• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পলাতক পি কে দত্ত, দিবন ডেকাৰ SI পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ A to Z

পলাতক দত্ত, ডেকাৰ সন্ধান দিওঁতালৈ পুৰস্কাৰ ঘোষণা ডিজিপি ভাস্কৰ জ্যোতি মহন্তৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 28, 2020 7:28 pm
Assam Police SI exam paper leak: Nineteen persons arrested; bounty to catch ex-DIG, BJP leader
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আৰক্ষীৰ এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনা সন্দৰ্ভত ডিজিপি ভাস্কৰ জ্যোতি মহন্ত, ADGP জি পি সিং, CIDৰ IGP সুৰিন্দৰ সিং আৰু গুৱাহাটীৰ আৰক্ষী আয়ুক্ত মুন্নাপ্ৰসাদ গুপ্তাই কেইবাটাও বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে।

ভাস্কৰ জ্যোতি মহন্তই সংবাদমেলত কয় “এই ঘটনাৰ কিছুদিন পূৰ্বে প্ৰাঞ্জল বৰুৱা নামৰ এজন লোকৰ পৰা গম পালো যে যুগমায়া নামৰ মহিলা এগৰাকীয়ে কোনো ল’ৰাৰ পৰা ধন বিচৰাৰ কাৰবাৰ কৰি আছে। তেওঁ নলবাৰীৰ এজনৰ নামো দিছিল। লগে লগে অসম আৰক্ষীৰ আৰক্ষী অধীক্ষক সকলক সতৰ্ক কৰি দিছিলো আৰু কিছু সংখ্যকক গ্ৰেপ্তাৰো কৰা হয়। কাৰ্বি আংলং, লখিমপুৰ, নলবাৰী আৰু মহানগৰ আৰক্ষী আৰু CIDত একোটাকৈ গোচৰ ৰুজু কৰা হৈছে। গোটেইখিনি ইতিমধ্যে এক সু তদন্ত কৰি থকা হৈছে।”

Apply Now

ইতিমধ্যে, মহানগৰত আৰক্ষীৰ অপৰাধ শাখাই ৯ জনক গ্ৰেপ্তাৰ কৰিছে বুলি তেওঁ উল্লেখ কৰি লগতে কয় “নলবাৰী লখিমপুৰটো গ্ৰেপ্তাৰ হৈছে। সূক্ষ্মভাৱে সমগ্ৰ তদন্ত তদাৰক কৰি আছে জি. পি সিঙে।”

CIDৰ IGP সুৰিন্দৰ সিঙে সংবাদমেলত কয় “ইতিমধ্যে CID য়ে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে।” লোক কেইজন ক্ৰমে হীৰক জ্যোতি বৰুৱা, ঋতুৰাজ বৰা, ৰূপম ডেকা, জয়দ্বীপ বৰুৱা।

ইয়াৰোপৰি, যোৱা ২৩ আৰু ২৪ চেপ্টেম্বৰত পি কে দত্তৰ বাসগৃহত, লখৰাৰ হোটেল ভাৰ্গব, গুৱাহাটীৰ বেতকুছিত থকা হোটেল ভাৰ্গবত অভিযান চলাইছিল বুলি তেওঁ সংবাদমেলত জনায়।

ইপিনে, তিনিটা স্থানৰ পৰা অপত্তিজনক নথি পত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছিল CID।

লখৰাৰ হোটেল ভাৰ্গৱৰ পৰা এখন আধা জ্বলাই পেলোৱা বেনাৰ, বিভিন্ন পৰীক্ষাৰ্থীৰ পৰা ধন লোৱা ৫খন মানি ৰিচিপ, ৪৪৫ খন খালী নামভৰ্তি পত্ৰ আৰু ইংৰাজী অসমীয়া বিজ্ঞাপনৰ দ্ৰাফ্ট জব্দ কৰা হৈছে বুলি সিঙে জনায়।

তদুপৰি ভাৰ্গব গ্ৰেণ্ড হোটেলৰ মেনেজাৰৰ পৰা ৫ লাখ ৫০ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি সিঙে কয় “এই টকা ক’ৰ হয় এই সম্পৰ্কত তেওঁ স্পষ্টকৈ জনাব পৰা নাই সেয়েহে সন্দেহ হৈছিল।”

