• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অৱশেষত হাইঠা মাটিত পৰিল! : হাথৰাছৰ গণধৰ্ষণ কাণ্ডৰ তদন্ত চিবিআইক দিবলৈ বাধ্য হ’ল যোগী আদিত্যনাথে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 4, 2020 7:48 am
Ejacx5KU4AE05df
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত হাথৰাছৰ তৰুণীৰ গণ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব দেশৰ তদন্তকাৰী সংস্থা চিবিআইক অৰ্পণ কৰিবলৈ বাধ্য হ’ল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

উল্লেখ্য যে উত্তৰ প্ৰদেশৰ হাথৰাছ সংঘটিত এই দানৱীয় কাণ্ডটোক লৈ উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ চৰকাৰে লোৱা পদক্ষেপৰ বাবে সমগ্ৰ দেশজুৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে।

Apply Now

আনকি এই জঘন্য কাণ্ডটোৰ সংক্ৰান্তত যোগী চৰকাৰে ফেচিষ্ট আচৰণ কৰা বুলিও সমগ্ৰ দেশত প্ৰতিবাদৰ ঢৌ উঠিছে।

সমগ্ৰ দেশত উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ চৰকাৰৰ ভূমিকাক লৈ হোৱা তীব্ৰ প্ৰতিবাদৰ পিছত এই ঘটনাৰ তদন্ত ভাৰ চিবিআইক অৰ্পণ কৰিবলৈ বাধ্য হৈছে যোগী চৰকাৰ।

Chief Minister Yogi Adityanath orders Central Bureau of Investigation (CBI) probe into the #Hathras case: Chief Minister’s Office (CMO) (File pic) pic.twitter.com/VVvf2M6hRc

— ANI UP (@ANINewsUP) October 3, 2020

উল্লেখ্য যে, দুদিনমান পূৰ্বে উত্তৰ প্ৰদেশ আৰক্ষীৰ এডিজি প্ৰবীণ কুমাৰে সংবাদ মাধ্যমৰ আগত ফৰেনচিক বিজ্ঞান গৱেষণাগাৰত কৰা তৰুণী গৰাকীৰ শৰীৰৰ নমুনা পৰীক্ষাত তৰুণী গৰাকীক ধৰ্ষণ কৰা হোৱা নাছিল বুলি ৰিপ’ৰ্ট অহাৰ কথা জনাইছিল।

ইয়াৰ বিৰুদ্ধেও দেশজুৰি আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

“ফৰেনছিক বিজ্ঞান গৱেষণাগাৰৰ প্ৰতিবেদনত স্পষ্টকৈ কোৱা হৈছে যে মহিলাগৰাকীৰ পৰা সংগ্ৰহ কৰা নমুনাবোৰত পৰুষৰ বীৰ্য পোৱা নগ’ল… প্ৰতিবেদনত স্পষ্টকৈ কোৱা হৈছে যে মহিলাগৰাকীক ধৰ্ষণ কৰা হোৱা নাছিল।” উত্তৰ প্ৰদেশ আৰক্ষীৰ এডিজি প্ৰবীণ কুমাৰে সংবাদমেলত এইদৰে কৈছিল।

ইফালে কংগ্ৰেছ নেতা আৰু নেত্ৰী ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভদ্ৰাক হাথৰাছৰ নিৰ্যাতিতা পৰিয়ালটোক যোৱা বৃহস্পতিবাৰে সাক্ষাৎ কৰিবলৈ নিদি যোগী আদিত্যনাথৰ চৰকাৰৰ আৰক্ষীয়ে আটক কৰাৰ বাবে দেশজুৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে উত্তৰ প্ৰদেশ চৰকাৰ।

এই সমালোচনাৰ কোবত তিষ্টিব নোৱাৰি অৱশেষত শনিবাৰে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীসহ পাঁচগৰাকী কংগ্ৰেছৰ শীৰ্ষনেতাক হাথৰাছৰ নিৰ্যাতিতা পৰিয়ালটোক সাক্ষাতৰ অনুমতি দিবলৈ বাধ্য হয় যোগী চৰকাৰ।

যোগী চৰকাৰৰ আৰক্ষীয়ে সংবাদ মাধ্যমৰ লোককো নিৰ্যাতিতা পৰিয়ালটোক সাক্ষাতৰ অনমুতি দিয়া নাছিল। আনকি বিশাল আৰক্ষী বাহিনী মোতায়েন কৰি নিৰ্যাতিতা পৰিয়ালটোক সংবাদ মাধ্যমক সাক্ষাৎ কৰিবলৈ নিদি গৃহ বন্দী কৰি ৰাখিছিল যোগী চৰকাৰে।

কিন্তু ৰাষ্ট্ৰীয় স্তৰত ইয়াৰ বিৰুদ্ধে তীব্ৰ জনমত সৃষ্টি হোৱাত যোগী চৰকাৰে শনিবাৰে সংবাদ মাধ্যমৰ লোকক নিৰ্যাতিতা পৰিয়ালটোক সাক্ষাতৰ অনুমতি দিবলৈ বাধ্য হয়।

উল্লেখ্য যে, যোৱা ১৪ ছেপ্টেম্বৰত উত্তৰ প্ৰদেশ হাথৰাছ জিলাৰ এগৰাকী দলিত তৰুণীক হিন্দু সম্প্ৰদায়ৰ উচ্চ বৰ্ণৰ চাৰি যুৱকে দলৱদ্ধভাৱে ধৰ্ষণ কৰি জিভা কাটি দিয়াৰ লগতে প্ৰহাৰ কৰি ৰাজহাড় ভাঙি দিছিল।

ইয়াৰ পিছতে যোৱা মংগলবাৰে পুৱা নিৰ্যাতিতা তৰুণী গৰাকী দিল্লীৰ চফদৰজং হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে।

কিন্তু মৃত যুৱতীগৰাকীৰ শৱদেহটো পৰিয়ালৰ লোকক অৰ্পণ নকৰি উত্তৰ প্ৰদেশ আৰক্ষীয়ে অমানৱীয়তাৰ পৰিচয় দি শেষকৃত্য কৰা বুলি অভিযোগ উত্থাপন হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 2, 2026 6:55 pm
ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

July 2, 2026 5:58 pm
নিশা নামেৰে মেচেঞ্জাৰত চ্যাট, মহিলাৰ ৰূপত লিভ ইন; ৰাজকোটৰ এই হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

নিশা নামেৰে মেচেঞ্জাৰত চ্যাট, মহিলাৰ ৰূপত লিভ ইন; ৰাজকোটৰ এই হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

July 2, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 2, 2026 6:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd