ৰাজ্যজুৰি জোকাৰণিৰ সৃষ্টি কৰা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তিৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কেলেংকাৰিত জৰিত থকাৰ অভিযোগত আজি পানীগাওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ১৩ অসম বেটেলিয়নৰ জোৱান এজনক।
ধৃত জোৱান জনৰ নাম অতুল নাথ। গুৱাহাটীৰ উলুবাৰীত যান-বাহন নিয়ন্ত্ৰণৰ কামত নিয়োজিত জোৱান জনে কিছুদিন পূৰ্বে উত্তৰ লখিমপুৰৰ পানীগাওঁত থকা ঘৰলৈ গৈছিল।
আৰক্ষীৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ সৈতে উক্ত জোৱান জনো জৰিত থকাৰ সন্দেহতে জোৱান জনক গ্ৰেপ্তাৰ কৰা হৈছে।
যোৱা ১২ ছেপ্তেম্বৰত লখিমপুৰত আৰক্ষীয়ে এটা ফোন কলৰ আঁত ধৰি মনোজ তামুলী আৰু আজাদ নামৰ লোক দুজনক গ্ৰেপ্তাৰ কৰিছিল।
মনোজ তামুলীয়ে এছ আই পৰীক্ষাৰ বাবে লোক জেনৰ পৰা ধন বিচৰাৰ কথা প্ৰমাণ হৈছিল।
আজি পানীগাওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অসম আৰক্ষী বেটেলিয়নৰ জোৱান জনেও ধনৰ লেন-দেনত জৰিত থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে।
অৱশ্যে সকলো কথা তদন্তৰ অন্ততহে স্পষ্ট হ’ব বুলি ধাৰণা কৰা হৈছে।
অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তিৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কেলেংকাৰি সন্দৰ্ভত আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা এতিয়ালৈকে বহু লোকক গ্ৰেপ্তাৰ কৰিছে।