বহু পৰীক্ষাৰ্থী হোটেলত ১৯ চেপ্টেম্বৰৰ নিশা এটা ৰুমত দুজন দুজনকৈ আছিল আৰু ২০ চেপ্টেম্বৰৰ পুৱা ওলাই গৈছিল বুলি তেওঁ কয়।

তেওঁলোক ক’ৰ পৰা কেনেকৈ আহিল এই সম্পৰ্কত তদন্ত চলি আছে বুলি সিঙে জনায়।

পি কে দত্তৰ বাসগৃহৰ পৰা .৩২ পিষ্টল আৰু চাৰি ৰাউণ্ড গুলি জব্দ কৰা হৈছে বুলি তেওঁ জনায়। গ্ৰেপ্তাৰ হোৱা এজন পৰীক্ষাৰ্থীৰ এডমিট কাৰ্ডো পি কে দত্তৰ ঘৰত পোৱা গৈছে বুলি সিঙে উল্লেখ কৰে।

উক্ত সংবাদমেলত মুন্না প্ৰসাদ গুপ্তাই কয় “ইতিমধ্যে ৯ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। সেইকেইগৰাকী হ’ল যুগমায়া ব্ৰহ্ম, কুশল দাস, সঞ্জীৱ শৰ্মা, প্ৰাঞ্জল কুমাৰ শৰ্মা, অলকেশ বৈশ্য, প্ৰণৱ বৰা, বিমল থাপা, অশোক দাস আৰু ধ্ৰুৱজ্যোতি দাস।”

ইয়াৰে কেইগৰাকীমানক আৰক্ষীৰ জিম্মাত লোৱা হৈছে আৰু জেৰা চলাই থকা হৈছে বুলি গুপ্তাই কয়।

ইপিনে, সংবাদমেলত জি পি সিঙে কয় “এখন চাৰ্কুলাৰ দিয়া হৈছে যাতে পি কে দত্ত কোনো কাৰণতে সীমা অতিক্ৰম কৰি দেশৰ বাহিৰলৈ ওলাই যাব নোৱাৰে।”

পি কে দত্তৰ সম্পত্তিৰ বিষয়ে উল্লেখ কৰি জি পি সিঙে কয় “গুৱাহাটীৰ চাৰিখন ভাৰ্গব হোটেল, বৰাক উপত্যকাত ১৬০০ বিঘা মাটি, ডিব্ৰুগড়ত এটা বিল্ডিং নিৰ্মাণৰ কাম চলি আছে। পি কে দত্তৰ নামত মুম্বাইত দুটা ফ্লেট থকাৰ তথ্য লাভ কৰিছো।”

সিঙে জনোৱা অনুসৰি, এই গোটেই সম্পত্তি পি কে দত্তৰ চাকৰি কৰি থকা সময়ৰ সম্পত্তি। সেয়েহে এই সম্পত্তিৰ বিৰুদ্ধে তদন্ত হ’ব লাগিব বুলি তেওঁ উল্লেখ কৰে।

ইয়াৰোপৰি, ঠেংক ইউ লজৰ পৰা জব্দ কৰা লেপটপসমূহত SI লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত পোৱা গৈছে বুলি তেওঁ জনায়।

ইপিনে, পি কে দত্ত আৰু দিবন ডেকাক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে চেষ্টা চলাই আছে বুলি উল্লেখ কৰি সিঙে কয় “কিছুদিনৰ ভিতৰতে তেওঁলোকক পাবলৈ সক্ষম হ’ম বুলি আশা কৰিছো।”

ঠেংক ইউ লজত দিবন ডেকাই পৰীক্ষা অনুষ্ঠিত কৰিছিল বুলি উল্লেখ কৰে জি পি সিঙে। তেওঁক কৰায়ত্ত কৰিলেহে তেওঁ কেনেকৈ প্ৰশ্ন কাকত লাভ কৰিলে সেয়া পোহৰলৈ আহিব বুলি তেওঁ জনায়।

