খৰ্গৰ ব্যৱসায়ৰ সৈতে জড়িত বোকাখাত আমটেঙাৰ মৃদুল পেগু, ডলামৰাৰ ৰাজেন ৰংফাৰ আৰু টাৰজেন তেৰাংৰ স্বীকাৰোক্তিৰ আধাৰত যোৱা নিশা পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ অভিযানকাৰী দলে গনেশ দলেৰ বাসগৃহত তালাচী চলায়।

কিন্তু অভিযানকাৰী অহাৰ উমান পাইয়ে পলায়ন কৰে অভিুক্ত গনেশ দলে ৷

গনেশ দলেৰ বাসগৃহত অভিযানকাৰী দলে তালাচী চলায় যদিও তেনে কোনো আপত্তি জনক সামগ্ৰী পোৱা নাই বুলি বিভাগীয় সুত্ৰত প্ৰকাশ ৷

সম্প্ৰতি পলাতক গনেশ দলেৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বন বিভাগে ৷

মন কৰিবলগীয়া যে গঁড়ৰ খৰ্গৰ ব্যৱসায়র সৈতে জড়িত থকাৰ অপৰাধত বোকাখাতৰ আৰক্ষীয়ে মৃদুল পেগু,ৰাজেন ৰংফাৰ আৰু টাৰজেন তেৰাঙৰ লগতে গনেশ দলেকো আটক কৰিছিল ৷

IMG-20200925-WA0043
গমেশ দলক অগপৰ পৰা বহিস্কাৰ কৰা পত্ৰখন।

অসম গণ পৰিষদ দলৰ পৰা সদ্য বহিস্কৃত গনেশ দলেৰ বিৰুদ্ধে তেনে কোনো সাক্ষ্য প্ৰমান নাই বুলি গনেশ দলেক মুকলি কৰি দি বাকী তিনিজনক ২৪ ছেপ্টেম্বৰৰ দিনা বন বিভাগৰ হাতত অৰ্পণ কৰিছিল বোকাখাতৰ আৰক্ষীয়ে ৷

মৃদুল পেগুয়ে দিয়া স্বীকাৰোক্তিৰ আধাৰতেই যোৱা নিশা গনেশ দলেৰ সন্ধানত অভিযান চলায় বন বিভাগে ৷

মন কৰিব লগীয়া যে ২৩ ছেপ্টেম্বৰৰ নিশা কৰায়ত্ত কৰা মৃদুল পেগুৱে বোকাখাত আৰক্ষী থানাতেই ৰাজেন ৰংফাৰৰ পৰা অনা গঁড়ৰ খৰ্গটো গনেশ দলেক দিয়া বুলি সাংবাদিকক জনাইছিল৷ ইয়াৰ পিচতেই সাক্ষ্য প্ৰমান নথকা বুলি গনেশ দলেক মুকলি কৰি দিছিল বোকাখাত আৰক্ষীয়ে ৷

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd