কৃষক মুক্তিকে ধৰি ৰাজ্যৰ ৭০ টা জাতি-জনগোষ্ঠীয় সংগঠনৰ প্ৰচেষ্টাত কালি কৰা আত্মপ্ৰকাশ প্ৰগিতশীল আঞ্চলিকতাবাদী ৰাজনৈতিক দল ‘ৰাইজৰ দল’ৰ প্ৰতি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ বিপুল উছাহ দেখা পোৱা গৈছে।
নতুন দলটো আত্মপ্ৰকাশ কৰাৰ লগে লগে কালি দিনটোত টীয়কৰ লগতে ৰাজ্যখনৰ বিভিন্ন ঠাইত ৰাইজে সমদল উলিওৱা দৃশ্যমান হৈছিল।
ৰাইজৰ সেই উছাহ আজি টীয়কত পুনৰ দেখা পোৱা গ’ল।
নতুনকৈ অসমৰ ৰাজনীতিৰ পথাৰত খোজ পেলোৱা ৰাইজৰ দলৰ মুখ্য আহ্বায়ককে আদি কৰি ছয় আহ্বায়কে আজি টীয়কত উপস্থিত হয়।
আহ্বায়ক মণ্ডলী টীয়কৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ আস্থানত উপস্থিত হোৱাৰ লগে লগেই উষ্ম আদৰণি জনালে প্ৰায় দুই শতাধিক সমৰ্থকে।
উল্লেখযোগ্য যে ‘ৰাইজৰ দল’ৰ মুখ্য আহ্বায়ক মহেন্দ্ৰ দিহিঙ্গীয়াকে আদি কৰি আহ্বায়ক মনোজ গগৈ, প্ৰসুন ৰাজকোঁৱৰ, অংকুৰ শইকীয়া, পদ্মকান্ত দাস, দাদুল আলি, মনদ্বীপ মোহন উপস্থিত হৈ ৰাইজৰ উদ্দেশ্যে দলৰ নীতি আদৰ্শ তথা আগন্তুক দিনৰ কৰ্মৰাজিৰ ওপৰত মন্তব্য আগবঢ়ায়।
তেওঁলোকে লগতে ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক শক্তিসমূহক পৰাভূত কৰি অসমৰ তথা অসমীয়াৰ স্বাৰ্থত সকলোকে ওলাই আহি ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়।