ইপিনে, CID কেছৰ এজাহাৰত দিবন ডেকাৰ নাম নাই বুলি উল্লেখ কৰি তেওঁ লগতে কয় “ঠেংক ইউ লজত অভিযান চলাই স্বত্বাধিকাৰীক জেৰা চলোৱাৰ পাছত দিবন ডেকাৰ নাম পোহৰলৈ আহিছিল। দিবন ডেকা CID মুখ্য কাৰ্যালয় আহিছিল যদিও সেই সময়ত তেওঁৰ বিৰুদ্ধে কোনো তথ্য প্ৰমাণ নাছিল বাবে গ্ৰেপ্তাৰ কৰিব পৰা নগ’ল।”

হীৰক জ্যোতি বৰুৱাক প্ৰথমে গ্ৰেপ্তাৰ হৈছে বুলি তেওঁ জানিবলৈ দিয়ে আৰু তেওঁৱেই প্ৰথম প্ৰশ্ন কাকত ফাদিল আৰু বিক্ৰীৰ ঘটনাৰে জড়িত হৈ পৰিছিল বুলি সিঙে কয়।

সংবাদমেলত আকৌ CIDৰ IGP সুৰিন্দৰ সিঙে কয় “পি কে দত্ত মালিকানাধীন লখৰাৰ হোটেল ভাৰ্গৱ গ্ৰেণ্ডত এচ আই নিযুক্তি পৰীক্ষাৰ গোপন প্ৰস্তুতি চলিছিল। কেইবাজনো প্ৰাৰ্থীক ১৯ ছেপ্টেম্বৰৰ নিশা এই হোটেলখন ৰখা হৈছিল। ২০ ছেপ্টেম্বৰৰ পুৱা এই হোটেল ভাৰ্গৱ গ্ৰেণ্ডৰ পৰাই পৰীক্ষা কেন্দ্ৰলৈ ওলাই গৈছিল সেই পৰীক্ষাৰ্থীকেইজন।”

“হোটেল ভাৰ্গৱ গ্ৰেণ্ডত পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিয়া হৈছিল। ১০ হাজাৰ টকাৰ বিনিময়ত দিয়া হৈছিল এই প্ৰশিক্ষণ।”

ইপিনে, উক্ত সংবাদমেলত পি কে দত্ত আৰু দিবন ডেকা নামৰ মূল পলৰীয়া দুজনৰ খবৰ দিওঁতাৰ বাবে পুৰস্কাৰো ঘোষণা কৰে ভাস্কৰজ্যোতি মহন্তই।

সমূহ ৰাইজক এই দুয়োজনক বিচাৰি উলিওৱাত সহায় কৰিবলৈ মহন্তই আহ্বান জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নাগপুৰৰ ছাত্ৰ, পৰীক্ষা কেন্দ্ৰ আবুধাবিত! ‘Re-NEET UG 2026’ৰ পূৰ্বে পুনৰ এনটিএৰ চৰম গাফিলতি

নাগপুৰৰ ছাত্ৰ, পৰীক্ষা কেন্দ্ৰ আবুধাবিত! ‘Re-NEET UG 2026’ৰ পূৰ্বে পুনৰ এনটিএৰ চৰম গাফিলতি

June 20, 2026 12:55 pm
ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

June 20, 2026 12:23 pm
মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

June 20, 2026 12:00 pm
লাডাখত নিষিদ্ধ হ’ল এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক : নিয়ম ভাঙিলে ভৰিব লাগিব বৃহৎ জৰিমনা

লাডাখত নিষিদ্ধ হ’ল এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক : নিয়ম ভাঙিলে ভৰিব লাগিব বৃহৎ জৰিমনা

June 20, 2026 11:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগপুৰৰ ছাত্ৰ, পৰীক্ষা কেন্দ্ৰ আবুধাবিত! ‘Re-NEET UG 2026’ৰ পূৰ্বে পুনৰ এনটিএৰ চৰম গাফিলতি

নাগপুৰৰ ছাত্ৰ, পৰীক্ষা কেন্দ্ৰ আবুধাবিত! ‘Re-NEET UG 2026’ৰ পূৰ্বে পুনৰ এনটিএৰ চৰম গাফিলতি

June 20, 2026 12:55 pm
ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

June 20, 2026 12:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd