বিশ্বজুৰি সংবাদ মাধ্যম আৰু প্ৰকাশকসকলৰ সৈতে চলি থকা সংঘাতৰ মাজতেই গুগলে পুনৰবাৰ কঠোৰ নিৰীক্ষণৰ সন্মুখীন হ’বলগীয়া হৈছে। পোলেণ্ডৰ এণ্টিট্ৰাষ্ট ৰেগুলেটৰ ‘অফিচ অৱ কম্পিটিচন এণ্ড কনজিউমাৰ প্ৰটেকচন’ (ইউঅ’কেআইকে)-এ গুগলৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। সংস্থাটোৰ মতে, গুগল চাৰ্চ, গুগল নিউজ আৰু ডিস্কভাৰৰ দৰে সেৱাসমূহত বাতৰি প্ৰকাশকসকলৰ সমল ব্যৱহাৰ কৰাৰ বিনিময়ত প্ৰদান কৰিবলগীয়া পাৰিশ্ৰমিকৰ আলোচনাৰ সময়ত গুগলে সম্ভৱতঃ নিজৰ বজাৰৰ আধিপত্যৰ অপব্যৱহাৰ কৰিছে।
সংস্থাটোৱে জনোৱা মতে, গুগলে সংবাদ মাধ্যমসমূহক তেওঁলোকৰ প্ৰস্তাৱিত ধনৰ পৰিমাণ সঠিকভাৱে মূল্যায়ন কৰিবলৈ পৰ্যাপ্ত তথ্য প্ৰদান কৰা নাছিল। ইয়াৰ ফলত পাৰস্পৰিক আলোচনাৰ ক্ষেত্ৰত গুগল আৰু প্ৰকাশকসকলৰ মাজত এক ভাৰসাম্যহীনতাৰ সৃষ্টি হৈছিল। প্ৰয়োজনীয় তথ্যৰ অভাৱত সংবাদ মাধ্যমসমূহে তেওঁলোকৰ বাতৰি বা সমলৰ প্ৰকৃত মূল্য অনুসৰি ন্যায্য ধন লাভ কৰিছে নে নাই, সেয়া নিৰ্ণয় কৰাটো কঠিন হৈ পৰিছিল। ইউঅ’কেআইকেৰ সভাপতি টমাছ ক্ৰষ্টনীয়ে স্পষ্ট কৰি দিয়ে যে বৃহৎ প্ৰযুক্তি কোম্পানীসমূহে প্ৰতিযোগিতাৰ নিয়ম মানি চলিব লাগিব আৰু নিজৰ আধিপত্য ব্যৱহাৰ কৰি কাৰো ওপৰত চৰ্ত জাপি দিব নোৱাৰিব। বৰ্তমান এই অভিযোগসমূহ পোলেণ্ডৰ প্ৰতিযোগিতা আইন উলংঘাৰ এক বহল তদন্তৰ অংশ হিচাপে গ্ৰহণ কৰা হৈছে।
এই সমগ্ৰ বিতৰ্কটো ২০২৪ চনত পোলেণ্ডৰ কপিৰাইট বা স্বত্বাধিকাৰ আইনত কৰা এক সংশোধনীৰ সৈতে জড়িত। ইউৰোপীয় ইউনিয়নৰ নিৰ্দেশনা অনুসৰি কৰা এই সংশোধনীয়ে অনলাইন প্লেটফৰ্মসমূহক পাৰিশ্ৰমিকৰ বিনিময়ত প্ৰকাশকৰ সমল ব্যৱহাৰ কৰাৰ অনুমতি দিছিল। এই নিয়মৰ জৰিয়তে প্ৰযুক্তি কোম্পানী আৰু সংবাদ মাধ্যমসমূহৰ মাজত সাংবাদিকতাৰ সমল ব্যৱহাৰৰ বাবে এক আনুষ্ঠানিক আলোচনাৰ পথ মুকলি হৈছিল। ৰয়টাৰ্ছৰ প্ৰতিবেদন অনুসৰি, এই আইনী প্ৰক্ৰিয়াত এলফাবেট, গুগল এলএলচি, গুগল আয়াৰলেণ্ড আৰু গুগল পোলেণ্ডৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।
ইউৰোপীয় আয়োগৰ সৈতে হোৱা এক চুক্তিৰ অধীনত ইউঅ’কেআইকে-এ স্বাধীনভাৱে এই তদন্ত চলাই আছে, য’ত প্ৰধানকৈ গুগল চাৰ্চ, গুগল নিউজ আৰু ডিস্কভাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই তদন্তত যদি গুগলে বজাৰৰ আধিপত্যৰ অপব্যৱহাৰ কৰাটো প্ৰমাণিত হয়, তেন্তে প্ৰযুক্তি কোম্পানীটোৱে এক বৃহৎ আৰ্থিক জৰিমনাৰ সন্মুখীন হ’ব পাৰে। সংস্থাটোৱে জানিবলৈ দিয়া মতে, এনে অপৰাধৰ বাবে কোম্পানীটোৰ মুঠ ব্যৱসায়িক লেনদেন বা টাৰ্ণঅভাৰৰ সৰ্বোচ্চ ১০ শতাংশ পৰ্যন্ত জৰিমনা বিহাৰ আইনী ব্যৱস্থা আছে।


